কবিতা

কবিতা :: তোমাৰ ছলনাৰ বাবে হৈ গ’লো আনৰ লগৰী --- জাহাঙ্গীৰ আলম

দূৰণিৰ পৰা হাতবাউলি

মোক মাতিছা তুমি কিয়

তোমাৰ অপেক্ষাত দিনবোৰ কটাই

আজি মই চিৰদিনৰ বাবে আনৰ হৈ গ’লো ।

মই আৰু উভতি নাহো তোমাৰ জীৱনলৈ

কাৰণ আজি মই আনৰ প্ৰেমত আৱদ্ধ

তোমাৰ বাবে ৰৈ ৰৈ দিনবোৰ কটাইছিলো

তোমাৰ পৰা সঁহাৰি নাপালো বাবেই,

আজি আনৰ লগত ঘৰ সংসাৰ কৰাৰ

এক কঠোৰ সিদ্ধান্ত ল’লো,

তুমি মোক ভূল নুবিজিবা

কাৰণ এনে এৰা-ধৰাৰ মাজত

নিষ্ঠুৰ দিনবোৰ যে পাৰ নহয়

সেয়ে তোমাৰ এৰা-ধৰা প্ৰতিশ্ৰুতি ভংগ কৰি

এক নতুন সুখৰ সন্ধানত,

চিৰদিনৰ বাবে হৈ গ’লো আনৰ লগৰী।

কবিতা :: নীৰৱতা --- দেবীনা বৰশইকীয়া

জীৱনৰ সেই নিষ্ঠুৰ ক্ষণত

তুমি মোক বিচাৰিবা

যেতিয়া জীৱনৰ কোলাহলপ্রিয় সেই মুহূৰ্ত

নাথাকিব তোমাৰ লগত,

নিজানত থাকিব কেৱল

নীৰৱতা নীৰৱতা নীৰৱতা।

সৃষ্টিৰ আশাৰে লঠঙা গছত

দুচকুৰ নির্মালী ঢালিবা

তেতিয়া বাৰু বিচাৰি পাবানে মোক ?

মাথোঁ ৰৈ যাব তোমাৰ স্মৃতিত,

সৌন্দৰ্যময় জীৱনৰ সেই মধুৰ ক্ষণৰ

জিৰাইছিলা য'ত....

মোৰ শীতল কোলাৰ ছাঁত ।

কবিতা :: মৌনতা --- সেৱিকা হাজৰিকা

তুমি এজাক বলিয়া বতাহ ,
যাক স্পৰ্শ কৰিব নোৱাৰো |
এটি গানৰ মিঠা সুৰ ,
চাব নোৱাৰো নয়ন জুৰাই |
এখন ধুনীয়া ছৱি ,
শব্দৰে নোৱাৰো মৰমৰ মালা গাঠিব |

উত্তৰবিহীন বেবেৰিবাং চিন্তা
অশান্ত বিবেকৰ |
এপিয়লা প্ৰেমৰ ৰাগী
মাতাল হৈ কটাব নোৱাৰো উজাগৰি নিশা |
ৰিক্ত হৃদয়ৰ কোনৰ পৰা নিগৰা
তুমি মোৰ এটি বেসুৰা কবিতা |

তুমি মোৰ ছাঁ ,
আতৰাবও নোৱাৰো ,সাবতিবও নোৱাৰো |
মাথো সহচৰ জীৱন বাটৰ ,
লুকা - ভাকু আবেগৰ
এটা মিঠা অনুভূতি মোৰ হৃদয়ৰ |

কবিতা :: আপুনি যে এজন ব্যতিক্ৰমী পুৰুষ --- সেৱিকা হাজৰিকা

কোনে কৈছে
আপুনি এজন ব্যতিক্ৰমী পুৰুষ বুলি ?
কোনে কৈছে
আদৰ্শৰ শিকলিৰে মেৰ খাই থকা
আপোনাৰ মন বুলি ?
মোৰ অনুভৱ ,সকলো মিছা
হা হা হা .......
আপুনিও এজন ভদ্ৰতাৰ মুখাৰে নিজক ঢাকি ৰখা লোলুপ পুৰুষ |

নিজৰ গাত আনে বোকা নেদেখাকৈ
বোকাৰ খেল খেলিব বিচৰা
আপুনিও এজন আধুনিক পুৰুষ |

নাৰীৰ দেহৰ ঘ্ৰাণৰ সুগন্ধি লোৱা ,
আদিম বাসনাত ধুব যোৱা ,
আপুনিও এজন তথাকথিত সমাজৰক্ষক |

নাৰীৰ দেহৰ খলাবমাবোৰ
নিতৌ জুখিছে দুহাতে
কিন্তু উমান জানো পাইছে ?
সেই খলাবমাবোৰৰ ভিতৰত যে
এখন মৰম তৃষ্ণাতুৰ হৃদয় আছে ?

কবিতা :: অভিমান --- সমুজ্জ্বল ডেকা

ওন্দোলা মুখনি দেখি
মোৰ মুখত হেৰাল হেঁপাহৰ হাঁহি
তুমি নক'লা নাই
জানিব বিচাৰো যদিও
চৰ্ত ৰাখি তোমাক বাধ্য কৰাৰ ভুলো মই নকৰোঁ
উপায়হীনভাৱে নিজকে বাৰে বাৰে প্ৰশ্ন কৰোঁ
কিয় কৰিছা তুমি আজি ইমানকৈ অভিমান?
কাৰ ভুলৰ বাবে তোমাৰ এই কঠোৰ জীৱন সংগ্ৰাম?
ফৰকাল বতৰত আকাশ ঢাকি
কজলা মেঘে নমাই যিদৰে ক'লা ক'লা অন্ধকাৰ
মই নুবুজিলোঁ কিয় মিছাতে আনক দেখুৱাই ফুৰিছা
তোমাৰ হৃদয়খনি জুইয়ে পোৰা এটুকুৰা এঙাৰ
য'ত অনুভৱ থাকিও মুঠেই ৰস নাই
উশাহ-নিশাহ থাকিও জীৱনৰ নিজস্ব কোনো দাম নাই ৷
মই হাঁহিব খুজো

কবিতা :: অস্ত-ৰাগ --- অৰ্চনা জি. শইকীয়া

কিমান বিশাল হ'ব পাৰে মৌনতাৰ পৰিধি!

মন আৰু শৰীৰ..

এই নিয়ন্ত্ৰিত দূৰত্বৰ মাজত

মনত সূৰ্যটি উদয় হয়

আৰু শৰীৰত অস্ত;

আকৌ মনত উদয়..

এই বৃত্তৰ মাজত মানি চলা হয়

সহাৱস্থান নীতি,

মাত্ৰ তাত‍ সংগীবিহীন মৌনতা।

মৌনতাৰ পৰিধি বিশাল..

মন কিম্বা শৰীৰৰ উচ্চতাই

ঢুকি নাপায় মৌনতাৰ সীমনা।

যি সীমনাত ৰাগৰ অৱস্থান-

হিমনীলৰ আঙুলিৰ পৰশত

কঁপি কঁপি বাজি উঠে জীৱনৰ

সাতোটা আক্ষেপৰ ৰাগ..

তাত মৌনতাই কাণ পাতি শুনি থাকে

অব্যক্ত অনাখৰী স্পন্দন..।

সেই ৰাগ অস্ত যায় জীৱনৰ খেলপথাৰত..

কবিতা :: ছোৱালী --- হেলমিনা খাতুন

অলপ পৰিশ্ৰম কৰিবলৈ শিকি আছো
অ' জানো কষ্ট হ’ব বুলি
পিছে আমিবোৰতো ছোৱালী হয়
আমাৰ জানো যন্ত্ৰনা, আৱেগ, অনুভূতি আছে ?
আমাৰ জন্মই হৈছে
আনৰ পৰিতৃপ্তিৰ বাবে
এয়া বিধিৰ লিখন,
আমি মাথো নিয়তিৰ অধীন।
জন্মৰ পাছত পিতাইয়ে সুধিলে
বেটী! তই কি হ’বি,
মাতৃয়েও সুধিছিল বেবেৰিবাং কথাবোৰ
উত্তৰ আছিল মাথো সুখী আৰু
ভাল মানুহ হোৱাৰ।
নাছিল নহয় জ্ঞান
আজিৰ পৰিৱেশ উশৃংখলতাৰ,
সুখৰ সংজ্ঞা বিচাৰি বিচাৰি
ক'ৰবাত মানুহ হোৱাৰ মানসিকতাই হেৰুৱালো
আৰু যমৰ যাতনাত
মনুষ্যত্ব কেতিয়াবাই সিপুৰী পালেগৈ।

কবিতা :: প্ৰতিবিম্ব --- নবীন বৰদলৈ

যেতিয়া চাইবেৰিয়াৰ চৰাইজনীয়ে
হুকহুকাই কান্দে ,
যেতিয়া ইজৰাইলৰ
এজাক নিষ্পাপ শিশুয়ে কান্দে ,
যেতিয়া ব্ৰাজিলৰ অন্ধগলিৰ
প্ৰতিগৰাকী বেশ্যাই ,
কান্দো বুলি কান্দিব নোৱাৰে
তেতিয়া বাৰু তোমাৰ
চকুপানী ওলায়নে ??
নিশ্চয় নোলায় !
ওলাবই বা কিয় ,
কাৰণ
তুমি হ'লা এইখন যান্ত্ৰিক পৃথিৱীৰ
যন্ত্ৰবোৰৰ একো একোটা বুটাম ।‌
কেতিয়াবা এনে লাগে
তুমি যেন
বুটাম টিপিলেহে - কান্দিবা ।‌

কবিতা :: জন্মদিন --- সমুজ্জ্বল ডেকা

জন্মদিন
এটি অতি সুখৰ দিন ৷

আহিলে মুখত হাঁহি বিৰিঙে
মায়ে জন্মৰ সেই অসহ্যকৰ যন্ত্ৰণাখিনি পাহৰে ৷

জন্মদিনৰ হিচাপ মোৰ নাথাকিবও পাৰে
মায়ে কাহানিও নাপাহৰে ৷
মোৰ প্ৰতিটো জন্মদিন
জীৱনক ভালপোৱাৰহে জন্মদিন
মা-দেউতাৰ সপোনবোৰত মই বিলীন
কাহানিবা পাৰিম জানো পূৰাব মোক ভালপোৱাৰ ঋণ ৷
জন্মদিন লাগে
হাঁহি আনন্দ আদিৰ মিঠা মিঠা ক্ষণবোৰ ধৰি ৰাখিবলে
সময়ৰ সোঁতত একালত যদি মা-দেউতাৰ দুখ-যন্ত্ৰণাবোৰ মনলৈ নাহে
ভালপোৱা যাঁচিলে যদি মনত তীক্ততাৰহে ভাব আহে
তেন্তে জন্মদিন কিয় পালন কৰিব লাগে?

কবিতা :: আঘোণ আহিলেই মনত পৰে তোমালৈ --- বিষ্ণু বড়া

আঘোণ আহিলেই মনত পৰে তোমালৈ
এই আঘোণতে যে তোমাৰ মোৰ ক'ত যে স্মৃতি
নৰাৰ পেঁপা বজাই লৰি ধাপৰি ফুৰাৰ পৰাই
তোমাৰ মোৰ চিনাকী
তোমাৰ জানো মনত নপৰেনে

নৰানি ফালি ফালি আমি দুয়ো দৌৰিছিলো
লুকাচুৰি, চুৱাচুই ক'ত যে খেল খেলিছিলো
আইয়ে লৈ যোৱা সুমথিৰা চকলা টেঙাৰ
ৰ'দত বহি স্বাদ লৈছিলো
এই স্মৃতিয়ে তোমাক আমনি নকৰেনে

যেতিয়াৰ পৰা তুমি লেছেৰি বুটলিবলে এৰি,
তোমাৰ আইৰ সমানে সমানে ধান দাবলৈ শিকিলা
সেই তেতিয়াৰে পৰা হেৰাই গ'লা তুমি, সময়ৰ সোঁতত
আকৌ জানো আহিবনে ঘূৰি শৈশৱতে কৰা ধেমালিবোৰ

কবিতা :: ৰে'ল ষ্টেচনৰ সেই ধুনীয়া ছোৱালীজনী --- সমুজ্জ্বল ডেকা

ৰে'ল ষ্টেচনৰ সেই ধুনীয়া ছোৱালীজনী
ৰৈ আছে উকি মাৰি মাৰি ৰে'লখন অহালৈ
তাইৰ হাঁহিটি মোৰ ইমানখিনি ভাল লাগে
দুখক চেপেটা কৰি সুখৰ সমাহাৰ যিদৰে কবিৰ জীৱনলৈ আনে
তাইৰ হাঁহিত ইমানখিনি তীক্ষ্মতা আছে
এন্ধাৰেও লাজতে সঘনাই ওৰণি টানে
মোৰ অনুভৱ এনে হয় তাইৰ বাবেই এই পৃথিৱীত এন্ধাৰ আঁতৰি জোনাকী সমদল নামে ৷

কবিতা :: অসহায় কবিৰ স্বীকাৰোক্তি --- সমুজ্জ্বল ডেকা

মই অসহায় কবি
তই হ'বি মোৰ প্ৰেয়সী
মোৰ জেপ উদং
নকৰিবি তই খং
নাপালে ধন
লগাবলৈ প্ৰসাধনৰ ৰং ৷

মই দুখীয়া
তথাপিও কিয় তই মিচিকিয়াই হাঁহা ?
তই লখিমী
ফুটা মোৰ ঘৰৰ চালি
বৰষুণ আহিলে নিতিতি ক'ত যাবি ?
লঘোণ মোৰটো সদায়ৰে চিনাকি
উজাগৰে নোখোৱাকৈ কটাব লাগিব
তইও দীঘলীয়া বহু ৰাতি
দুখ লাগিব হ'লে তই বেমাৰীজনী ৷

মই প্ৰেমিক
সমগ্ৰ জগতখনেই
মোৰ কাৰণে প্ৰেমৰ প্ৰতীক
তথাপিও পুষ্প বৃষ্টি
তই যে ঈশ্বৰৰ সুকীয়া সৃষ্টি;
তই বিচাৰিলে মৰমেৰে উপচাবলৈ
নালাগে মোক বসন্ত কিম্বা শীত.....!!

কবিতা :: তুমি আহিবা --- মিৰাজ জুলফিক্কাৰ ৰহমান

সন্ধিয়াৰ আগমনৰ এই
হেঙুলীয়া আভা কিযে
মনোমোহা
অকলশৰে বহি নিজান
মনৰ কোঠাৰীত ৰচিব
মন যায় প্ৰেমৰ কবিতা।

তুমিহীন দিন ৰাতিত
শব্দবোৰেও যেন
লুকাভাকু খেলিবলৈ
ধৰিলে কেনেকৈ লিখিম
নিজান মনৰ কোঠাৰীত
প্ৰেমৰ কবিতা।

মোৰ বিশ্বাস তুমি আহিবা...
তুমি আহিবা মোৰ
স্বপ্নমধুৰ শব্দৰ সৈতে খেলিবলৈ
তুমি আহিবা মৰমৰ বৈতৰণীত
স্নান কৰিবলৈ।

কবিতা :: মাৰাং --- সমুজ্জ্বল ডেকা

সেমেকি সেমেকি টুপ্ টুপ্ সৰিল

চকুৰ বহল পতাত এজাঁক বনৰ হৰিণী চৰিল

বুকুখনিৰ ইপাৰ-সিপাৰ সোঁমাজেদি বোৱা নিজৰাৰ দুটি পাৰ;

মাৰাং অ' মাৰাং

তিয়াঁই তিয়াঁই জুৰোৱা মোৰ তীক্ষ্ণ উত্তাপিত পৰাণ ৷

গধূলিৰ শেৱালি ফুল গোন্ধতে আমোলমোল

টোপনি নাহে কি সাজে দুকাণত বাজি আছে

সুৰৰ ছন্দে-ছন্দে তোমাৰ হাঁহি কি যে গুণগুণ গুণগুণ ৷

(বি.দ্ৰ : মাৰাং শব্দৰ অৰ্থ হ'ল বৰষুণ ৷)

কবিতা :: আধৰুৱা সপোন --- জানকী ৰায়

নুবুজিলো কেতিয়াও
হয়তো নোৱাৰিলো বুজাব
অথচ দিনে নিশাই প্ৰতিপল
অহৰহ বৈ থাকে
তোমাৰেই ভাবনা হৃদয়ত ।

নিষ্ঠুৰ তুমি নে মোৰ সময় ?
তোমাৰ নিচিনাকৈ মোৰো দেহত
শিৰে শিৰে ৰক্তকণা বৈ
দেহৰ ভাজে ভাজে
দূখ ভাগৰ, শোক চিন্তাই
অহৰ্নিশে তোমাৰো বাগৰ সলায়
কিন্তু কিয় আজি ইমান দুৰ্বল মোৰ অনুভৱ
চিগো বুলিয়েই জানো চিগিব পাৰি
হৃদয়ৰ বান্ধোন !

দেখিছিলো জানা মইওঁ
তোমাৰ দুচকুতে এটি সজল সপোন
সাজিছিলো মৰমৰ ঘৰ
তুমি .... মই .... আৰু আমি .... !

কবিতা :: তুমি মোৰ নোহোৱা --- নয়নজ্যোতি দাস

নীৰৱতা তাইৰ বিলাস !

নহয়..., নহয়...।

কথাৰ ছন্দেৰে মোৰ হৃদয়ৰ দলিচাত

তাই আল্পনা আঁকে ।

তাই আঁচুফুল হৈ ফুলে

জোনাকী মনৰ ঠিকনা তাই নাজানে ।

জীৱন বিলাসৰ সপোন দেখে ।

উদাস দুচকু কাজলেৰে ঢাকে।

তাইৰ বাবে মই আনমনা সপোন এটি হৈ ৰওঁ

তাই মোৰ নহয়

তথাপি তাইক ভালপাওঁ বুলি কওঁ ।।

কবিতা :: ভালপোৱাৰ প্ৰত্যাহ্বান --- সমুজ্জ্বল ডেকা

পৰিস্কাৰকৈ ধুই দিবা বুলিয়েই
হিয়াখন মই তোমাক দিব বিচাৰিলোঁ
তুমি দুহাত মেলি নিজৰ বুলি ল'লা ঠিকেই
কিন্তু জানিব পাৰিলোঁ তোমাৰ হিয়াখনেই
আন কাৰোবাৰ ওচৰত বন্ধকত থোৱা আছে
হয়তো তোমাৰ প্ৰেমৰ দোকানখনত ভালপোৱাৰ ব্যৱসায়
মুদ্ৰাৰ বিনিময়ত খুব ভালেই চলে ৷
হ'ব তুমি আৰু স্পষ্টীকৰণ দিব নালাগে
তোমাৰ মিছা ভাবনাবোৰে পুৰণি যান-বাহনৰ ধোঁৱাৰ দৰে
বিষাক্ত গেছবোৰ নিগৰাই মাথো ক'লাৰে বুকু পোৰে ৷

কবিতা :: দুখ আৰু দোষ --- নয়নজ্যোতি দাস

মোৰ দোষ:::
তুমি বিচৰাৰ দৰে মই হ'ব নোৱাৰিলোঁ,
তুমি বেয়া পোৱাবোৰক মই ভালপাবলৈ শিকিলো ।

মোৰ দুখ:::
মই বিচৰাৰ দৰে তুমি হ'ব নোৱাৰিলা,
মই ভালপোৱা বোৰক তুমি ভালপাবলৈ নিশিকিলা ।

এতিয়া....
নিজৰ দুখ আৰু দোষক লৈ সুখী হ’বলৈ শিকিছোঁ ।

কবিতা :: তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা --- বিষ্ণু বড়া

আকৌ এবাৰ আহা আমাৰ মাজলৈ
তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,
তোমাৰ কলমে শক্তি নিগৰাই
জাগ্ৰত কৰাহি
চহা কৃষক-বনুৱাক

‘নাঙল যাৰ, মাটি তাৰ’ এই শ্লোগানেৰে
আকৌ এবাৰ প্ৰতিবাদ কৰিবৰ হ'ল
দৰিদ্ৰ কৃষকৰ ওপৰত হোৱা
জমিদাৰী শোষণৰ

গোলামি কৃষকৰ পথাৰত
ভূমিৰ অধিকাৰৰ বীজ এমুঠি
আকৌ এবাৰ সিঁচি দিয়া।
তোমাৰ কেঁচা মাটি গোন্ধৰ কবিতা,
অসমীয়া জাতিৰ জয়গানৰ সংগীতেৰে
আকৌ এবাৰ জোকাৰি দিবৰ হ'ল,
প্ৰগতিবাদী ভাৱনাৰ অনুধাৱনৰ জৰী ডাল

কবিতা :: স্তৱক (০১) --- সমুজ্জ্বল ডেকা

মুখৰ হাঁহিটিৰে ক'জলা ৰাতিবোৰ পুৱাই

বুকুৰ উচ্চতাত কোনে মূৰ দোৱাই

ৰ'দ সনা বৰষুণৰ টোপালবোৰত চকুলোঁবোৰ লুকাই

নৈখনি নুশুকাই

প্ৰেমৰ বীজ সিঁচি সিঁচি জীৱনে মাথো সপোনৰ ৰঙবোৰ দেখুৱায় ৷

কবিতা :: তোমাক মই ভাল পাব নোৱাৰোঁ --- পংকজ ৰাজ কলিতা

নৈ পাৰৰ শিমলু জোপাৰ আঁৰত

থিয় হৈ তোমাক মই চাব পাৰোঁ

ঘৰমুৱা বেলিৰ হেঙুলীয়া কিৰণে

হেঙুলীয়া কৰি তোলা তোমাৰ

চুলিতাৰিৰ প্ৰেমত মই পৰিব পাৰোঁ

তোমাক সপোনত দেখি নিজক

সুখী কৰিব পাৰোঁ

কিন্তু তোমাক মই ভাল পাব নোৱাৰোঁ

কাৰণ তোমাক দিবলৈ মোৰ

আন একো নাই আছে মাথোঁ

এখন কঙাল হৃদয় যি তোমাৰ

প্ৰেমক ধৰি ৰাখিবলৈ অসমৰ্থ ।

কবিতা :: অৱশেষ --- নয়নজ্যোতি দাস

আপোন বতাহ জাক
আহে আৰু উভতি যায়

ভাৱনাৰ সূতাডাল কঁপি কঁপি থৰ লাগে ।

আৰম্ভণি বোৰ শেষ হয়,
আৰু শেষ বোৰ স্বাভিমানী হৈ উভতি আহে

সন্দেহ বোৰ সলনি হয়,
শেষ নহয় ।

তথাপি তোক ভালপাওঁ (সন্দেহ নাই)
তইটো মোৰ জীৱন,
মোৰ স্বাভিমান ।

কবিতা :: নিঃসঙ্গতা --- জানকী ৰায়

সেউজীয়াৰ পাৰত

হেঙুলীয়াবোৰ বুটলি থাকোতে

তুমিয়েইতো আকোঁৱালি লৈছিলা

হিয়া শাঁত পৰা

তোমাৰ কোমল আন্তৰিকতাৰে,

এদিন তুমিয়ে কৈছিলা

জোনাকত উমলি থকাই নহয় জীৱন

এইবোৰ ক্ষন্তেকীয়া

ফুটচাইৰ দৰে,

দূখবোৰ আহিলে বহিব দিয়া

কলিজাতে আসন পাতি

আঁউসীৰ আন্ধাৰকো লোৱা আকোঁৱালি

আমাৰ বাবে অন্যতম এয়া,

কিন্তূ এতিয়া যেন .....

নিসংগতা আৰু মৃত্যু একেই

নিৰব কৰি তুলিছে ই

মোৰ সকলো চেতনা …….. ।।

কবিতা :: তুমি আহিছিলা --- সুমন দত্ত

তুমি আহিছিলা
মোৰ সপোনত
যেতিয়া শেৱালি ফুলি
তল সৰিছিল…

তুমি আহিছিলা
অতি গোপনে গুজি দিছিলা
প্ৰেমৰ এটি বীজ
মোৰ উকা হৃদয়ৰ চোতাল খনত…

আহিছিলা তুমি
কুঁৱলিৰ ফাঁকে ফাঁকে
আনিছিলা তোমাৰ
সেমেকা চুলিৰ মাদকতা..

আৰু মই কেৱল
তধা লাগি চাই ৰ’লো
শৰৎৰ চন্দ্ৰকো পিছপেলোৱা
তোমাৰ অতুলনীয়তাক…

তুমি আহিছিলা
এজন চিত্ৰকৰৰ
তুলা চালনীৰ যেন
অমৰ সৃষ্টিহৈ…
তুমি আহিছিলা
হৃদয়ৰ প্ৰতিতো ভাজত
তোমাৰ নামটি
লিখিবলৈ…

কবিতা :: আধৰুৱা সপোন --- ছাবিনা ছবনম আলীয়া

আকাশী তৰা মই ,
ৰাতি ফুলা আকাশী তৰা ,
পুৱাৰ কাঁচলি ৰ'দত বিচাৰিলে
মোক জানো পাবা .... ৷

দুৱৰি বনৰ বুকুত
তৰাৰ দীপালী ৰচা ,
আকাশৰ বুকুৰ পৰা হঠাৎ খহি পৰা
মই যে নিয়ৰ এটোপা ..... ৷

তোমাৰ বুকুত এচটা শিল হৈ পৰা
যাদুকৰী ওঁঠযোৰ কাহানিও ঢুকি নোপোৱা
মই যে এটি প্রেমৰ গাঁথা
অস্তিত্ব হেৰুৱা ........ ৷

এৰাতিৰ বেদনাৰে বুকু ভৰা
মই যে শেৱালি তলসৰা ,
উজাগৰী দুচকুৰ পতাত থমকি ৰোৱা
মই যে এটি সপোন
আধৰুৱা ....... ৷

কবিতা :: ল’ৰালি --- মন্জুষা দেৱী

সপোনৰ বালি ঘৰ

সাজোঁতে সাজোঁতে জীৱনৰ আধা খিনি বয়সে মহটিয়াই নিলে

মনলৈ ফাগুন নমাৰ সময়ত পচোৱাজাকে বুকু উজাৰি নিলে

ল’ৰালিৰ দিনবোৰে মন উন্মনা কৰে

যাব খুজিও সময়ে আগভেটি ধৰে ৷

পোনপটীয়া জীৱন বাটত কিমান খলাবমা

সময় আৰু পৰিস্থিতিয়ে কিমান যে খেলিব নিৰৱ নৱ খেলা ৷

ল’ৰালিৰ মিঠা সুবাস বোৰে মোক বলীয়া কৰে

নিতৌ দলিচা পাৰে নস্টালজীয়াৰ

এক জীয়া সপোনৰ ৷

কবিতা :: ৰুমালখন --- সীমান্ত বৰদলৈ

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

কবিতা :: কোন নো তুমি ? --- ভাৰ্গব বৰমুদৈ

জোনৰ পোহৰত ৰিম-জিম কৈ

আহিলা মোৰ বুকুলৈ

চিক-মিক কৈ দূপৰ ৰাতি

আহিলা মোৰ বুকুলৈ

আকাশত জিলিকি থকা তৰাবোৰৰ দৰে

তোমাৰ যে মূখখনি জোনৰ দৰে

নিয়ৰত তিতি বুৰি কম নেকি

কোন নো তুমি ?

কবিতা :: বেলিৰ কোঁৱৰ --- পুস্পাঞ্জলী শিৱম

সন্ধিয়াৰ মুনিচুনি পৰত

বেলিৰ কোঁৱৰ

ভাগৰত ধলি ...

বুকুত সাৱতি সন্ধ্যাৰানীক

পছিমত দুবিল ।

হেপাহৰ সপোনক সামৰি ।

আজীৱন ;

খুলিব নোৱৰাকৈ

প্ৰেমৰ গাথি'

আৰু, দুয়ো দুয়োৰে

নৱনৰস হিয়াত, উমলিব নিতৌ

প্ৰতিশ্ৰুতিৰে,

দুয়ো দুয়োকে ।

কবিতা :: এডাল মোমৰ ত্যাগ --- পংকজ ৰাজ কলিতা

নিজৰ জীৱন জ্বলাই
আনক পোহৰ বিলোৱা,
অই অভিসপ্ত মোম
কোনেও নুবুজে তোৰ ত্যগৰ মূল্য ।
এনেকৈ জ্বলি জ্বলিয়ে তই
শেষ হ’বি এদিন ,
এয়াই তোৰ কপালৰ লিখন ।

হয়তো এদিন সকলোৱে বুজিব
তোৰ ত্যগৰ মূল্য,
যিদিনা অমাৱস্যাৰ ক’লা আন্ধাৰে
আগুৰি ধৰিব সকলোকে ।
যেতিয়া নাথাকিব জোনৰ পোহৰ
আৰু নাথাকিবি নিজৰ জীৱন জ্বলাই আনৰ জীৱনক পোহৰাবলৈ তই।