কবিতা

কবিতা :: প্ৰাণটো জীয়াই ৰখাৰ আশাৰে --- জানকী ৰায়

বিচাৰি ফুৰিছো এখনি হিয়া
য'ত আছে দয়াৰে ভৰা
এক বহল গভীৰ সাগৰ
যি গভীৰতাত বিনাদ্বিধাই
হেৰুৱাই পেলাব পাৰি
সকলোবোৰ বিষাদ ।

বিচাৰি ফুৰিছো
এযোৰ নীলাভ চকু,
নাই য'ত হিংসাৰ উন্মাদনা
নাই কোনো স্বাৰ্থ বিৰাজিত
আছে মাথো
অসীম মমতা ভৰা
এক মধুৰ কিৰণ
যি কিৰণে পথ দেখুৱাই
আদিৰ পৰা অনন্তলৈ
পৃথিৱীৰ পৰা আকাশলৈ
সেয়ে আজি তাৰ লগত
কথা পাতিব বিচাৰিছো
আৰু বুটলি ল'ব বিচাৰিছো
অলপ মৰম অলপ দয়া আৰু
অকণ সহানুভূতি
প্ৰাণটো জীয়াই ৰখাৰ আশাৰে ।।

কবিতা :: অনুৰোধ --- মিৰাজ জুলফিক্কাৰ ৰহমান

হে, জগতস্ৰতা মোক শান্তি দিয়া নহ'লে অশান্তিৰ অনলত ছায়াচ্ছন্ন হৈ থাকিব লাগিব ।

হে, জগতকৰ্তা মোক অলপ সাহস দিয়া নহ'লে মই সদায় ভয়বিহ্বল হৈ থাকিব লাগিব ।

হে, জগতজননী মোক আশীৰ্বাদ কৰা নহ'লে অভি শাপৰ শাও লৈ লৈ জীয়াই থাকিব লাগিব ।

হে,জগতপিতা মোক মানুহৰ ৰূপত গঢ়াই তোলা নহ'লে মই পাশৱৰ পাশৱিক অত্যাচাৰৰ বলি হৈ থাকিব লাগিব ।

হে, জগতপতি মোক আনন্দ দিয়া নহ'লে মই সদায় দুখৰ সাগৰত ডুবি থাকিব লাগিব ।

হে, জগতপ্ৰাণ অত্যাচাৰিক দমন কৰা নহ'লে সিহঁতে আমাৰ দুৰ্বলতাৰ সুযোগ লৈয়ে থাকিব....।

কবিতা :: কথাৰ মাজতে --- প্ৰশান্ত ধোন সোণোৱাল

কথাৰ মাজতে সুধিছিলা হঠাৎ
'জীৱনটো কিয় ইমান বিষময় ?'
যি আছিল অপ্ৰত্যাশিত
প্ৰেমালাপৰ মাজত !

মই কৈছিলো, ' আমিয়েইতো বিষ ৷
জীৱনক দোষীছা কিয় ?'

এজাক নীৰৱতাই পৰশি গ'ল
এই মাত্ৰ...........

তুমি কৈছিলা, ' তোমাৰ পৰা মই সদুত্তৰ নাপাওঁ,
কিয় ইমান বেকাঁ তোমাৰ কথাবোৰ ?'

'আমিয়েই বেকাঁ.......
মোক দোষী লাভ কি ?'
----মোৰ স্বভাৱ সুলভ উত্তৰ,
যি তোমাৰ প্ৰত্যাশিত ৷

'তথাপিও তুমি পোন হৈ থকাৰ অভিনয় কৰা ৷
কিন্তু..... কিয়......?'

'এইয়া মুদ্ৰা দোষ'---মই ক'লো ৷

কবিতা :: মোৰ ভালপোৱা --- প্ৰশান্ত ধোন সোণোৱাল

মই যাক ভালপাওঁ
তাই হ'ব পাৰে সতী সাবিত্ৰী
অথবা
নহ'ব পাৰে বেশ্যা |

মই যাক ভালপাওঁ
তাই হ'ল এগৰাকী নাৰী

যিয়ে বুজে জীৱন আৰু ভালপোৱাৰ সংজ্ঞা |

তাতকৈ বেছি আৰু মোক কি লাগে ??

তাতকৈ বেছি মই বুজি নাপাওঁ
কাৰণ ,
সিবোৰ মোৰ সাধ্যৰ বাহিৰত,
যিহেতু,
মই
মাগুৰ মাছতকৈ কম জ্ঞানী !!

দেখি শুনি শিকো
পিছে
বুজিব নোৱাৰো |

কবিতা :: নষ্ট কবিতা --- মেহেনাজ সৰকাৰ

মৰহি গৈছে নষ্ট প্ৰেমিকৰ

আৱেগ

অনুভূতি

ভালপোৱা

বুকুৰ দুয়ো পাৰে বাজে

বিষাদ

হতাশা

আমানিশা

চকুলোৰে পৰিপূৰ্ণ নষ্ট কবিতা ।

কবিতা :: মন যায় --- গোপাল নাথ

মন যায় মোৰ মেটেকাৰ দৰে বোঁৱতি নৈৰ

সোঁতে সোঁতে উটি যাবলৈ ।

চকুত চকু থৈ কাষে কাষে খোজ দিবলৈ

মোৰো মন যায় ।

আকাশৰ জোন বেলি তৰায়ো আনি দিবলৈ

মন যায় মাথোঁ তোমাৰ বাবে !

পিচে উমান নাপাওঁ ।

দুভৰি দুই নাৱত দি যাবলৈ হয়তো মই নোৱাৰিম ।

কিন্তু পানী তোলা ঘাটত আৰু পদূলি বাটত,

মই সদায় চকু থওঁ তোমালৈ ।

তোমাৰ লাজুকী লাজুকী চকুৰ চাৱনিটো

আকৌ এবাৰ চাবলৈ মন যায় অ"।

চাহ গছৰ পাত চিঙি থকা লোক সকলক দেখিলে

মোৰো গাবলৈ মন যায় বাগানীয়া গান ।

অ’ শুনা চোন তোমাৰ সেই মিঠা বৰণীয়া দেহাটি

চাবলৈও বৰ মন গৈছে অ",

কবিতা :: তাই মোক ভালপাইছিল নেকি --- মেহেনাজ সৰকাৰ

তেতিয়া নৱেম্বৰ মাহ
শাৰদীয় বতৰ
ৰুণজুন ৰুণজুন সপোনৰ মহা আয়োজন

শিমলু হৈ উৰিছিল ছোৱালীজনী
ফাগুনৰ ৰঙ তাইৰ দুচকুত
মুখত হাঁহিৰ নিজৰা নিৰৱধি
অনামী পছোৱাৰ ঢৌত
চিৎ পখিলী হৈ বাৰে বাৰে পৰিছিল
মোৰ সপ্নৰ নিলিম উদ্যানত

তাই মোক ভালপাইছিল নেকি ?

উহ! অসহ্য যন্ত্ৰণা
অংকৰ স্নাতক হোৱাৰ পিছতো
জীৱনৰ ক্ষুদ্ৰ অংকত ব্যৰ্থ

কবিতা :: নিষ্ঠুৰ মানৱ --- মিৰাজ জুলফিক্কাৰ ৰহমান

তহঁত আধুনিক মানৱ নেকি..?
নহয় নহয় তহঁত আধুনিক মানৱ হ'ব নোৱাৰা..।
তহঁতেটো নিৰীহৰ তেজেৰে ফাকু খেলি ভালপোৱা মানৱ..।
নিষ্ঠুৰ মানৱৰ কাল্পনিক চৰিত্ৰবোৰ দেখিলে মন প্ৰাণত অজানা শিঁহৰণে জোকাৰি যায়..।

তহঁত ভদ্ৰতাৰ মুখা পিন্ধা মানৱ নেকি..?
নহয় নহয় তহঁতেটো মানৱতাক দলিয়াই দুহাতত তুলি লোৱা অভদ্ৰতাৰ মুখা পিন্ধা মানৱ ।

তহঁতে দুখীয়াৰ দৰিদ্ৰালয় নেকি..?
নহয় নহয় তহঁতেটো
সভ্য সমাজৰ অনুপযুক্ত অসভ্য, অশিষ্ট, অভব্য মানৱ...।

কবিতা :: বিষাদৰ হুমুনিয়াহ --- বিপুল কাকতি

বুকুৰ ভিতৰ আকাশ খনত
বিষাদৰ ডাঁৱৰ বোৰ ভঙা শব্দ
বৰষুণৰ শব্দ বোৰত বিলিন হৈ যায়
সেয়ে মোৰ বৰষুণ প্ৰিয়

মই কবিতাৰ প্ৰেমিক
শব্দ মোৰ প্ৰেম
কবিতাত বিচাৰি পাওঁ মোৰ
হেৰুৱা শোকৰ সুবাস

শব্দ বোৰে মোক নিচুকাই
যেতিয়া সেমেকা ৰাতি
তোমাৰ স্মৃতিয়ে
মোৰ কানত গুন গুনাই ;
বুকুৰ ভিতৰত খলকনি লগাই
বন্ধ দুচকুৰে বৈ আহে
নিলজ্জ্য চকুলো
উচুপনিৰ শব্দ হৈ
সেয়ে মোৰ শব্দ প্ৰিয় |

কবিতা :: পগলা প্ৰেমিক --- সমুজ্জ্বল ডেকা

পানীত নামাৰিবি অকাৰণত শিল

দেখা পাবি মুখনিৰ বহুখিনি অমিল

তৰংগই খহাইছে হৃদয়ৰ দুই পাৰ

ঘা হৈ উৱলিব পাতিলে তই বিষাক্ত মায়াজাল ৷

দূৰণিত শুনিছো হাহাকাৰ

সৌৱা পগলা প্ৰেমিকৰ জবৰ্দস্ত হৰতাল !

আঙুলি কাটি তোৰ শিৰত

কৰিব সি ৰক্তদান

মুখমণ্ডল নে ডিঙিত মুকুতাৰ মালা উজলাই

তোৰ উঠাম বুকুতেই বিচাৰিব

সি জীয়াই থকাৰ উৎকৃষ্ট উপাদান;

প্ৰতিদানত প্ৰেম,

দিবিনে তই ?

ধাৰলৈ হ'লেও তাক অকণমান !

কবিতা :: লালকুৰা গাঁৱৰ হালধীয়া ছোৱালীজনী --- মেহেনাজ সৰকাৰ

লালকুৰা গাঁৱৰ সেউজ বননিত
পখিলা হৈ নাচি ফুৰা হালধীয়া ছোৱালীজনী
কুশলে আছানে তুমি
একেই আছেনে তোমাৰ হ্ৰদীয় চকুৰ চাৱনি
দুওঁঠৰ জোনাক জোনাক হাঁহিৰ মোহনা
কাজলসনা চেলাউৰি
সেন্দুৰীয়া ওফন্দা গাল
পছোৱাৰ সৈতে চুপতি মৰা
দীঘলীয়া ক'লা চুলিটাৰি

তুমি হালধীয়া পোছাক পিন্ধানে এতিয়াও
তোমাৰ সৌন্দৰ্য্যত ঈৰ্ষানীয় হৈ
মুখ ভেকাহি ডুবেনে বেলি
পছিমত আকাশত
নাইবা তৰাবোৰে ধৰেনে আগচি
পূৰ্ণ শশীক লালকুৰাৰ সুবাসিত উদ্যানত

কবিতা :: বৰষা --- গোপাল নাথ

এদিন নামিবৈ বৰষা

সপোনৰ লগৰী হ'বলৈ !

তাতে পাতিম মনৰে কথা

নিদিওঁ পৰিচয় মই

সপোনৰ ৰাজ ৰাণীক

প্ৰেমৰ স্মিতি ভাগিবলৈ

বৰষা হৈ সপোন পৰে

এন্ধাৰে এন্ধাৰে !

পাগল পাগল কৰি যায়

মোক পাগল পাগল

এতিয়া যাওঁ ক'লৈ!

এন্ধাৰে এন্ধাৰে !

এতিয়া যাওঁ ক'লৈ !!

কবিতা :: শীতৰ অনুভৱ --- সমুজ্জ্বল ডেকা

পুহমহীয়া ৰাতিপুৱা

কুঁৱলী পৰিছে ইমানকৈ ঘন

শুভ্ৰ চাদৰৰ আঁৰত

নেদেখো ভাল লগা আকাশৰ ৰং

নেদেখো ফুলি ৰোৱা সূৰুযটিৰ বৰণ ৷

অতিপাত শীত নামিছে

ৰক্ত কণিকাবোৰক আক্ৰমণ কৰিবলৈ

বেমাৰৰ বীজাণুবোৰে

টিঘিল-ঘিলাই ফুৰিছে বাটে-পথে

উঠি পৰি লাগিছে

মই ইমানদিনে সাঁচি থোৱা

স্বপ্নাতুৰ হেঁপাহৰ ভঁৰাল নষ্ট কৰিব বিচাৰিছে

আশাবোৰ চেচাঁ পানী হৈ সৰিব ধৰিছে!

এতিয়া জীয়াই থাকিবলৈ মাথো

দেহক ৰ'দৰ উত্তাপ লাগে

ৰ'দৰ উত্তাপতহে দেহটি সুগন্ধিত হৈ পাহ মেলে

মনে বিনন্দীয়া হাঁহি এটি মাৰি

জীৱন নদীত সুখৰ ব'ঠা ব'ব খোজে!

কবিতা :: তোমালৈ বৰকৈ মনত পৰিছে --- মেহেনাজ সৰকাৰ

কলিজাৰ জীয়া জুইকুৰা নুমাবলে
তোমালৈ একলম লিখাৰ প্ৰয়াস কৰিলোঁ
নাজানো কি বুলি ভাবিবা তুমি

আবেলিৰ সূৰ্য ডুবা দৃশ্যৰ
নিৰিবিলিৰ মহা সন্মিলনত
তোমালৈ বৰকৈ মনত পৰিছে
তোমাৰ হাঁহি , চকুৰ চাৱনি
কথা , ষ্টাইল সকলো
যেন নিজৰাৰ স্বচ্ছতাত জিলিকা
সজীৱ দৃশ্য
এটাৰ পিছত আনটো দুলি আছে

কবিতা কি মই নাজানো
কিন্তু
যদি তোমাৰ ভাৱনাবোৰ কবিতা হয়
অথবা কবিতাৰ কোনো শব্দ হয়
তাক মই বুকুৰ স্বচ্ছতাত
অক্ষয় ভাৱে ধৰি ৰাখিম
চিৰদিনৰ বাবে

কবিতা :: অভিশপ্ত বৰ্ষ-২০১৭ --- মিৰাজ জুলফিক্কাৰ ৰহমান

দাওঁ দাওঁ কৈ জ্বলিল মোৰ মন প্ৰাণৰ এটি এটি পল অনুপল ।

যান্ত্ৰিকতাই কাঢ়ি নিলে মুখৰ সৌন্দৰ্য ।
নৰপিশাছে কাঢ়ি নিলে মনৰ আনন্দ।

ক'ত হেৰাল মোৰ সোণালী পৃষ্টাবোৰ..?
যিবোৰ বিচাৰি বিচাৰি আজি মই
ভাৰাক্ৰান্ত।

অভিশপ্ত বৰ্ষ - ২০১৭
কাহানিও ক্ষমণীয় নোহোৱা এক দুৰ্ঘোৰ অন্তৰাত্মা কঁপাই তোলা বৰ্ষ

মোৰ জীৱন ইতিহাসত ধূসৰিত স্মৃতি হৈ থাকিব
অভিশপ্ত বৰ্ষ-২০১৭...।

কবিতা :: বেশ্যা --- সমুজ্জ্বল ডেকা

তোৰ উঁকা কপালত

ৰঙা সেন্দুৰৰ ফোঁটটি কিমান জ্বলে ?

নে মুঠেই নজ্বলে

যদি জ্বলে

ই কিয় ঢিমিক-ঢামাক্ জ্বলে ?

তোৰো এখন বহল হৃদয় আছে

তোৰ মনেও পবিত্ৰতাৰে আকাশ চুব খুজে

কিয় নুবুজে ?

তই অসহায় হ'লে সহায় কৰে

প্ৰতিদান বিচাৰি কিমানেই তোক হাৰাশাস্তি কৰে !

ধৰ্ষণ নতুবা অবৈধ আলিংগন

নাথাকে য'ত ভালপোৱাৰ থ'ল

সুগন্ধিত দেহটি কিমানেই কৰে দাম-দৰ

ইমানকৈ শোষণ কৰাৰ পিছতো

সিহঁতৰ মুঠেই নকমে যৌনতাৰ ভোক-জ্বৰ ৷

কিয় ?

তোকহে নষ্ট কলংকিনী বুলি

সমাজখনে কেৱল উপহাস কৰে

কিন্তু তোক নষ্ট কৰাসকলে

কবিতা :: আধৰুৱা প্ৰেম --- বিষ্ণু বড়া

যৌৱনৰ প্ৰহেলিকা
আঁকি ল’লো ধূসৰ ছবি
বোৱাই লোতকৰ নদী
প্ৰেমৰ সাগৰত সাতুৰী
নিজকে হেৰুৱালো তোমাক বিচাৰি

এচমকা ক'লামেঘে
মনৰ আকাশ আৱৰিল
বুকুৱেদি বাগৰিছে প্ৰতিদিন
তোমাৰ স্মৃতিৰে বিষাদ নামৰ নিজৰা এটি

জুৰুলা হোৱা মৰম
থৌকাসৰকা আশা আৰু
চেদেলি ভেদেলি হোৱা সপোন বোৰ
হৃদয়ৰ একোণত গোপনে সাঁচি
লিখিছোঁ ৰাতি দিন এক কৰি
তোমালৈ থকা ভালপোৱাবোৰে
পংক্তিয়ে পংক্তিয়ে কবিতাৰ ভাষা.....

কবিতা :: আঘোণৰ কবিতা --- মেহেনাজ সৰকাৰ

টোপ টোপ কুঁৱলীৰ ফুলনিত

আঘোণৰ কবিতা সৰে

নিকা হোৱাৰ আগমনী বতৰা দিয়ে

শাৰদীয় জোনে

আঘোণ কবিৰ কবিতাত

আঘোণ লখিমী পথাৰত

আঘোণ কৃষকৰ ঘোলা চকুযুৰিত

আঘোণ ভৱিষ্যতৰ সোণালী টামিঘোঁৰাত ।

কবিতা :: মৰম --- হৃষিকেশ দাস

তুমি হাঁহি থাকিবা পূৰ্ণিমাৰ জোনৰ দৰেই

দুখতো হাঁহি থাকিবা সকলো বিষাদ মোহাৰি

তোমাৰ হাঁহিত বিচাৰি পাওঁ অনাবিল প্ৰেমৰ সুবাস ।

হৰিণী নয়নী যেন তোমাৰ কাজল সনা চকুযোৰিত

মই দেখা পাওঁ প্ৰেমৰ এখন ধুনীয়া সৰগ

চুলি কেইডাল তোমাৰ হেপাঁহত নাচি উঠে

আৰু সেই তোমাৰ গোলাপৰ পাহি যেন গুলপীয়া সৰু ওঁঠ

তাৰ মাজতে বিচাৰি পাওঁ পৃথিৱীৰ সমস্ত মৰম ভালপোৱা ।

কবিতা :: আলহী --- মেহেনাজ সৰকাৰ

শাৰদীয় বতৰৰ দুৱাৰেদি

একো নোসোধাকৈয়ে

তেওঁ আহি সোমালহি

বুকুৰ আচুতীয়া কোঠাত

প্ৰেম নামৰ বিশ্বাসৰ

ফুলদানী সজাবলে

ফাগুণৰ দূৰন্ত পচোৱাত

সুঁহুৰিৰ সুৰ হৈ তেওঁ গ'লগৈ

শিমলু ৰঙৰ দৰেই

কলিজাটো ৰাঙলী কৰি

ডেউকা ভঙা মইটো নিৰৱে পৰি আছে

তেওঁৰেই এবোজা সপোনৰ ফচল হৈ ...

কবিতা :: হিয়া --- হৃষিকেশ দাস

তুমিয়েই মোৰ উশাহ হোৱা

তুমিয়েই মোৰ নিশাহত বোৱা

সিঁৰাই সিঁৰাই বৈ, চেঁচা শোণিত হৈ

তুমি মোৰ হেঁপাহৰ বৰষা হোৱা

জীৱন জীৱনলৈ মৰম সাগৰ হোৱা

বুকুৰ উশাহত গৈ প’লে প’লে জনম লৈ

জোনাকতে উমলাম প্ৰিয়া তোমাক

মৰমৰে নিচুকাম হিয়া তোমাক ...

কবিতা :: কেনে আছা তুমি --- মেহেনাজ সৰকাৰ

অধিকাৰ জানো সোধাৰ ?
তথাপি
সুধিয়েই পেলালো - কেনে আছা তুমি ?

ৰ'বা , অলপ অতীতৰ বঠা মাৰি চাওঁ
মোৰ বাবে আজি কবিতা এটা লিখিবা
কি যে মিঠা আবদাৰ তোমাৰ
কবিতাই নুবুজো ,লিখিম কেনেকৈ ?
প্ৰেম পিয়াসী মন মোৰ
জোৰা - তাপলি মাৰিলে
কেইটামান শব্দৰ শাৰী
হয়তো তাতেই বৈ গৈছিল
প্ৰেম সমুদ্রৰ ধাৰা
মই আবৃতি কৰিলো
মন্ত্ৰ মুগ্ধ ছাত্ৰীৰ দৰে তুমি শুনিলা

কবিতা :: কিয় আহিছিলা --- গোপাল নাথ

কিয় আহিছিলা মোৰ

আন্ধাৰ জীৱনলৈ

এটা জোনাকি পৰুৱা হৈ ।

তুমি হয়তো নাজানা

তোমাৰ পোহৰৰ উত্তাপ কিমান ?

আন্ধাৰ ৰাতি তোমাৰ সেই জিক-মিক

পোহৰত মোৰ জীৱনৰ বাটতো খ’লা-ব’মা

দেখো অ’ নাহিবা মোৰ পিছে পিছে ।

কবিতা :: বজাৰ --- বিপুল কাকতি

এখন কোলাহ’ল মানৱ অৰণ্য
কি যে নিষ্ঠুৰ
কি যে হৃদয়হীন
এই মানৱৰূপী দানৱ বিলাক

প্ৰলোভনকাৰী মানৱৰ মিছা প্ৰলোভন
প্ৰভাতি কিৰণৰ পৰশত
সেক লোৱা দুৱৰি পাতৰ
জিকমিক নিয়ঁৰ বোৰৰ দৰে
এই মানৱ জীৱন

অথবা কচু পাতৰ বুকুত
বিশ্ৰাম কৰা
পানী টোপাল বোৰৰ দৰে
এই মানৱ জীৱন
কোনো ভৰসা নাই
কেতিয়া যাত্ৰা কৰে
তাৰ প্ৰকৃত স্থানলৈ

এই নিষ্ঠুৰ মানৱৰ অস্থায়ী জীৱন
সুলভ মূল্য দোকানৰ দৰে
মানৱতাৰ বেচা কিনা কৰিছে
মানুহৰ মূখা পিন্ধা দানৱ বোৰে

কোলাহ’ল মানৱ অৰণ্য
কোলাহ’ল মানৱ অৰণ্য

কবিতা :: সেউজীয়া নিচা --- মেহেনাজ সৰকাৰ

এপিয়লা মদৰ ৰাগিত
কেইটামান টুকুৰা শব্দৰে
তোমাক আঁকিলো

খৰস্ৰোতা নৈ হৈ
বৈ গ'ল
অনামী সেউজীয়া নিচা ॥

কবিতা :: তুমি হাঁহি থাকিবা --- গোপাল নাথ

তুমি হাঁহি থাকিবা
দুখতো হাঁহি থাকিবা কিয় জানা
তোমাৰ হাঁহিত বিচাৰি পাওঁ
নিভাজ প্ৰেমৰ সুবাস ।
সৰু সৰু তোমাৰ দুটি চকু
কপালৰ আগৰ অলকা কেইডাল
আৰু সেই তোমাৰ গুলপীয়া সৰু ওঁঠ
তাৰ মাজতে বিচাৰি পাওঁ
মৰম ভালপোৱা ।

কবিতা :: প্ৰথম প্ৰেম --- ৰফিকুল ইছলাম

প্ৰথম দেখাৰে পৰা
ভাল পাওঁ তোমাক মই
চিৰদিনৰ কামনাৰে
প্ৰথম প্ৰেমৰ প্ৰথম প্ৰস্তাৱ
দিছো মাত্ৰ তোমাকে মই
আই লাভ ইউ ডাৰলিং
প্ৰিয়া প্ৰেয়সী জানমনি
কৈছো জীৱনত
তোমাকে প্ৰথম....
প্ৰেমৰ গভীৰতকৈ গভীৰ আলাপ
কৰিছো জীৱনত প্ৰথম
তোমাৰে লগত........
কামনা কৰিছো
আশা কৰিছো
তুমিয়ে যেনেকৈ প্ৰথম প্ৰেমিকা
তুমিয়ে মোৰ শেষ.....

কবিতা :: বেশ্যাৰ উচুপনি --- বিষ্ণু বড়া

এতিয়া
দীঘলীয়াকৈ সেওঁতাত আঁকি ল’বলৈ
আৰু আশা নাই
আবেলিৰ সূৰ্য্যৰ
সেন্দুৰীয়া ৰেখা....
.
..
য’তনেৰে সাঁচি ৰাখিছিলো
মোৰ যৌৱন
মোৰ আশা......
হেঁপাহেৰে আঁকিছিলো
গোপন কোঠাৰ চাৰি বেৰত
স্বপ্নময় ছবি ......
.
..
আয়ে কৈছিল
দীঘলকৈ ওৰণি ল’বি
সেওঁতাৰ সেন্দুৰীয়া আলিটো ঢাকি
আইৰ কোৱা মতেই ভাৱিছিলো
আন এগৰাকী নাৰীৰ দৰেই
প্ৰাণভৰি হাঁহিছিলো
প্ৰেম - ভালপোৱা , বন্ধু আৰু বহু সমন্ধৰ
নিমিলা জীৱনৰ অংক বোৰ
মইও বহু যোগ বিয়োগ কৰিছিলো.......
.
..

কবিতা :: ভালপোৱা জিন্দাবাদ --- মেহেনাজ সৰকাৰ

জাকি মাৰি গুচি গ'ল
প্ৰেম সন্ধানী মন
বাটে -উপবাটে সৰি পৰিল
ফাগুনৰ ৰঙ
শুকান কলিজাও তিয়াই পেলালে
মাঁথো শাওনৰ প্ৰথম জাক বৰষুণৰ শ্লোগান
ভালপোৱা জিন্দবাদ , ভালপোৱা জিন্দবাদ ...

কবিতা :: কেতিয়া আহিবা --- গোপাল নাথ

আহিবা কেতিয়াবা সেই

ৰাধাচূড়া গছজোপাৰ তললৈ

মোক তোমাৰ গুনগুননি কথা

আৰু বিষাক্ত কথাবোৰ শুনাবলৈ

মোৰ আঁউসী ৰাতিৰ

এটি জোনাকী পৰুৱা হৈ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,222
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:857
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,625
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,465
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,220