কবিতা

তাই --- আব্দুল কুদ্দুচ

নল সাগৰিৰ বুকুৰে বগুৱা বাই সুখ

তাই নৈ ঘাটলৈ যায়

নল সাগৰি কপাই

বুকুত মেঠনি

ককাঁলতবকৰধনি

ওঁঠত লৈ যায় এটি মৌ বৰষা হাঁহি

তাইৰ মৃতসঞ্জীৱনী ৰূপত

উচাট মাৰি সাৰ পাই

তাহানিৰ মূৰ্ছিত সপোন

কিযে ৰূপৱতী পট্টমহিষী তাই...

সীমাৰেখা --- ৰাজীৱ কায়স্থ

এইফালে এডাল সীমাৰেখা আছে দৃশ্যপটৰ দলিচাত অদৃশ্য হৈ,

এইফালে এডাল সীমাৰেখা আছে বৈসাদৃশৰ মাজতো অৰ্থৱহ হৈ ।

সীমাৰেখা ডালৰ
পূৱ প্ৰান্তৰ ব্যায়বহুল পথটোত বৰ বৰ অট্টালিকাৰ গপছ আৰু
খিলখিল হাঁহি ।।

তাত অভাৱৰ চকুহালত নাৰণিৰ পথাৰৰ দৰে অশুৱনিৰ লেখমানো চিন নেথাকে,

থাকে বেহুচ মদিৰাৰে মাতাল ।

সীমাৰেখাৰ
পশ্চিমি প্ৰান্তত
বিধৱা আকাশখনত দুলি থাকে দুখ

মেঘেৰে সৰি পৰে বতাহৰ বঙহ খোৱা এডোঙা তেজ তৰলীকৃত ঘড়ীৰ ৰাজহাড় ।

পূৱৰ জাঠি বুকুত বিন্ধাই জহি খহি ধলি পৰে ৰক্তিম বেলি পশ্চিমত ।

বিচ্ছেদৰ প্ৰথম নিশা --- পল্লৱ কুমাৰ নাথ

সিদিনা আকাশৰ তৰাবোৰ

বেদনা হৈ সৰি পৰিছিল

মোৰ প্ৰজাটিত,

স্বপ্নবিভূৰ দুচকুৰ পতা

ক্ৰমশঃ আবস হৈ আহিছিল !

কেতিয়াওঁ আঁকিব বিচৰা নাছিলো মই

বিচ্ছেদিত যন্ত্ৰণাৰ প্ৰতিচ্ছবি !

মই এতিয়াওঁ দৃঢ়তাৰে কব পাৰোঁ

তোৰ হৃদয়ৰ সুগভীৰ গৰ্ভত

আজিওঁ গৰ্ভস্থ মোৰ প্ৰগলভ প্ৰেমৰ কবিতা ।

মায়া --- আব্দুল কুদ্দুচ

কেতিয়াবা জীৱিকাৰ দুখে বুকুত আঁচোৰে

দুপৰ নিশাওঁ মোৰ টোপনি নাহে।

এলান্ধুকলীয়া কিছুমান সপোনৰ আমনিত

সাৰ পাই উঠি বহো,

আঘোনৰ কুৱলীয়ে উৰুখা চাল ভেদি শেতেলী তিয়াই...

মায়াপূৰ্ণ এই জীৱন । মায়াৰ কোনো পৰিমিতি নাই ।

দুখে মৰিয়াই মোৰ দুপৰনিশাৰ

টোপনিক ।

দুখ --- জগদীশ কলিতা

তাই জোনাকী ৰাতিৰ নিশব্দতাত চলাথ কৰিছে

আজি হঠাত অচিনাকী হোৱা এটা হাঁহি ৷

নাই সি যে বাট নাচালে

সাতমহীয়া হৈ লহপহকৈ বাঢি অহা

তাইৰ পেটৰ কলিটিৰ মূখখন ৷

বুকুৰ সপোন উজান নদীখন শুকান কৰি

এখিলা পাঁত হৈ খহি পৰিল সকলো

তৰাবোৰে তাইলৈ চাই কিজানি উচুপিচে,

নিয়ৰ সৰিছে কপাঁ কপাঁ দুহাতত ৷

শীতৰ পুৱা --- আব্দুল কুদ্দুচ

উপজি পুৱাই পূব প্ৰান্তৰৰ কপালত

তেলতেলীয়া সুৰুয ।

এন্ধাৰবোৰক ফাঁচি দি

দিনটোৰ বাবে পোহৰ মেলি দিয়ে-গাওঁ,নগৰ সকলোতে ।

যেন শইচ কল্যানৰ উপঢৌকন ।

ক্ৰমশ:শীতত পচা পৃথিৱীৰ ঘাডোখৰ পশম হয় ।

এটি শীতৰ উম ভৰা পুৱা!

শস্য-গৰ্ভা সৌন্দৰ্য --- আব্দুল কুদ্দুচ

ধানৰ অফুৰন্ত গোন্ধে হৰিলে
জগতবাসীৰ কলিজা
পকাধানৰ গোন্ধ মোৰ গোপনীয় বন্ধু ।

...জীৱনৰ বিলোপন হেৰাই
পুনৰাই লহ পহকৈ বাঢ়ে সুখ
হাঁহি হাঁহি শইচৰ পথাৰত
বিপুল শস্য-গৰ্ভা সৌন্দৰ্য ।

ধান তোমাৰ প্ৰতিটো গান
মোৰ জীৱনৰ এখলপ
আস্! সেই খলপত খোজ দি
ওঁঠত মোৰ সুখৰ
বীজয়োল্লাস ।

প্ৰিয়া --- বিপুল চন্দ্ৰ আৰ্য্য

অর্থভৰা হাঁহি তাইৰ

প্রতিখোজতে প্রৰণা দিয়ে ।

অজশ্র মৰমেৰে জীৱন পথত,

আগুবাই লৈ আহে ।

সন্ধিয়াৰ ৰঙা বেলিৰ দৰে

অত্যন্ত ধীৰ, গুনি, শুৱনি ।

জোনাকৰ দৰে বুজনি,

নীলাকাশ চকুজুৰি, অমিয়া মাত,

বসন্তৰ কুঁহিপাতৰ দৰে,

অতি মোহিনী ।

মলয়া বতাহেও চুলিকোচা উৰুৱায়,

যাব খুজিয়ো ভৰি পিছুৱায় ।

যেন স্বৰগৰ দেবী তাই, মই দেবতা,

ভাগ্যৰ বলতে পালোযেন বিধাতা ।

জনম জনম যেন তাকেই পাওঁ,

কাহানিয়ো যেন মই তাইক নকন্দাও ।

পুষ্পবৃষ্টি তাইৰ পৰস

মুকুতাৰ শুভ্রমালা শ্যামল পাটীত,

সংগীতৰ হিল্লোলত প্রেমৰ আধাৰ ।

বিশ্বাস --- দাদুল ভূঞা

তোমাৰ আলফুলীয়া হাতৰ পৰশ পালে ,
মোৰ বুকুত ফুলি উঠে কৃষ্ণচূড়া ফুল ।
আঘোণ আহিলে পিতাইৰ বুকুত,
হেঁপাহবোৰে ;
দেওধনী দি নাচে,
আইৰ বুকুত সোন গুটি যেন ধানে
হালধীয়া সপোন হৈ পোখা মেলে।
আই, পিতাইৰ দৰেই তুমিও
মোৰ কঙাল হৃদয়ত
দি যোৱা এমুঠি সেউজীয়া সপোন ।
তুমি আহিলে মোৰ ওদং বুকুত
জোনাকে নাচি উঠে
সপোনৰ ৰিমজিম বৰষুণ সৰে ।
কলীয়া কৃষ্ণৰ দৰে,
বাঁহী বজায় ,বজায়
হিমসৰা ৰাতি এটা উদযাপন
কৰো তোমাৰ সৈতে ।
তোমাৰ স্নিগ্ধ সুবাসত
পেখমধৰী নাছে মন ময়ূৰে,
আশাৰ এমুঠি জোনাক তৰাফুল হৈ সৰে ।

গতানুগতিক --- কিশোৰ বড়ো

যাওঁ বুলিওঁ যাব নোৱাৰি

এটা বৃত্তৰ পৰিধি ভাঙি

একেটা কক্ষপথতে

ঘূৰি ঘূৰি জীৱন চকৰি

সকলোৱে অভিনয় কৰে গ্রহ নাইবা নক্ষত্ৰৰ

তাতেই বা কিমানৰ লালসাৰ

পাহাৰ সজাৰ বাসনা

বুকুত দ’খায় অলীক কল্পনা

ককা-আজোককা,মা-দেউতা

সকলোৱে ঘূৰে একেটা বৃত্তত

অনাগত প্রজন্মও………………।

কেনেদৰে ক’লে --- কিশোৰ বড়ো

আত্মস্বাৰ্থৰ জালত সোমাব নোৱাৰো বাবেই

তোমাৰ বুকুত থওঁ মোৰ অসহায়ি বুকু

অথচ বৰ স্বাৰ্থপৰৰ দৰেইটো

বিগত-অনাগতৰ স্মৃতিৰে চিঙি পেলাওঁ

মোৰ নিসংগতা

মাটিৰ স’তে মিলিব নোৱাৰ নিৰন্তৰ বেদনাত

আকাশে চকুলো টোকে

আৰু মৰানদীখনৰো মৰহি যায় বুকুত

সাগৰৰে মিলিব বিছৰা কেচাঁ হেপাহ এটা

মই নাজানো

কেনেদৰে ক’লে বাৰু কোৱা হৈ যাব

মোৰ ক’ব লগা কথাৰ উদ্দেশ্য……..

নিঠৰুৱা --- কিশোৰ বড়ো

অৰণ্যখনৰ আছে সেউজীয়া হৃদয়

প্রত্যেক গছৰ অভ্যন্তৰতো

সেই পাইন গছ ডালৰো………..

মলয়া বতাহে পাইন গছ ডালৰ মন বিচলিত কৰিছিল

জোনটোৱে বিলাইছিল নিষ্প্রভ একাঁজলি পোহৰ

সি পোহৰ পাই হাঁহিছিল

এন্ধাৰে জয়াল কৰা বাটছোৱা

জোনটোৰ পোহৰত মায়াৰ সৃষ্টি হৈছিল

অভিলাষৰ ডালবোৰ

আশাৰ পাতবোৰ

সেউজীয়াৰ পৰা গাঢ় সেউজীয়া হৈছিল

সি ভাবিছিল জোনটোৱে এদিন সেউজীয়া গছ হ’ব

আৰু পাইন পাইন গছ ডালৰ লগতে থাকিব

পলে পলে ওৰে দিন ওৰে ৰাতি

নামি আহিল পাইন গছ ডালত

আঁউসীৰ আন্ধাৰ

ডাল পাতৰ সেউজীয়া নাই এতিয়া

সি লঠঙা হৈ

আঘোণী ঐ তই আকৌ আহিলি --- দাদুল ভূঞা

আঘণী ঐ তই আকৌ আহিলি
পথাৰৰ হালধীয়া হাঁহি এজাক হৈ।
কাতিৰ কঙালি পোচাকযোৰ খুলি,
বানে কঙাল কৰা পিতাইৰ বুকুত জোনাক
এমুঠি বিলাই।
আঘোণী ঐ ,
এইবেলি দুখবোৰ আতৰাই
সুখ এমুঠি দি যাবি।
মূল্যবৃদ্ধিয়ে দেউলীয়া কৰা কৃষক
পিতাইক,
এইবাৰ যেন দি যাবিহি
সুখৰ ঠিকনা!
কপালৰ ঘাম মাটিত পেলাই কৰা
খেতিৰ উচিত মূল্য।
নহ'লে কিদৰে জীয়াই থাকিব ক' কৃষক
পিতাই,
তেওঁৰটো সপোন আছে
আকাংক্ষা আছে জীয়াই থকাৰ ।
পিতাই গাঁৱলীয়া হোজা মানুহ
তেওঁক নালাগে চহৰৰ লাহ
বিলাসী জীৱন,
নালাগে কোটীটকীয়া অট্টালিকা

প্ৰত্যাশা --- ৰাজীৱ কায়স্থ

বহু দিনেই হ'ল দিনবোৰৰ
কথা মনত নেপেলোৱা;
_
পাহৰণিৰ
শেলুৱৈত
দিনবোৰ বিমূৰ্ত
_
ক্ষণে ক্ষণে
ডাৱৰৰ এন্ধাৰ
ডাৱৰৰ এন্ধাৰ
_
পুৰণি কাপোৰৰ উৱলা সূতাৰ
দৰেই
দিনবোৰো
উৱলি গ'ল ।
_
স্বপ্নৰ ক্ৰীড়া
হেপাহৰ বৃষ্টি
য'ত;
এৰাবাটৰ পংগু পদাৰ্থ ।
_
প্ৰত্যাশাৰ পদাংক দেখি
বিভোৰিত
জীৱন
_
দুটি পাহৰৰ হুমুনিয়াত
শ্ৰান্ত নৈ
থাউনি হেৰুৱাই
স্তৱ্ধ মোহনাত
_
ক্লীষ্ট বেলিৰ বেদনাত
লেধাই শামুক
_
ৰশ্মিৰ
আত্মগোপন ।
_

জননী --- ৰাজীৱ কায়স্থ

সম্প্ৰতি মাটিৰ
সুগন্ধি গুচি গৈছে
_
গুচি গৈছে
বুঢ়া দেউতাৰ
লগতে....
_
ক'তেইবা উৰিব পখিলা
অসুগন্ধিৰ
মৃতফুলৰ
বাগিচাত
_
নুৰে.....
নুৰে... আৰু
কাহানিও
_
উদয় নহয় সেইদিনৰ
উদাৰ বেলি
_
আকাশেও মেলি নিদিয়া হ'ল
তৰালি আঁচল ।
_
মৰাজোনৰ শিল উপচি লুইত,
বনজুইত পাৰাপাৰ
_
জননীৰ
প্ৰান্তে প্ৰান্তে
শোকৰ সংগীত ।
_
অশান্ত সিন্ধুৰ ধুমুহাৰ ইংগিতত
_
জঁকাবিহীন
ভৱিষ্যৎ সভ্যতাৰ অশ্লীল তাণ্ডৱ ।
_

Romantic Assamese Poems - তুমি নদী হ'ব নোৱাৰা , নোৱাৰোঁ মই সাগৰ হ'ব --- ৰঞ্জন ভূঞা

মই আছোঁ বাবেই
তোমাৰ ওঁঠত জিলিকি থাকে নেকি হাঁহি
তুমি অভিমানী হোৱা নেকি
সপোন দেখা নেকি
বাৰে বাৰে আঁতৰি গৈ য়ো
কিয় তোমাৰ শেষ ঠিকনা মোৰ কঙাল হৃদয় ৷
তুমিতো জানাই মন গ'লেই
অদৃশ্য হ'ব পাৰিম
আঁতৰি যাব পাৰিম
তোমাৰ হুমুনিয়াহে ঢুকিনোপোৱা দূৰলৈ ৷

তুমি নদী হ'ব নোৱাৰা
নোৱাৰোঁ মই সাগৰ হ'ব
শুকান পথাৰত মোৰ জন্ম তাতেই মৃত্যু
কিয় ইমান প্ৰেম
কিয় ইমান বিশ্বাস তথাপিও ৷

গছ আৰু জীৱন --- ৰাজীৱ কায়স্থ

গছবোৰে বুজে জীৱনৰ
বাৰংবাৰতা,
মাটিয়ে মাটিয়ে শিপাই
থকা অৰ্থ
_

জীৱনৰ উশাহত পৰাণ স্পন্দন গছবোৰ
_

আবাহমান কালৰে পৰা জীৱনৰ
অভাব পূৰ কৰিছে
_

উশাঁহ দিছে
ছাঁ দিছে
আৰু সেউজৰ দৃশ্যমান সুকুমাৰ ।
_

জীৱনৰ প্ৰান্তে প্ৰান্তে সভ্যতাৰ গঢ়া ভঙা দেখিছে গছবোৰে
_

দেখিছে জীৱনৰ চৰম
স্খলন আৰণ্যিক দিনৰ জীৱাশ্ম ।
_

এতিয়া কংক্ৰিয়াচ সভ্যতাৰ
চহৰবোৰ ধাতুৰ; ঘৰবোৰ শিলৰ ।
_

এতিয়া পদুলিৰ বাটৰ গছবোৰৰ পাতত ধুলিয়ে
বাহৰ পাতে
_

লাষ্ট ষ্ট'পেজ --- ৰাজীৱ কায়স্থ

ৰাতিপুৱাৰ
ৰক্তিম ৰবি
শুই আছে
দুস্বপ্নৰ মেঘৰ
মাজত

জোনৰ মুখাৱয়ত অশ্লীল কাজলৰৰ কৃষ্ণাংগ অন্ধিকাৰ প্ৰলেপ ।

উকি মাৰি জীৱন ওলাই গ'ল
ঘৰৰ পৰা
বাটত কলা
মেকুৰীৰ ক্ৰন্দুন

এডাল মৰা সাপ আৰু নষ্ট মূলৰ প্ৰতিকূল প্ৰবাল বতাহ ।

পিয়াহে বিচাৰে ৰক্তৰ পিয়লা
ভোকে বিচাৰে গৰীবৰ পুষ্টিহীন মঙহ ।

কোনোৱে প্ৰতিবাদ কৰিছে ইফালে কোনেৱে হত্যা কৰিছে সিফালে ।

কেওকাষ কোৰ্হালময়;
ভস্মভূত সময়ৰ ফুটছাই ।

মাটিত জাৰজৰ
বীজ ।

ধৰ্ষিতাবোৰ মৰুভূমিৰ মৰিচীকাত
আঠুত মুখ গুজি
বহি আছে ।

আৰ্তনাদ --- কৰবী ফুকন নাথ

মোৰ বুকুত হাত থলে

গম পাবা

জীৱনক লৈ কৰা যুজঁৰ

ধৰ্ষিতা নাৰীৰ আৰ্তনাদ ৷

সেই যুজঁত বহু নাৰীৰ প্ৰাণ দিলে

পংগু হল

হৃদয় ভাঙিল

পতাৰিত হল ৷

তোমাৰ চকুযোৰেদি বৈ আহিছে

বেদনাৰ নৈ

অনুভুতি হল মোৰ

তুমি কান্দিছা ৷

কিন্তু

তোমাৰ এই অশ্ৰুৰ মূল্য নাই

হে ধৰ্ষিতা, লাঞ্চিতা নাৰী

তুমি আগবাঢ়ি আহা

জীৱন সংগ্ৰামত

যুঁজ দিবলৈ

কাৰণ তুমি নাৰী

নাৰী মানে মাতৃ

তোমাৰ গৰ্ভতে

উদয় হয়

আন্ধাৰ আতৰোৱা বেলি ৷৷৷

ভীষণ ভোক লাগিছে মোৰ --- ৰঞ্জন ভূঞা

ভীষণ ভোক লাগিছে মোৰ
হয়তো আজি হত্যা কৰিব পাৰোঁ
অহিংসা অহিংসা গোন্ধাই থকা শব্দবোৰ
হয়তো আজি হত্যা কৰিব পাৰোঁ
শান্তি , প্ৰেম ইত্যাদি ইত্যাদি শব্দবোৰ ৷

বগা কামিজ পিন্ধা পেটুৱামানুহ বোৰ
হয়তো আজি নিথৰ হৈ পৰিব পাৰে
খহি পৰিব পাৰে ৰাজসিংহাসন
খহি পৰিব পাৰে সুবিশাল মহল ৷

হয়তো নাথাকিবও পাৰে
দিনৰ আকাশত সূৰ্য্য ৰাতিৰ চন্দ্ৰ
গো-গ্ৰাসে গিলিবও পাৰোঁ সিঁহতক
অগ্নি শিখাত খোজ দি
পাৰ হ’বও পাৰোঁ উচ্চ শিখৰ
পিয়াহত পাণ কৰিব পাৰোঁ মহাসাগৰ ৷

দুখৰ দিনত --- ৰঞ্জন ভূঞা

মোৰ দুখৰ দিনত সুখৰ বৰষুণে চুবুৰি তিয়াই

পদুলিয়ে পদুলিয়ে সমাবেশৰ আয়োজন

জপনা খুলি ৰাখোঁ আগমনৰ আশাত

চিনাকি-অচিনাকি বতাহৰ

তথাপিও চোঁতালত গজি থাকে বনৰীয়া বন ৷

পুৱাতেই উঠি জপনা খুলিলেই চিনাকি

পদুলিয়ে পদুলিয়ে ওলমি থাকে অচিনাকি হাঁহি

জপনা জপাই আত্মগোপন ৰ আখৰা

কেতিয়াবা নিজৰ পাৰা কেতিয়াবা আনৰ পৰা ৷

স্বীকাৰোক্তি --- ৰঞ্জন ভূঞা

মন গ'লেই প্ৰেমত পৰিব পাৰোঁ যাৰে তাৰে
চহৰৰ আধুনিক নাৰী নতুবা জাকৈ মৰা ছোৱালীৰ
ৰোৱনী, দাৱনী, নাৱৰীয়াৰ জীয়াৰী, পাহাৰী ৰমণীৰ
নতুবা কোনো বেশ্যাৰ প্ৰেমত পৰিব পাৰোঁ মন গ'লেই ৷

আজন্ম মুক্ত বিহঙ্গ মই,
বাধা দি ৰাখিব নোৱাৰে তেওঁৰ দুচকুৰ অবুজ ভাষাই
আকুল আহ্বান নেওচি গুছি যাব পাৰোঁ
অচিন প্ৰেয়সীৰ মৰমত ওমলিব ৷

তেওঁৰ চকুত নাথাকে মোৰ সুখ
তেওঁৰ ওঁঠত নাথাকে মোৰ ভোক
তেওঁ অপেক্ষা মাথোঁ যুগান্তৰৰ
তেওঁ তপস্যা মাথোঁ জীৱনৰ ৷
যদিও কথা আছিল আজীৱন সংগী হোৱাৰ
মন গ'লেই গুছি যাব পাৰোঁশান্তি বিচাৰি
পাহাৰ ভৈয়াম নেওচি অচিন দেশলৈ ৷

জীৱনৰ পৰিক্ৰমা --- ৰঞ্জন ভূঞা

মই জানো , তুমি মোৰ মাতত

আৰু চঞ্চল নোহোৱা

অনৰ্গল , ভাৱ লেশ কথাবোৰ তোমাৰ বাবে

আমনিদায়ক মাত্ৰ

মই জানো , মোৰ অভিমান তোমাৰ বাবে

আৰু উজাগৰি নিশাৰ দুস্বপ্ন নহয় ৷

সকলো কে দি যায় জীৱনে

অলপ যদি সুখ অলপ দুখ

তোমাৰ মোৰ সকলোৰে বাবে

একেই পৰিক্ৰমা জীৱনৰ ৷

বিশ্বাস কৰা

দুচকুত চকুলো থকালৈকে হে জিয়াই থাকিবা

মৃত্যুৰ দিনাও তুমি কান্দিবা

জিয়াই থকাৰ হেঁপাহত৷

বিশ্বাস কৰা

দুচকুত চকুলো থকালৈকে হে তুমি সুখী

চকুলো শেষ হলেই ভীষণ অসুখী ৷

যদি মই প্ৰশ্ন ক‌ৰো….??

যদি মই প্ৰশ্ন কৰো..??

তুমি কোন..?

পাৰিবানে দিব তুমি..,

সঠিক পৰিচয়…??

তোমাৰ নিষ্ঠুৰ হৃদয়্ত লুকাই থকা,

সেই হিংস্ৰ ‌পশু‌‌টোক দলিয়াই….

এখনি কোমল হৃদয়ৰ গৰা‌কী হʼবলই…?

ক্ষন্তেকীয়া জীৱ্ন…!!

আজি আছে কালি নাই…!

তথাপিও কিয় খেলা তোমালোকে….

তেজেৰে ফাঁকু….?

বন্দুকৰ সৈতে…,

লুকা-ভাকু…??

“৩০ অক্টোবৰ”ৰ সেই কʼলা দিনটো…!!

ভাবিলে আজিও বুকু উঠে কঁপি…!

শ-শ পৰিয়ালৰ জীৱ্নলৈ…,

অন্ধকাৰ নমাই আনি….

তুমি নিজকে কি বুলি

প্ৰমাণিত কৰিব বিচাৰিলা…?

এজন দেশ-প্ৰেমিক, এজন বিদ্ৰোহী, নে

অনুভৱ --- জিণ্টু্ হালৈ

জীৱনৰ প্ৰতিটো পল-অনুপল

তোমাৰ নামতেই উচৰ্গিত

বুকুত নিৰৱে কিৰিলিয়াই উঠে

সপোন জাকে

যদিও নাজানো তোমাৰ অনুভৱ কি ?????

তথাপিও......

হৃদয়ৰ দলিচাত আলফুলে

সাঁচি ৰখা মৰমবোৰ

নিগৰি ৰয় কেৱল তোমাৰ বাবে

কি ভুল আছিল মোৰ

কিয় কঢ়িয়াব লগা হ'ল যন্ত্ৰনা

মৰম, ভালপোৱা, সময়

একোৰেতো আভাৱ নাছিল

তথাপিও

আচলতে মই বুজি নাপালো তোমাক

কি বিচাৰিছিলা মোৰ পৰা...

আধুনিকতা --- জিণ্টু হালৈ

আধুনিকতাৰ বতাহ লাগি

উৰুৱাই নিলে তোমাৰ লাজৰ চাদৰ ।

এতিয়া প্ৰেম প্ৰেম খেলিবলৈ নিলাজ তুমি ।

আধুনিকতাৰ বতাহ

সঁচাই মানুহ কিমান সলনি হব পাৰে , শিকাই দিলা ।

গুৰু দক্ষীনা ৰূপে মই নো কি দিম ,

সকলো কাঢ়িয়ে নিলা

নিজ ইচ্ছাৰে দিবলৈ প্ৰানটোহে আছে

চাবা এইজাক বতাহ ফাগুনৰ মলয়া

নহয় চ'তৰ বৰদৈচিলাহে

উৰুৱাই লৈ যাব সকলো তোমাৰ.............

প্ৰেৰনা --- বিপুল চন্দ্ৰ আৰ্য্য

মোৰ সহাগৰা অন্তৰত

মাথো তোমাৰেই প্ৰতিচ্ছবি,

তোমাৰেই প্ৰেৰনাতেই

আজি মই চচ্ছল ।

এলেহুৱা এৰি কর্মী হ’লো,

সত্‍ সংগৰে সমাজক জিনিলো ।

আজি মই চচ্ছল, সুবল

সকলোৰে অতি আদৰৰ,

মাথো তোমাৰ বাবেই ।

তুমিয়েই মোৰ দিগ-দিগন্তৰ, পথ প্রদর্শক, জীৱন লগৰী ।

মোৰ এটাই আশা,

সকলোৱেই যেন তোমাৰ দৰেই সু বিচাৰৰ হয় ।

কবিতাবোৰ হেনো অদৰকাৰী শব্দৰ দ’ম --- হেমেন নাথ নিয়ৰ

আকাশৰ সমান হেপাঁহেৰে

তোমালে আছো ৰৈ

মৰমবোৰ যেন মৰম নহয়

জীয়া সপোন ৷

জীৱনৰ কঠিন শিলত কটা

এক জীয়া বাস্তৱ ৷

আবেলিৰ বিসন্ন আকাশৰ দৰে

বিসন্ন মোৰ মন ৷

তোমাৰ স্মৃতিবোৰে নিতৌ খহাই

বুকুৰ চপৰা ৷

মনত আছে ৰঙীন আবেলি এটা ৷

হাতত-হাত ধৰি তুমি যে কৈছিলা –

“জানা, মই কবিতা খুব ভালপাওঁ ৷”

আৰু মই তোমাৰ বাবেই

বহুতো উজাগৰি নিশা পাৰ কৰি

লিখিলো কবিতা ৷

কেৱল তোমাৰ বাবেই ৷

আৰু এদিন,

অবতৰৰ বৰষুণ জাকৰ দৰে

হঠাৎ তুমি আহি ক’লা –

“মই আজি-কালি কবিতা ভাল নেপাওঁ ৷”

দুখ --- কিশোৰ বড়ো

জাহাজে কান্দে কেতিয়াবা

মাটিত খোজ কাঢ়িব নোৱাৰাৰ বেদনাত

দুৱৰি বনৰো দুখ থাকি যায় বুকুত

আকাশ চুব নোৱাৰি

সাগৰে চকুলোৰে ওফন্দি উঠে

অৰণ্যৰ দৰে গছ-গছনি,জীৱ-জন্তু

বুকুত আলফুলে সাবতিব নোৱাৰি

সজাত বন্দিৰ তাৰণাত উচুপে

মুক্ত বিহংগিনী চৰাই

একুৱাৰিয়ামৰ ৰঙীন মাছবোৰো দুখত থাকে

মুক্তপানীৰ আকাশত উৰিব নোৱাৰি

সৰি যোৱা লেছেৰিবোৰে কয় বুকু ঢকিয়াই

কৃষক ককাই কৃষক ককাই

মোকো লৈ যাওঁক কঢ়িয়াই

নহ’লে যে মোৰ জীৱণ আধৰুৱা

হেতাৰ স্পৰ্শ নাপাই…………………………।

প্ৰেমিক --- মৃদু জোনাক পয়োভৰ

সৌ সিদিনা চিনাকি হৈছিলো তোমাৰ সতে,

এদিন দুদিনকৈ চাৰিটা বসন্ত গৰকিলে আমাৰ সমন্ধই

সজীৱ হবলৈ শিকিছিল মোৰ দুহাতৰ ডেউকা,

সেয়ে চাগৈ আকাশৰ নিলিমাত সপোন ৰচিছিলো

তোমাৰ অন্তিম প্ৰেমিক হব বিচাৰো মই,

যদিওবা তুমি মোৰ প্ৰথম প্ৰেয়সী

মই বাৰু তোমাৰ দৃষ্টিত এটা পুতলা নেকি ?

যেতিয়াই মণ যায় খেলা আৰু

আমনি লাগিলে দলিয়াই দিয়া

তুমি দলিয়াব পাৰিলেও মই কিন্তু নোৱাৰো

তোমাক ত্যাগ কৰিবলৈ মোক মৃত্যুৰ প্ৰয়োজন,

কিন্তু মৰিবও যে নোৱাৰো মই

কাৰণ, মোৰ পৃথিৱী তোমাটেই শেষ নহয়

অশ্ৰুসিক্ত ধুমুহা বৰষাব নোৱাৰো মই

মোৰ জন্মদাতাৰ দুচকুত

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,844
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,625
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,465
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,220
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,604