কবিতা

কবিতা :: তোমাক মই ভাল পাব নোৱাৰোঁ --- পংকজ ৰাজ কলিতা

নৈ পাৰৰ শিমলু জোপাৰ আঁৰত

থিয় হৈ তোমাক মই চাব পাৰোঁ

ঘৰমুৱা বেলিৰ হেঙুলীয়া কিৰণে

হেঙুলীয়া কৰি তোলা তোমাৰ

চুলিতাৰিৰ প্ৰেমত মই পৰিব পাৰোঁ

তোমাক সপোনত দেখি নিজক

সুখী কৰিব পাৰোঁ

কিন্তু তোমাক মই ভাল পাব নোৱাৰোঁ

কাৰণ তোমাক দিবলৈ মোৰ

আন একো নাই আছে মাথোঁ

এখন কঙাল হৃদয় যি তোমাৰ

প্ৰেমক ধৰি ৰাখিবলৈ অসমৰ্থ ।

কবিতা :: অৱশেষ --- নয়নজ্যোতি দাস

আপোন বতাহ জাক
আহে আৰু উভতি যায়

ভাৱনাৰ সূতাডাল কঁপি কঁপি থৰ লাগে ।

আৰম্ভণি বোৰ শেষ হয়,
আৰু শেষ বোৰ স্বাভিমানী হৈ উভতি আহে

সন্দেহ বোৰ সলনি হয়,
শেষ নহয় ।

তথাপি তোক ভালপাওঁ (সন্দেহ নাই)
তইটো মোৰ জীৱন,
মোৰ স্বাভিমান ।

কবিতা :: নিঃসঙ্গতা --- জানকী ৰায়

সেউজীয়াৰ পাৰত

হেঙুলীয়াবোৰ বুটলি থাকোতে

তুমিয়েইতো আকোঁৱালি লৈছিলা

হিয়া শাঁত পৰা

তোমাৰ কোমল আন্তৰিকতাৰে,

এদিন তুমিয়ে কৈছিলা

জোনাকত উমলি থকাই নহয় জীৱন

এইবোৰ ক্ষন্তেকীয়া

ফুটচাইৰ দৰে,

দূখবোৰ আহিলে বহিব দিয়া

কলিজাতে আসন পাতি

আঁউসীৰ আন্ধাৰকো লোৱা আকোঁৱালি

আমাৰ বাবে অন্যতম এয়া,

কিন্তূ এতিয়া যেন .....

নিসংগতা আৰু মৃত্যু একেই

নিৰব কৰি তুলিছে ই

মোৰ সকলো চেতনা …….. ।।

কবিতা :: তুমি আহিছিলা --- সুমন দত্ত

তুমি আহিছিলা
মোৰ সপোনত
যেতিয়া শেৱালি ফুলি
তল সৰিছিল…

তুমি আহিছিলা
অতি গোপনে গুজি দিছিলা
প্ৰেমৰ এটি বীজ
মোৰ উকা হৃদয়ৰ চোতাল খনত…

আহিছিলা তুমি
কুঁৱলিৰ ফাঁকে ফাঁকে
আনিছিলা তোমাৰ
সেমেকা চুলিৰ মাদকতা..

আৰু মই কেৱল
তধা লাগি চাই ৰ’লো
শৰৎৰ চন্দ্ৰকো পিছপেলোৱা
তোমাৰ অতুলনীয়তাক…

তুমি আহিছিলা
এজন চিত্ৰকৰৰ
তুলা চালনীৰ যেন
অমৰ সৃষ্টিহৈ…
তুমি আহিছিলা
হৃদয়ৰ প্ৰতিতো ভাজত
তোমাৰ নামটি
লিখিবলৈ…

কবিতা :: আধৰুৱা সপোন --- ছাবিনা ছবনম আলীয়া

আকাশী তৰা মই ,
ৰাতি ফুলা আকাশী তৰা ,
পুৱাৰ কাঁচলি ৰ'দত বিচাৰিলে
মোক জানো পাবা .... ৷

দুৱৰি বনৰ বুকুত
তৰাৰ দীপালী ৰচা ,
আকাশৰ বুকুৰ পৰা হঠাৎ খহি পৰা
মই যে নিয়ৰ এটোপা ..... ৷

তোমাৰ বুকুত এচটা শিল হৈ পৰা
যাদুকৰী ওঁঠযোৰ কাহানিও ঢুকি নোপোৱা
মই যে এটি প্রেমৰ গাঁথা
অস্তিত্ব হেৰুৱা ........ ৷

এৰাতিৰ বেদনাৰে বুকু ভৰা
মই যে শেৱালি তলসৰা ,
উজাগৰী দুচকুৰ পতাত থমকি ৰোৱা
মই যে এটি সপোন
আধৰুৱা ....... ৷

কবিতা :: ল’ৰালি --- মন্জুষা দেৱী

সপোনৰ বালি ঘৰ

সাজোঁতে সাজোঁতে জীৱনৰ আধা খিনি বয়সে মহটিয়াই নিলে

মনলৈ ফাগুন নমাৰ সময়ত পচোৱাজাকে বুকু উজাৰি নিলে

ল’ৰালিৰ দিনবোৰে মন উন্মনা কৰে

যাব খুজিও সময়ে আগভেটি ধৰে ৷

পোনপটীয়া জীৱন বাটত কিমান খলাবমা

সময় আৰু পৰিস্থিতিয়ে কিমান যে খেলিব নিৰৱ নৱ খেলা ৷

ল’ৰালিৰ মিঠা সুবাস বোৰে মোক বলীয়া কৰে

নিতৌ দলিচা পাৰে নস্টালজীয়াৰ

এক জীয়া সপোনৰ ৷

কবিতা :: ৰুমালখন --- সীমান্ত বৰদলৈ

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

কবিতা :: কোন নো তুমি ? --- ভাৰ্গব বৰমুদৈ

জোনৰ পোহৰত ৰিম-জিম কৈ

আহিলা মোৰ বুকুলৈ

চিক-মিক কৈ দূপৰ ৰাতি

আহিলা মোৰ বুকুলৈ

আকাশত জিলিকি থকা তৰাবোৰৰ দৰে

তোমাৰ যে মূখখনি জোনৰ দৰে

নিয়ৰত তিতি বুৰি কম নেকি

কোন নো তুমি ?

কবিতা :: বেলিৰ কোঁৱৰ --- পুস্পাঞ্জলী শিৱম

সন্ধিয়াৰ মুনিচুনি পৰত

বেলিৰ কোঁৱৰ

ভাগৰত ধলি ...

বুকুত সাৱতি সন্ধ্যাৰানীক

পছিমত দুবিল ।

হেপাহৰ সপোনক সামৰি ।

আজীৱন ;

খুলিব নোৱৰাকৈ

প্ৰেমৰ গাথি'

আৰু, দুয়ো দুয়োৰে

নৱনৰস হিয়াত, উমলিব নিতৌ

প্ৰতিশ্ৰুতিৰে,

দুয়ো দুয়োকে ।

কবিতা :: এডাল মোমৰ ত্যাগ --- পংকজ ৰাজ কলিতা

নিজৰ জীৱন জ্বলাই
আনক পোহৰ বিলোৱা,
অই অভিসপ্ত মোম
কোনেও নুবুজে তোৰ ত্যগৰ মূল্য ।
এনেকৈ জ্বলি জ্বলিয়ে তই
শেষ হ’বি এদিন ,
এয়াই তোৰ কপালৰ লিখন ।

হয়তো এদিন সকলোৱে বুজিব
তোৰ ত্যগৰ মূল্য,
যিদিনা অমাৱস্যাৰ ক’লা আন্ধাৰে
আগুৰি ধৰিব সকলোকে ।
যেতিয়া নাথাকিব জোনৰ পোহৰ
আৰু নাথাকিবি নিজৰ জীৱন জ্বলাই আনৰ জীৱনক পোহৰাবলৈ তই।

কবিতা :: ৰাতিপুৱাৰ অনুভৱ --- সমুজ্জ্বল ডেকা

ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাওঁ যেতিয়া

চোতালত কপৌ চৰাই এজাক আহি পৰে তেতিয়া

পোহনীয়া পাৰ চৰাইবোৰে

ৰুণ দি বাৰে বাৰে মাতে

দুৱাৰ খুলি দিলেই উৰি গৈ ঘৰৰ মূধচত পৰে ৷

আহ্ আহ্ আহ্ .....

মোৰ মাতত আশাৰ ৰঙবোৰ ভাহে

কপৌজাকৰ স'তে সিহঁতে একেলগে উমলে

মিতিৰালিৰ ভাষা মৰমৰ ভাষা সিহঁতে ভালকৈ বুজে

সেয়েহে হয়তো

মৰম প্ৰতিদানত আমৰণ মৰম যাঁচিব জানে

শান্তিৰ প্ৰতিদানত আমৰণ প্ৰশান্তি যাঁচিব জানে

নহ'লেনো মূল্যবোধৰ ভাবনা উৰণৰ আচৰণত কেনেকৈ জাগে ৷

ইহঁতৰ উৰণৰ বা লাগি

মোৰ দগ্ধ হৃদয়ত প্ৰাকৃতিক শীতলতা নামে ৷

কবিতা :: সংগ্ৰামী মন --- অমিয় কুমাৰ

মই যে কিয় ইমান দুৰ্ভগীয়া

কেতিয়াবা ভাৱো নিজৰ

জীৱনটোৰ কথা......

মই যে সচাঁই নিথৰুৱা

কাৰোবাক চিৰদিনৰ বাবে

হেৰুৱাৰ বেদনা......

আকৌ কাৰোবাক

নিচেই কাষত পাইও

পুনৰ হেৰুৱাৰ যন্ত্ৰনা !

তথাপি জীয়াই আছো

সকলো দুখ-বেদনা পাহৰি

বুকুত হেজাৰ আশা বান্ধি !

নাজানো কেতিয়া পৰিব....

এই সংগ্ৰামৰ অন্ত......

মোৰ মনে কেতিয়াবা

মোক কয়,মোৰ এই

সংগ্ৰাম এদিন নহয় এদিন

পৰিব হেনো বোলে অন্ত;

তথাপি যিদিনালৈ এই

সংগ্ৰামৰ নপৰে অন্ত,

সেইদিনালৈ চলি যাব

মোৰ এই সংগ্ৰামী মনৰ

কবিতা :: মায়া --- পুস্পাঞ্জলী শিৱম

পাৰ হৈ যোৱা

সময় বোৰ আকুহি

ধুসৰিত সোঁৱৰনিৰ সৈতে,

নিতৌ সহবাস এতিয়া,

চপৰা চপৰিকৈ খহে।

অবুজ আকাংক্ষা ।

বাৰে বাৰে আহে , আৰু

যাবলৈ নিদিয়াৰ

ৰনাংগনত যেন ব্যস্ত।

আত্মপ্ৰজয়েৰে ব্যক্তিগত অনুভব এটি ।

কবিতা :: প্ৰেম-প্ৰগলভ-প্ৰতাৰণা আৰু অন্যান্য --- মিৰাজ জুলফিক্কাৰ ৰহমান

মই নাজানো প্ৰেমৰ
কিমান গভীৰতাত
মৌনতাই কথা কয়..।
মই নাজানো প্ৰতাৰণা
আৰু বিচ্ছেদৰ যন্ত্ৰণাৰ
অনুভৱ কেনেকুৱা হয়।
মই নাজানো,মই দেখা নাই।

শুনিছো প্ৰেমে হেনো
জীৱনক সুন্দৰ কৰে..।
বাস্তৱত মই তাৰ প্ৰতিফলন
দেখা নাই মই নাজানো।
মই কোনো দেহজ প্ৰেমৰ
কথা কোৱা নাই...
কিম্বা...
আধুনিকতাৰ বাঢ়নী পানীৰ
সোঁতৰ দৰে বাঢ়ি অহা প্ৰেম

কবিতা :: নিসংগ মোৰ জীৱনটো মৰিশালি --- বিষ্ণু বড়া

স্মৃতিৰ চিতাত জ্বলাই দিয়া নহ’ল
তুমি আৰু মই অঁকা ছবিখন
কাৰণ মই ভাল নাপাওঁ মৰিশালি
ভাল নাপাওঁ ধোঁৱাই আৱৰা আকাশ
বিচাৰিছোঁ মাথোঁ প্ৰাণমুক্তিৰ বিচনা

জ্বলাই দিয়া নহ’ল
মোৰ অতীতৰ সেউজীয়া ৰং
এতিয়া সেউজীয়াবিহীন জয়াল হৃদয়ৰ একোণত
প্ৰেতাত্মাৰ উদ্মাদ নৃত্যৰ জুণুক জুণুক নুপুৰৰ ধ্বনি ,
মই এতিয়া প্ৰেমিক চিৰ নিদ্ৰাৰ
নিসংগ মোৰ জীৱনটো মৰিশালি .....।

কবিতা :: বৃক্ষ --- সমুজ্জ্বল ডেকা

জন্মিয়েই বাঢ়িছা

মাটিৰ তললৈ বিন্ধিছা

পদূলি মুখখনি তোৰ বাবেই মনোমোহা ৷

ইমান সৰুতে পাইছিলো তোক

মাত্ৰ আছিলে দুটি পাত

এতিয়াতো যৌৱনা গাভৰু হ'লি

ডাল ভৰা পাতবোৰ সৰি সৰি

নেদেখা হয় ৰাতিপুৱা-গধূলিৰ অহা-যোৱা বাট ৷

মোৰ খং নাই

আইজনীও তোক বহুত ভালপায়

চিনাকি পক্ষীৰ গীত শুনি শুনি

তোৰ ফল পাবলৈ আশাৰে বাট চাই;

তোক ল'ৰালিৰ দিনৰে পৰাই বৰ ভালপাওঁ

দুহাত সাবটি কৰো হেঁপাহৰ আলিংগন

মনত আছেনে ?

কেতিয়াৰ পৰা লৈছিলো দায়িত্ব ভৰণ-পোষণৰ

ক'তনো লৈছিলি প্ৰশিক্ষণ তই ?

কবিতা :: প্ৰেমৰ ৰহণ --- হৃষিকেশ দাস

এমুঠি প্ৰেমৰ ৰহণ সানিব দিয়া

তোমাৰ উকা প্ৰাণত

এছাটি শীতল ছাঁ হৈ ৰৱলে দিয়া

চিৰদিন তোমাৰেই কাষত

এপাহ হেপাহঁৰ গোলাপ হৈ ফুলিব দিয়া

চিৰকাল তোমাৰেই ওঠত

এজাক প্ৰেৰণাৰ বৃষ্টি হৈ বোৱাব দিয়া

তোমাৰ শুকান খৰাং মনত ...

কবিতা :: অনুভৱৰ দলিচা --- মিৰাজ জুলফিক্কাৰ ৰহমান

ৰিনিকি ৰিনিকি মনত পৰে
শীতৰ সেমেকা ৰ'দ কাঁচলিত বহি
বহু কথায়ে পাতিছিলো মনৰ
অনুভৱৰ দলিচাত যেন আজিও সেইবোৰে উচুপি উঠে।

পুৱতি প্ৰভাতৰ নতুনৰ ৰ'দালিত
বিচাৰি পাওঁ
মোৰ স্বপ্নময় অনুভৱৰ শিৰে শিৰে
বৈ থকা বৈতৰণীৰ কুলু কুলু
শব্দৰ নিনাদ ।

মোৰ অনুভৱৰ অগোচৰে নিৰুপম সময়বোৰে গতিশীলতাৰ ক্ষিপ্ৰ গতিৰে আগুৱাই গৈ থাকিল
তেজৰঙা বেলিৰ ভটীয়নি সোঁতৰ দৰে ।

অনুভৱৰ দলিচাত স্নিগ্ধ জোনাকৰ কিৰণত শীতৰ সেমেকা ৰাতিৰ বুকুত অনুভৱৰ দলিচাত মৃগনাভী সুগন্ধিৰ দৰে অনুভৱে যেন ঢৌ খেলি থাকে।
ৰিনিকি ৰিনিকি মনত পৰে....।

কবিতা :: মায়া --- হেমেন দাস

আৰু নুসুধিবা ভালপোৱা কি বুলি

জুমিটো চাইছাই বুকুত স্খলিত

কোমল আকাশ,

নাজানো কিয় পলাশ সৰাৰ পৰত

মুদি দিছিলা নয়ন যুগল

হেঁপাহ যাক বিচুৰ্ণ তোমাৰ

চকুৰ পতাত ৷

কবিতা :: ছবি --- পংকজ ৰাজ কলিতা

মোৰ হৃদয়ৰ মাজত

এখন ছবি আছে

কলিজাৰ তেজৰে আঁকিছো

ছবি খন

চাবলৈ মন গ'লেই

বুকুত হাত থৈ উলিয়াই আনো

সপোন আশা সুখ বিষাদ আঁকিছো ছবিখনত

আৰু এটা সমাধি য’ত

মোৰ প্ৰেমক সমাধিস্থ কৰা হৈছে ।

কবিতা :: এলান্ধু --- সমুজ্জ্বল ডেকা

ভগা মাটিৰ ঘৰ
তাতেই সংলগ্ন পাকঘৰ

চৌকাত সুমুৱাইছে আধা কেঁচা খৰি
হে হৰি,
দেখিছানে বাৰু তুমি?
নাকে মুখে ডিঙিত হেঁচা মাৰি
ধোঁৱাই কৰিছে কিদৰে তাইক ধৰ্ষনৰ বলী ৷

কলিজাত জোৰ আছে
সেয়েহে তাই ফুৱাই আছে
যিমান পাৰে ফুৱাই আছে.......
বুকুৰ উশাহবোৰ বাহিৰ ওলাই আছে
বুকুৰ উচ্চতাত
আৰু কিমান উশাহ লুকাই আছে!
তেজস্বী জুই একুৰা জ্বলোৱাৰ
আপ্ৰাণ হেঁপাহ
তাইৰ প্ৰতিটো কম্পনত আছে.....!!

কবিতা :: জুৰিমনিৰ চিঠি --- মৃত্যুঞ্জয় মন্ডল

মোৰ মনত পৰে সেই দিনবোৰ

সেয়া আছিল অন্য এক সময়ৰ

হাইস্কুলত পঢ়ি থকা দিনৰ

তুমি আছিলা যেতিয়া কাষত

যদি ওলোটাই পাৰিলো হয় দিব

সেই সময় প্ৰবাহ, ধৰি সাবটি, চুমিব

ওঠজুৰি তোমাৰ চিকমিকাই থকা,

জীৱন মোৰ নিৰব যেন এতিয়া,

এক আধৰুৱা কাহিনী,

মই হেৰুৱাইছো মোৰ পৃথিৱী খন

খোলা চকুৰ আগত,

প্ৰেম আছিলা প্ৰথম চাৱনিৰ তুমি,

মই ভালপাওঁ তোমাক ছোৱালী ,

ভালপাওঁ তোমাৰ হাঁহি,

ৰাস্তাত দেখা পালো তোমাক আজি

তুমি আহি আছিলা খোজকাঢ়ি,

মূৰত ৰঙা গোলাপ সেন্দুৰ সানি

মোক চাই হাঁহিছিলা আৰু সেই

কবিতা :: জোনাক ফুলিছে --- হৃষিকেশ দাস

গোলাপৰ পাহি যেন তোমাৰ ওঠৰ হাহিঁত

আজি মৰমে খেলিছে

একণ দুকণ ঠুনুক ঠানাক মোৰ হিয়াত

আজি হেপাহো জাগিছে

মনৰে দলিছাতে আজি প্ৰেমৰে নাচোন

জোনাক ফুলিছে আজি হৈ তোমাৰে আপোন ...

কবিতা :: ফাগুনৰ অনুভৱ --- বিষ্ণু বড়া

ফাগুন যেন এটি সুমধুৰ গীতৰ গুণগুণনি
ফাগুন মানেই এজাক কুমল বতাহে
চুমি যোৱা হৃদয়ৰ কঁপনি।
যি ফাগুণে শীতৰ লঠঙা হোৱা
গছ বিৰিষৰ ডালে ডালে
সেউজীয়া ৰং বুলাই দিয়েহি.….

ফাগুন যেন এখনি ধূলিয়ৰী ভাৱনাৰ আকাশ
ফাগুন মানেই শিমলু মদাৰ পলাশৰ
তলসৰা বিষাদৰ বিননি
যি ফাগুনে প্ৰতি জন প্ৰেমিক প্ৰেমিকাৰ
নিসংগতাৰ দৰদী হৃদয়লৈ
মাতি আনে এজাক বিষাদৰ বৰষুণ...

কবিতা :: আহিবানে তুমি --- শ্বাহিদুল ইছলাম

আহিবানে তুমি

নৱ বৰ্ষৰ দৰে

মনৰ মৰুদ্যান উৰ্বৰ কৰিবলে,

হৃদয়ক হৃদয় দিবলে ।

বিচাৰি ফুৰো আকাশ বতাহত

সিচিঁবলৈ সুপ্ত মৰম

তেজ ৰঙা তোমাৰ দুটি ওঁঠত,

পাতিম যে কথা হিয়া উজাৰি

গাম মই গীত নদীৰ পাৰত;

ফুৰিম মই অৰঙ-দৰঙ

হিয়াৰ গভীৰ উপত্যকাত

আকিম তোমাক মই

হৃদয় বাকৰিৰ মহা শূণ্যতাত ।

যাঁচিম মৰম ভাষাহীন ভাষাত

উপভোগ কৰিম দুয়ো

ব'হাগৰ কিনকিনীয়া বৰষুণ জাক

দুটি দেহৰ অমিয়া সুবাস ।

আশাৰ বন্তি, সৰগৰ শান্তি

মৰম নিজৰা হৈ

আহিবানে তুমি ?

কবিতা :: বন্দীত্ব --- প্ৰশান্ত ধোন সোণোৱাল

পলুৱে বন্দী কৰে নিজক
লেটা সাজি লৈ
উত্তৰণৰ সুবাবদ

আমি নিজক বন্দী কৰিছো
কিহৰ তানত

জীৱনৰ ভৰত
নে
আৱেগৰ মোহত

বন্দীত্ব যদিও কাম্য নহয়
মোৰ, আপোনাৰ, তেওঁৰ
তথাপিও স্বীকাৰ কৰো
সেই বন্দীত্ব !!

কবিতা :: ঘড়ী --- সমুজ্জ্বল ডেকা

সময় গৈ আছে সুষম দ্ৰুতিৰে

খোজকাঢ়ি খোজকাঢ়ি........

দেৱালৰ ওপৰভাগত

পিতাইয়ে আৰি থোৱা সেই ঘড়ীটোৱে

আজিও গীত গাই থাকে টিক্ টিক্ টিক্.....

পিতাই কিন্তু আজি জীয়াই নাই

কোনোবাদিনাই হাড়ত বন গজিল.....!!

দোভাগ নিশাৰ গভীৰ নিৰ্জনতাত

ইয়াৰ গানে যিমান স্পষ্ট আৰু ডাঙৰ হৈ

মোৰ কাণৰ পৰ্দাত কম্পন তোলে

সিমানেই পিতাইৰ স্মৃতিপ্ৰৱণ স্বচ্ছ সোঁতেৰে

চকুলোঁবোৰ নিগৰি

কোমল গাৰুটি মোৰ ভিজে....!!

তথাপিও গাৰুটিয়ে খং নকৰে

কিয় জানানে ?

দেউতাৰ মৃত্যুৰ পিছত

ই সদায় মোৰ লগতেই থাকে ৷

কবিতা :: ভেলেণ্টাইন ডে --- সমুজ্জ্বল ডেকা

সপোনৰ এটি বাটত

তুমি খোজকাঢ়ি আছা মৌনতাৰে

লগতে মই.....

তুমি দেখোন একো নোকোৱা

কিমান অপেক্ষাৰে বাট চাইছো মই

মোৰ দুওঁঠৰ শব্দবোৰ হেৰাল

তোমাৰো হয়তো একেই অৱস্থা

মোৰ দুচকুলৈ চাইছা

কি বাৰু দেখিবলৈ পাইছা ?

মই হ'লে দেখিছো তোমাৰ দুচকু

এসাগৰ প্ৰেম-ভালপোৱাৰে ভৰি থকা ৷

আহিছে অশান্ত পছোৱা

তথাপিও অশান্তিৰ অনুভৱ নাই

তোমাৰ দুচকুৱে মোৰ দুচকুক চাই

পূৰাই আছে ক্ৰমশঃ হৃদয়ৰ শূণ্য ঠাই ৷

ভাগৰ নাই

যদি লাগিছে ভাগৰ

জিৰাই লোৱা

মোৰ কোলাতে এবাগৰ

গুজি দিওঁ তোমাৰ দুওঁঠতে

কবিতা :: নিশাৰ চিঞৰ --- পংকজ ৰাজ কলিতা

কুৱঁলী পৰা আন্ধাৰ নিশা
আকাশৰ জোনাকক এটুকুৰা
ক'লা মেঘে ঢাকি ধৰিছে ।

এটা চৰাইৰ কৰুণ চিঞৰ
মই শুনিছিলো
কিজানিবা কিবা এটা
হেৰাই যোৱাৰ বেদনাত
চিঞৰি চিঞৰি কান্দিছে ।

ক'লা মেঘ টুকুৰা আঁতৰাব পৰা
বতাহ এজাক অহা হ’লে
এজাক জোনাকৰ বৰষুণ হোৱা হ’লে
কিজানিবা হেৰাই যোৱা বোৰ
বিচাৰি পালে হেঁতেন !

কবিতা :: ক্ষোভৰ উদ্গীৰন --- মুনমী ভট্টাচাৰ্য

শীতৰ বিষন্নতাক নেওচা দি

সূৰ্যৰ সন্ধানত ঢাপলি মেলা

পক্ষীজাক যেতিয়া বাৰুদৰ মালাৰে

শ্বহীদ হৈ উলটি আহে,

তেতিয়া বাৰু কেনে লাগে

তেজস্বী সময়ৰ ??

শ্রমিক বন্ধুৰ দুঃচিন্তা আৰু

ৰাজপথৰ জঠৰতাত পিষ্ট হৈ পৰে

প্রতিবাদৰ তেজাল হুংকাৰ |

শিলবোৰৰ জীয়া আস্ফালনত

কঁপি উঠা অৰণ্যই প্রশ্ন কৰে

এয়াই নেকি সময়ৰ আহ্বান !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,932
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,559
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:388
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,367
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,912