কবিতা

সময়ৰ অভাৱ --- ৰিপুঞ্জয় শৰ্মা

আজিকালি প্ৰায়ভাগৰে সময়ৰ অভাৱ,

কৰিবলৈ বহুতো কাম,

কামৰ বোজা অতিক্ৰান্ত সময়ে গধুৰ কৰি গৈছে,

যেন সময়ৰ লগে লগে কোলাৰ কেচুৱা গহীন-গম্ভীৰ হৈ পৰিছে ....

কামৰ বোজা কঢ়িয়াই কঢ়িয়াই বাহু জঠৰ হৈ গৈছে,

বাহুৰ ভিতৰত সিৰাৰ আন্দোলন....

লাহে লাহে অলৰ হোৱা দুটি বাহু, দেহৰ জঞ্জাল...

আজিকালি প্ৰায়ভাগৰে সময়ৰ অভাৱ....

প্ৰৌঢ়ৰ শৰীৰৰ নিচিনা হৈ যোৱা মনটোওঁ যেন বৃদ্ধ,

নাই কোনো উচ্ছাহ-উদ্দীপনা,নাই কোনো তাড়না,

আছে মাথো গতানুগতিকাৰ অনুভৱ,

যন্ত্ৰৰ দৰে কাম কৰি যোৱা এটি শৰীৰ...

আজিকালি প্ৰায়ভাগৰে সময়ৰ অভাৱ....

++++++++++++++++++++++

Poetry in assamese - মুঠি মুঠিকৈ ভুই ৰুইছে বাইজনীয়ে --- দাদুল ভূঞা (জোনাক)

মুঠি মুঠিকৈ ভুই ৰুইছে বাইজনীয়ে,

বোকা পানীৰে লুটুৰি পুটুৰি হৈছে বাইৰ দুহাত ।

শেলেঙী লগাই খোৱা তামোলৰ পাগত ৰাঙলী ওঠঁ ।

জোকৰ কামোৰত ফুলি গৈছে বাইৰ ভৰিৰ কলাফুল ।

টুপ টুপকৈ নিগৰিছে তেজৰ টোপাল ।

উতপ্ত হদয়ত ৰ’দৰ জ্বলিছে একুৰা জুই

ক্ষন গনিছে বেলিৰ মূৰত,

অস্ত যাবলৈ আৰু কিমান পৰ ।

কপালেদি ঘাম নিগৰিছে, পিঠিখন পুৰিছে ৩৮ডিগ্ৰী ছেলছিয়াছ ৰ’দত ।

উত্তলা পানীত ভৰিখন গুজি দিছে পুৱাৰে পৰা ।

দুচকুত জেতুকা পাতৰ দৰে জীয়াই থকাৰ সেউজীয়া বোল ।

এসাজ ভাত, অথবা দিনহাজিৰাটোৰ বাবেই এই সংগ্ৰাম

ন'হলে হয়টো লঘোনে কটাব লাগিব বাইৰ সোনাইহঁত

তোৰ মুখ খন আৰু মোৰ বুকু খন --- মিৰাজুল ৰাছিদ

কিয় বাৰে বাৰে তোৰ ধুন-মৰা মুখ খনে আমনি কৰে মোক ?

তই যোবাৰ বহুদিনেই হল, দিন গৈ ৰাতি হল, ৰাতিৰ পাছত দিন হ'ল...

তোৰ প্রেমও মোৰ বাবে অসাৰ হ'ল ।

তথাপি বুকুত গোপনে

জলি আছে তুষাঁনল একুৰা,

তই নথকাৰ বেজাৰত ।।।

+++++++++++++++++++++++

Mirajul Rashid
Hajo,kamrup(Assam).
Mobile-8876000203

Assamese poems about true love - জীৱন (ধেমালি ধেমালিতে ) --- সুভাষ বৰা

মোৰ বুকুত ঢলি পৰিল তাই

তাইৰ নিশাহবোৰে

বুকুত মোৰ

গুমৰি থাকিলেহি ..........

নৈশব্দৰ গান হৈ

মোৰ আঙুলিবোৰ

আৰু

তাইৰ হাতদুখনো অসাৰ হৈ পৰিল ...............

উদং চণকা পিঠিখন লৈ

ভাৱনাৰ চিৰাল ফটা ৰ'দত

তায়ো উচপিচাই থাকিলে

......শুদা গা দুটাই

ৰাতিৰ এন্ধাৰত

অ'তদিনে সাঁচি ৰখা

আৰু

নোকোৱা বহু ভাৱনাক

সপোন বুলি মানি ল'লে ,

কাজলী কাজলী পুৱাত ।

তাই মোৰ বুকুতে

ঢলি পৰি থাকিল

ওৰে নিশা ,

হাঁহি হাঁহি পুনৰ

সাৰ পালে

এটি উমাল দুপৰীয়াই |

মই ভাগৰিছো --- উজ্জল শৰ্মা

মই ভাগৰিছো,
কিছু নকৰা পাপৰ পৰাচিত কৰি কৰি
মই ভাগৰিছো।
অতীতে লগাই যোৱা কালিকা মচি মচি
আজি মই ভাগৰিছো।

মই কান্দিছো,
পুৰণি দিনৰ মধুৰ ষ্মৃতি সুৱঁৰি
মই কান্দিছো।
তোমাৰ সৈতে দেখা সপোনবোৰ নিজ হাতে ভাঙি
আজি মই কান্দিছো।

মই পাহৰিছো,
তোমাক, অ তোমাকেই,
মই পাহৰিছো।
মনৰ মাজৰ ছবিখন চিগাৰেতেৰে জলাই
তোমাক মই পাহৰি গৈছো।

+++++++++++++++++++++++

-উজ্জল শৰ্মা
গুৱাহাটী
০৯১৫৮৫৪৫৩৯৮

একেই আছেনে তোমাৰ ঠিকনা... ? --- কুমুদ কলিতা

তোমাৰ হৃদয় বাটেৰে এতিয়াও ওলাই নে
বেলি,
শেৱালি ফুলে নে আহিনৰ আবেলি,
নৈ খনো আছেনে তাতেই..
যত আছিল মোক এৰি যাওতেই..

পদুলিত এজোপা বৰষা আছিল
তৰাবোৰ থোপা থোপে লাগিছিল তাত জোন
হৈ উলমিছিল তোমাৰ হাঁহি.. এতিয়াও
আছেনে উলমি ?
গলে মোক এতিয়াও পাবা জানো চিনি ?

তোমাক বিচাৰি ধুলিয়ৰি হৈ পৰে ফাগুন
উজুৱাই এজাক সপোন
যেন আউসীৰ জোন..
একেই আছেনে তোমাৰ ঠিকনা..?

তোমাৰ হৃদয় বাটেৰে এতিয়াও ওলাই নে
বেলি,
শেৱালি ফুলে নে আহিনৰ আবেলি,
নৈ খনো আছেনে তাতেই..
যত আছিল মোক এৰি যাওতেই..

সেই ছোৱালী জনী --- দিপ জ্যোতি শৰ্মা

সেই ছোৱালী জনী

তোমালোক ধুনীয়া

ধুনীয়া বাবেইটো

চকুত আহিছে

অভিমানী কাজলৰ বৰষুণ

তুমি জোনাক হোৱা

মই সুখী হম |

তুমি যদি যান্ত্ৰিক আৰু অপদাৰ্থ নহয়

দেহৰ কাপোৰ বোৰে

কঢ়িয়াই নানিলে অশ্লীলতা

মই হব পাৰিম তোমাৰ বিলাসী প্ৰেমিক |

কাৰন মই নগ্নতাক ঘিন কৰো |

আৰু বেয়া পাও যি বোৰ ছোৱালীয়ে

নিৰ্যাতন বন্ধ কৰিবলৈ

ধৰ্ণা অথবা শ্লোগানেৰে

উত্তাল কৰি তোলে

ব্ৰেকিং নিউজ বোৰ

তেওঁলোকৰ অধিকাংশৰ অভিজাত্য দেহতেই

ওলমি থাকে নগ্নতাৰ সেই পোচাক |

যি দেহ বোৰে দেখুৱাই

আই এম এলাইভ.. ( I am alive) --- কুমুদ কলিতা

তোমাৰ হেনো বিয়া.. কথাটো শুনিছো ময়ো ঘুনুক ঘানাক কৈ.. ভালেই দিয়া.. তুমি সূখী হ'বা
যেতিয়া.. আৰু মই… ?

দোষ মোৰেই জানা, কাৰণ তুমি যেতিয়া শূণ্যটো ছবি আকিব পাৰি বুলি কৈছিলা..
মই তোমাৰ মাজত কল্পনা কৰিছিলো ভিন্সিৰ মনালিছাক..

তুমি যে কৈছিলা "পাৰিলে মই তোমাৰেই হলো হয়.. এতিয়া নোৱাৰো যে.." ( আগতেও দেখোন কেতিয়াও কোৱা নাছিলা পাৰিম বুলি)
কান্দিব মন যোৱা নাছিল মোৰ, অৱশ্যে তোমাৰ দৰে আনৰ হোৱাৰো সপোন দেখা নাছিলো দিয়াছোন…

প্ৰেমৰ বজাৰ --- সত্যজিত কাকতি

সচাঁকৈ যদি প্রেমৰ এখন
বজাৰ থকা হ'লে

আৰু সেই বজাৰৰ ঠিকনা
মোৰ ওচৰত থকাহেতেন
ক্রয় কৰিলোহেতেন বহু প্রেম
কেৱল তোমাৰ বাবে
তাৰ মূল্য মোৰ
জীৱনটোৱেই নহওক কিয় ?

পিছে কিনো কৰিম ?

হৃদয়ত আশাবোৰ
পুতি থবলৈ শিকিলো
দুখবোৰ দুচকুত
লুকুৱাই থবলৈ ললো
এই কথাবোৰ যাতে
মোৰ মুখেৰে প্রকাশিত নহয় ,

তাৰ বাবে ওঁথদুটি সামৰি
হাঁহিবলৈ শিকি ললো।

+++++++++++++++++++++++++++

সত্যজিত কাকতি
ফোন নং :: ০৮৪৭১৯০০২২৪

কবিতাবোৰ হেনো অদৰকাৰী শব্দৰ দ’ম --- হেমেন নাথ নিয়ৰ

আকাশৰ সমান হেপাঁহেৰে
তোমালে আছো ৰৈ
মৰমবোৰ যেন মৰম নহয়
জীয়া সপোন ৷
জীৱনৰ কঠিন শিলত কটা
এক জীয়া বাস্তৱ ৷
আবেলিৰ বিসন্ন আকাশৰ দৰে
বিসন্ন মোৰ মন ৷
তোমাৰ স্মৃতিবোৰে নিতৌ খহাই
বুকুৰ চপৰা ৷
মনত আছে ৰঙীন আবেলি এটা ৷
হাতত-হাত ধৰি তুমি যে কৈছিলা –
“জানা, মই কবিতা খুব ভালপাওঁ ৷”
আৰু মই তোমাৰ বাবেই
বহুতো উজাগৰি নিশা পাৰ কৰি
লিখিলো কবিতা ৷
কেৱল তোমাৰ বাবেই ৷
আৰু এদিন,
অবতৰৰ বৰষুণ জাকৰ দৰে
হঠাৎ তুমি আহি ক’লা –
“মই আজি-কালি কবিতা ভাল নেপাওঁ ৷”
তৰাৰে জিলমিল আকাশত

পথভ্ৰষ্ট পঠিক --- ধৰিত্ৰী দাস

মোৰ সকলো থাকিও আজি কিয় অকলশৰীয়া হ’ব লগা হৈছে বাৰু ?
মই পথভ্ৰষ্ট পঠিকৰ দৰে হৈছো ৷
সকলোকে নিজৰ বুলি জ্ঞান কৰিছিলো,
কোনো জনকে কঠিন বচন শুনুৱা নাই ,
কাহানি জনমত মই কি পাপ কৰিছিলো ৷
যাৰ কাৰণে মই আজি জীয়াতু যন্ত্ৰনা ভূগিছো ৷
মোৰ জীৱনত প্ৰথম পদক্ষেপতে এনেকুৱা সংঘাত
আহিব বুলি কাহানিও ভবা নাছিলো ৷
মই আজি সকলো পিনে অন্ধকাৰ দেখিছো ,
খপিয়াই খপিয়াই মই শুদ্ধ পথ বিচাৰি পোৱা নাই ৷
আপোন ৰাজ্যত বিচাৰণ কৰিবলৈ মোৰ মনে
হাহাকাৰ কৰি আছে ৷
কোনে মোক লোৰ শিকলিৰে বান্ধি ৰাখিছে ?
মোৰ সৰলতাৰ সুযোগ লৈ কোমল অন্তৰৰ স্বচ্ছ

ধোঁৱা --- উজ্জল শৰ্মা

ধোঁৱা, চৌদিশে মাথো ধোঁৱা ।
কাৰোবাৰ যদি সপোন দহিছে,
কাৰোবাৰ জলিছে হৃদয় ।
কোনোৱে যদি প্রেমত কান্দিছে,
কোনোৱে স্বীকাৰ কৰিছে পৰাজয় ।

এই ধোঁৱাৰ এতিয়া মোৰ নিচা হৈছে ।
হইতু ধোঁৱাৰ মাজতে
হৃদয়ে নিজৰ অস্তীত্ব বিচাৰি পাইছে ।
ধোঁৱাৰ প্রকৃত উৎস আজি নাই,
সেইবাবে হইতু কৃত্তিম ধোঁৱাকে
আজি ই আকোৱালি লৈছে ।

মৰমৰ ৰৈ যোৱা ছাঁইখিনিও
চকুলোৱে উতাই লৈ গৈছে,
এতিয়া সেই খালি ঠাই
চিগাৰেতৰ ছাঁইয়ে লৈছে ।
ধোঁৱা আৰু ছাঁইৰ মাজত
জীৱনটি পুনৰ আগৰ দৰে হৈ পৰিছে ।

++++++++++++++++++++++++++++

পলায়ন --- ৰিপুঞ্জয় শৰ্মা

সঁচা আৰু মিছা, কল্পনা আৰু বাস্তৱ,

কি হয়?

সঁচা আৰু মিছা যদি আপেক্ষিক শব্দমালা,

কল্পনা আৰু বাস্তৱ কি ?

কেতিয়াবা ভাবি চাবৰ মন যায় !

বাস্তৱক আকোৱালি ল'লে কল্পনাই ভেম পাতে,

কল্পনাৰ ৰঙীণ জগতত সোমালে,বাস্তৱে আঘাত পায় |

কল্পনা বাৰু মানুহৰ মনৰ মাজত কাজিয়া নেকি ?

নে বাস্তৱৰ ৰূঢ়তাৰ পৰা পলায়নৰ অপচেষ্টা |

++++++++++++++++++++++

প্ৰেম নিবেদন ---- মিৰাজুল ৰাছিদ

পদূলিৰ আগেৰে তুমি বাট বুলিলে পদুলিৰ বকুল জোপা উলাহতে নাচি উঠে

তোমাক দেখা পালে বকুল জোপাৰ সৈতে মই ও নাচি উঠো,

তুমিতো নাজানা ছাগে।

মোৰ হিয়া জিপাল কৰি বৈ আহে এজাক প্রেমৰ বৰষুণ ।

মোৰ শৰীৰৰ শিৰাই শিৰাই ৰক্ত কণা বোৰে ও মাথো তোমাৰেই কথা কয় ।

প্রেমৰ পথাৰ খনত 'তুমি' নামৰ কঠিয়া কে ৰুইছো,

তুমি জানা জানো ?

ভাল পাবা জানো মোক,

মোৰ সৈতে প্রেমৰ বৰষুণ জাকত তিতি কঠিয়া ৰুবলৈ ৰুবনী হ'বা জানো ?

...মই মাথো তোমাৰ উত্তৰৰ অপেক্ষাত ।।

+++++++++++++++++++++++++++++++

Mirajul Rashid
Hajo,kamrup (Assam).
Mobile-8876000203

আদৰ্শ (এক উন্মাদনা) --- হেমেন নাথ

দ্ধিধাগ্ৰস্ত এটি আবেলি ৷

খালী চাহৰ কাপ

মৌন ওঠ

যদিও

হৃদয়ত অলেশ প্ৰশ্ন ৷

উচিত – অনুচিতৰ খেল ৷

পথচাৰিৰ চকুত কৌতুহল

আৰু মনত হেজাৰ সংশয়

গতানুগতিক এক জীৱন ৷

এয়াটো মই বিচৰা নাই,

বিচৰা নাই কাহাঁনিও ৷

চকু চাট মাৰি যোৱা ৰঙীন পোহৰৰ

মাজতো, হৃদয়খনি সোমাই আছে,

ছিদ্ৰহীন এক অন্ধকাৰ কোঠাত ৷

প্ৰতিবাদ কৰি উঠে কেতিয়াবা ৷

কেঁচা তেজৰ চমকনি

এতিয়াও বৈ আছে

সিৰাই- উপসিৰাই ৷

আদৰ্শৰ বাটেৰে যোৱাবোৰ জানো উন্মাদ ?

দূৰ্নীতিৰ চাতুৰ্য্যৰে

ঐশ্বৰ্য্যৰ পাহাৰ গঢ়াবোৰ

কি ?

হেই পাহি ---- সত্যজিত কাকতি

তুমি ছাগে এইকেইদিন মোক লৈ অভিমানত ডুব গৈ আছা নহয়..?

মই বৰ অসহায় অ পাহি ,

তুমি জানাই দেখুন আমাৰ ইয়াত এতিয়া বাৰিষা ,

বাৰিষাৰ ডাৱৰবোৰে সন্ধিয়াৰ জোন- তৰাবোৰ ঢাকি ৰাখিছে,

তুমি মাথো জোন-তৰাৰে ভৰা জোনাকী নিশাবোৰত'হে জিলিকি থাকা , সেয়েহে তোমাক অমানিশাৰে ভৰা আকাশত বিছাৰি পোৱা নাই। কিয় তুমি সিপাৰৰ ডাৱৰ

নেউচি মোৰ বাবেই মোৰ ওচৰলৈ আহিব নোৱাৰা নেকি? তুমি ঠিকেই কৈছিলা '"ম্রিন্ময় মই তোমাক এৰি সেই সিপাৰৰ জোন-তৰাৰ দেশলৈ যামগৈ "মই তোমাৰ

কথাষাৰ শুনাৰ লগে লগে তোমাৰ আগতেই পেট বিষাই যোৱাকৈ হাঁহিছিলো।পিছে তুমি গমেই নাপালা মই সেইদিনা মূৰৰ গাৰু সেমেকি

মন --- সত্যজিত কাকতি

চিম-চিমিয়া, ৰিম-ঝিমিয়া

হেপাহৰ কিন-কিনিয়া

বৰষুনজাক চিপ-চিপকৈ সৰিছে ,

স্মৃতিৰ ঠুনুকা কণিকা হৈ ,

ডাৱৰৰ মাজে মাজে

দৃশ্যমান হৈছে

তোমাৰ ভ্রাম্যমান প্রতিছ্ববি ।

আজি মই সচাঁকৈয়ে বিলীন হৈ

নিজকে হেৰুৱাই পেলাইছো

আৱেগৰ ৰহস্যতাৰ মাজত ।

কল্পনাৰ সীমাহীন

আকাশত পাহৰি গৈছো

নিজৰেই বাস্তৱৰ খোলা অস্তিত্ব।।

++++++++++++++++++++++

সত্যজিত কাকতি
ই-মেইল :: kakotisatyajit@yahoo.com

মা --- মিৰাজুল ৰাছিদ

মা সপোনৰৰ পাছে পাছে দৌৰি মই ভাগৰি পৰিছো

এতিয়া মাথো তোমাৰ আচলৰ ছাঁত ক্ষন্তেক জিৰাবলৈ মন

মা, তোমাৰ মূখখনিত আছে মই বিচাৰি ফুৰা পৃথিৱী খন,

তোমাৰ দুচকুৰ আকাশত আছে মই বিচাৰা বৰষুণ জাক,

মা তোমাৰ চৰণৰ তলতেই আছে মই বিচৰা সৰগ খনি ৷

মা ভাগৰি পৰিছো মই সুখ বিচাৰি,

আঙ্গলি বুলাই দিয়ানা মোৰ চুলিৰ মাজেৰে,

মোক শুনোৱা পৰীৰ দেশৰ কাহিনী,

যেনেদৰে শুনাইছিলা ল'ৰালিতে

তাকেই শুনি শুই যাও দিয়া মই মা

…. ভাগৰি পৰিছো মই , মা ভাগৰি পৰিছো মই ৷

+++++++++++++++++++++

Mirajul Rashid
Hajo, Kamrup (Assam)

তোমাৰ অপেক্ষাত --- মিৰাজুল ৰাছিদ

তোমাৰ অপেক্ষাত মই ৰৈ আছো, নিজম এই ৰাতি
পৃথিৱী গভীৰ নিন্দ্ৰাত,
মই ৰৈ আছো উজাগৰে মাথো তোমাৰ বাবে ৷
বাঁহীত সুৰ দি জোনবাইক জোকাব নাজানো মই,
তুমি অহা …. একেলগে জোনবাইৰ দেশত ফুৰিম,
সপোঁন বোৰক গছকি
আগবাঢ়িম আগলৈ….
মই অপেক্ষাত তোমাৰ ৷

ভালপোৱা ---- শ্ৰী মনোজ বড়ো

কাৰোৱাক ভাল পালেহে বুজিবা,
ভালপোৱাত কিনো থাকে ?
মাত্ৰ তিনিটা শব্দই জীৱনতোত..
বহুতো উৎসা যছে ।
ভালপোৱা যাছিবলৈ এজনি ৰাধিকা লাগে
ৰাধিকা নহলে কাৰ ভালপোৱা,
কোনেনো স্বিকাৰ কৰে ?
দুখক দুখ নুবুলি আগুৱাই যাবলৈ,
সকলোকে সহায় কৰে ।
ইজনে সিঁজনক বুজিব নোৱাৰিলে,
ভালপোৱা জানো থাকে ।
সাৱতি ৰাখিবা নিজ ভালপোৱা,
অতি সচেতন ভাগে ।
সাজিব পাৰিবলৈ নিজ জীৱনক,
অতি সুখময় ভাৱে ।।

++++++++++++++++++++++++++

শ্ৰী মনোজ বড়ো
ই-মেইল :: papuliker@gmail.com

উপলব্ধি ---- সত্যম কুমাৰ

আমি বাৰু জাগৃত নিদ্ৰাত মগ্ন হৈ পৰা নাইনে

ভাল বোৰক বেয়া আৰু বেয়া বোৰক ভাল দেখিবলৈ লৈছো
সচা বোৰক মিছা আৰু মিছা বোৰক সচা ভাবিবলৈ লৈছো
আপোনজনক পৰ আৰু পৰ জনক আপোন মানিছো
মানুহৰ ভেশ ধৰি দানৱৰ কৰ্মৰে ৰঞ্জিত হৈ পৰিছো

আমি বোৰ বাৰু খেলিমেলি হৈ পৰিছো নেকি

মাথো সন্মানিয় উপাধি বোৰ লৈ অশিক্ষিত হৈ পৰিছো নেকি
সমাজ খনৰ প্ৰতিযে দায়িত্ত্ব আছে পাহৰি পেলাইছো নেকি
দলিয়াই পেলাইছো নেকি একতাৰ এনাজৰি বোৰ
মোহাৰি পেলাইছো নেকি ভাতৃত্ব বোধৰ মৰম বোৰ

কবিতা আৰু মই --- শ্ৰী বিজয় পাংগিং

এতিয়াও মই নাজানো
মানৱ হৃদয়ৰ কোনটো চেতনাৰ পৰা
শব্দ সম্ভাৰ নিগৰী আহিলে কবিতাৰ উদ্ভৱ হয় ।

ব্যৱহাৰিক জীৱনৰ শব্দবোৰ
আচলতে কবিতা নহয় ।
কাৰোবাৰ লগত বার্তালাপ কৰাটোও কবিতা নহয় ।

তেন্তে কোন শব্দ সম্ভাৰবোৰ কবিতা ?
মানুহৰ হঁহা কন্দাবোৰটো কবিতা হবই নোৱাৰে !
কাৰোবাক খং কৰাটোযে মুঠেই নহয় !

তেনে কোনবোৰ হাতৰ আকবাক বোৰ কবিতা ?

হৃদয়ৰ প্রবিত্র কোনৰ
শৃঙ্খলাবদ্ধ বিয়াগোম অর্থপূর্ণ
শব্দ সমুহ কবিতা নেকী ?

প্রেমত মোহাছন্ন হৈ
অজানিতে উলাই অহা
আৱেগিক ছন্দবদ্ধ শব্দবোৰ কবিতা নেকী ?

সময় --- সত্যম কুমাৰ

সময়বোৰ কিমান নিষ্ঠুৰ হ’ব পাৰে

যি এবাৰলৈও ভাবি নাচায়

যি এবাৰলৈও ঘুৰি নাচায়

মাথো নিজৰ মতে, স্বাৰ্থপৰ ভাবে দি যাব খোজে

দূখ আৰু দূখ ৷

নিমিষতে ভাঙি পালাব পাৰে

নিমিষতে উৰুৱাই নিব পাৰে

হাজাৰ দিনৰ কষ্ঠৰে গঢ়া

সোনোৱালী সপোন

সময় তুমি বাৰু কিয় এনেকুৱা

মাথো তোমাৰ বাবেই সহস্ৰ জনৰ হৃদয়ত

ভাহি থাকে আৰ্তনাদৰ কৰুন সুৰ

সহস্ৰ জনৰ চকুৰে নিগৰাই চকুলোবোৰ ৷

সময় তুমি বৰ নিলাজ, বৰ স্বাৰ্থপৰ

তুমি এবাৰো কিয় ভাবি নুচোৱা

তুমি বাৰু এবাৰ কিয় ঘুৰি নুচোৱা

কিয় --- সত্যম কুমাৰ

তুমি যেন সেই মহান প্ৰেম কাহানি বোৰ,অপমানিত কৰিলা
তুমি যে অন্তৰ বিহীন হয়তো, তাকেই প্ৰমান কৰিলা

হয় তুমি সুখী হ’ব বিচৰা, নিৰন্তৰ সুখী হোৱা
কিন্তু নিজৰ সুখ বুটলোতে আনক দূখ দিয়া কিয়

তোমাৰ স্বাৰ্থ-পৰতাক মোৰ ঘিন লাগে, ঘিন লাগে
মোৰ তোমাৰ শুভ্ৰ চৰ্মৰ তলত লোকাই থকা মলিন অন্তৰ খন

তোমাৰ অৰ্থ বাসনাৰে কদৰ্যিত অন্তৰ খন, হয়তো
মোৰ পবিত্ৰ প্ৰেমৰ অশ্ৰুৰ ধাৰাৰেও ধুৱাব নোৱাৰিলে

উটুৱাব নোৱাৰিলো তোমাৰ প্ৰাণত নিমজ্জিত কৃত্ৰিমতাৰ জ্বৰ
এবাৰো সিদ্ধান্তত উপনিত কৰাব নোৱাৰিলে কোন আপোন পৰ

++++++++++++++++++

জীৱন --- সত্যম কুমাৰ

কেতিয়াবা সকলো হেৰাই জাব পাৰে …

আতৰি জাব পাৰে আপোন জন নিচেই কাষৰ পৰা

চপৰা চপৰে খহিব পাৰে হৃদয়ৰ মাটি,

কতাব লগা হ’ব পাৰে কত উজাগৰি ৰাতি

হেৰালে হেৰাব দিয়া, তুমি নেহেৰাবা…

পাহৰিলে পাহৰিব দিয়া, তুমি নেপাহৰিবা…

খহিলে খহিব দিয়া, সজিব ৰাখিবা তোমাৰ হিয়া

হয়তো এইয়াই জীৱন…

জীয়াই থাকিব বিচাৰিলে, অভাৱৰ পিতনিত ককবকাব লাগে

আৰু মৰিব খোজিলেও দায়িত্ত্বৰ পাশাত আৱদ্ধ হ’ব লাগে

+++++++++++++

Satyam Kumar Sahu, B.Sc, MBA
Dhemaji, Assam

ঝোন.... ঝোন....কাচৰ ঘৰ ভাঙিছে --- চম্পা দাস

কোনোবাই শুনিছে
নে.......??
এটি কাচৰ ঘৰ ভঙাৰ
ঝোন ঝোন
শব্দ..........
দেখিছে নে কোনোবাই
ফাগুনৰ পাচুৱাই কি
দৰে ঘৰটি
পৰিণত কৰিলে
ভগ্নাস্তূপত ??
নাই
কোনেও নুশুনে
কাহানি ও নেদেখে
ঘৰটি যে সোজা হৈছিল
হৃদয়ৰ
গভীৰত............
ঘৰটি ভঙাৰ লগে
লগে
ইয়াৰ প্ৰতিতো টুকুৰাৰ
গলি
বৈ আহে দুই নয়নৰে
অশ্রু.....................
নাই
কোনেও নুশুনে
ঘৰ ভঙাৰ ঝোন
ঝোন শব্দ
অথবা
নেদেখে ভঙাৰ
দৃশ্য
গতিকে
ঘৰতো ভঙাৰ কোনো
সাখী নাই,

হেঁপাহ --- ৰিপুঞ্জয় শৰ্মা

কোলাহলে যেতিয়া চাৰিওকাষ আৱৰি ধৰে,
বতাহবোৰ যেতিয়া গধুৰ হয়,
আকাশলৈ উৰা মৰাৰ হেঁপাহ জাগে....

বন্ধকোঠাৰ শূণ্যতাই যেতিয়া মন উদাসীন কৰে ,
মন অশান্ত হয়,
আকাশলৈ উৰা মৰাৰ হেঁপাহ জাগে....

সকলো থাকিও যেতিয়া কিৱা এটা নথকাৰ ভাৱ অনুভৱ হয়,
মনক ব্যাকুলতাই গ্ৰাস কৰে,
আকাশলৈ উৰা মৰাৰ হেঁপাহ জাগে....

সভ্য সমাজৰ অসভ্য আচৰণে যেতিয়া মন ভাৰাক্ৰান্ত কৰে,
আকাশলৈ উৰা মৰাৰ হেঁপাহ জাগে....

শিক্ষাৰ মূল্য যেতিয়া হেৰাই যায়,
মানুহ যেতিয়া জন্তুলৈ ৰূপান্তৰ হয়,
মানৱিয়তাৰ যেতিয়া চিতা জ্বলে,
আকাশলৈ উৰা মৰাৰ হেঁপাহ জাগে....

তোমাক বিদায় জনালো --- কুমুদ কলিতা

তোমাক বিদায় জনালো

বৰষা
এতিয়া অনায়াসে এৰাই চলিব পাৰো
তুমিহীনতাৰ যন্ত্ৰণা
আৰু কাহানিও পাৰ নকৰো
তোমাৰ নামত উজাগৰী নিশা
পাঠ নকৰো কাহানিও
প্ৰেমৰ বিষাদময় প্ৰস্তাবনা

সচায়ে
সময় সলনি হয় ঠিকেই
সেইবুলিয়ে জানো
ভালপোৱাও সলনি হয়...

+++++++++++++++++++

কুমুদ কলিতা
9707078550
Batarhat

মোৰ পিতাই --- দেৱাশিস শৰ্মা

মোৰ পিতাই মাটিৰ মানুহ...
নাঙলৰ ফালত দেখে সপোন..
শৰীৰৰ শিৰাই শিৰাই
লুকাই থাকে কেচাঁ মাটিৰ গোন্ধ....
বাৰিষাৰ বৰষুণ পিতাইৰ আজন্ম
সহচৰ...
পথাৰৰ সেন্দুৰীয়া আলিত, সৰ্পিল গতিত বৈ যায় শৰীৰৰ কেচাঁ
ঘাম...
যুগ সলনি হর...
সময়ে সুতিঁ সলাব কিন্ত পিতাই একে
থাকিব...

++++++++++++++++++++++
Debasish sarmah
ইমেইল :: manusarmah@gmail.com

সপোন --- কুমুদ কলিতা

সূৰ্যাস্ত চোৱাৰ কথা আছিল এদিন তোমাৰ সতে,
অছিল তোমাৰ সতে চৰাই হৈ উৰাৰ কথা,
পখিলা ধৰি খুব ভাল পাইছিলা তুমি,
অছিল তোমাৰ সতে পখিলা ধৰাৰ কথা,
নৈ পাৰত বহি গুন গুনোৱাৰ কথা আছিল জুবিন গাৰ্গৰ
" কাজল কাজল দুচকুতে এসাগৰ মৰম আছে কাৰ বাবে,"
বহু কথাই আছিল জানা জুন তোমাৰ সতে, ,
নহল কোৱা...
আজি দেখোন তুমিয়ে মোৰ সোৱৰণী হলা

++++++++++++++++++
কুমুদ কলিতা
9707078550
Batarhat

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,138
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,220
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,144
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,496
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,230
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,257