অসমীয়া আধুনিক কবিতা

অসমীয়া আধুনিক কবিতা

কবিতা :: নিৰৱতা --- জানকী ৰায়

মোৰ মনৰ পঁজাঘৰত
নিৰলে বিচৰণ কৰি ফুৰা
মুহূৰ্তবোৰতো নাই আজি
সেই স্নিগ্ধ সৰলতা তোৰ
.
নিসংগ নিৰ্জন নিশাবোৰতো
তই আজি নাই
অবিশ্ৰান্ত মৃত্যুৰ কোলাহলে
অভ্যস্ত কৰি পেলাইছে তোক
.
বিষন্নতাই আৱৰা বুকুৰ মাজত
ধুমুহাৰ তান্ডব চলিছে
তোক বিচাৰি অবোধ হৃদয়ে
হাঁহাকাৰ কৰিছে
.
তই সঁচাই বৰ দুৰ্ভগীয়ানে
নিঠৰুৱা নাজানো
বাৰে বাৰে দেখোন পৰাজিত তই
বিজ্ঞানৰ জোঁৱাৰৰ গৰাহত
নিজৰ অস্তিত্ব হেৰুৱালি
আৰু আজি
সময়েও প্ৰতিহত কৰিছে
তোৰ মুক্ত বিচৰণত ... !!

কবিতা :: মোৰ পদচিহ্নই কব --- ছাবিনা আলিয়া

মোৰ পদচিহ্নৰ ওপৰেদি পাৰ হৈ যাব অজস্র ঢৌবোৰ,
যুগে যুগে কৃষকসকলে চহ কৰিব ইয়াৰ বুকুত,
দুবাহু মেলি গঢ়ি উঠিব সেউজীয়া অৰণ্য,
গৰাখহনীয়াই ঢাপে ঢাপে খহায় নিব ইয়াৰ অংশ,
বানে আকৌ গঢ়িব বুকুৰ মাটিৰে,
উত্তৰপুৰুষবোৰ পূৰ্বপুৰুষ হৈ থাকিব,
বছৰৰ পিছত বছৰ যাব, যুগৰ পিছত যুগ,
এটি নামৰ বৰ্ণবোৰে সংযোগ হেৰাব,
কিন্তু মোৰ পদচিহ্নই নিশ্চয় কব
এসময়ত মই ইয়াতে থিয় হৈ আছিলো |
.
মোৰ সংগীতে সুৰ হেৰাব ,
সুৰে তাল আৰু লয় হেৰাব,
তালবোৰ কাৰোবাৰ দাসত্বত তল-ওপৰ হব ,
মই নাথাকিম, কিন্তু ই মোৰ গীতেই গাব |

কবিতা :: কাশী --- চিন্ময়ী দাস

মৃত্যু উপত্যকাত উৰি ফুৰে সুৰ
বেসুৰা জীৱনৰ
.
মোৰ আৰম্ভণিৰ পৰা
সকলোবোৰ প্ৰাসংগিক‌ পংক্তিৰ পৰা
.
ইয়াত একো নাই
মৃত্যু পৰ্যন্ত আৰু
মৃত্যুৰ বাহিৰে
.
গংগাই কথা কয়
এই জীৱন উচ্ছ্বাসৰ
এই জীৱন মৃত্যুৰ...
.
পানীৰ সতেই বৈ যায় বিননি
আপোন তেজ
.
ইতিহাসৰ লিপিবদ্ধ চহৰখন
চিনাক্ত অথচ বস্তুনিষ্ঠ অচিনাক্ত চহৰখন
চাকিবোৰৰ সমুখত জ্বলি ৰয় বিশ্বনাথ
.
আকাশখন সমুখত লৈ ঘুৰি থাকে চাকিবোৰ
নিৰন্তৰ প্ৰাচীন চহৰখন
.
চাকিবোৰ মানুহৰ কৌতুহল
ভক্তৰ অৱচেতন বাসনা

কবিতা :: ফাগুন --- চিন্ময়ী দাস

দিদিজনীয়ে এটা এটাকৈ ফুল গুজিছিল শাৰীখনত
কণমইনাৰ অবাক চকুজুৰি থৰ লাগি চাইছিল
.
সোনাঝুৰিৰ শনিবাৰীয়া আবেলিটো ভাল লগা হৈ পৰিছিল
.
দিদি খৰকৈ গৈছিল
এটি এটি সৰু ফুল বাগৰি আহিছিল ধুলিয়ৰি বাটত
.
সৰু সৰু ফুলবোৰ এতিয়াও আছে
বতাহত বিয়পি পৰিছে ...
সৌৰভ !!

কবিতা :: অসীমতা --- চিন্ময়ী দাস

চিতাৰ জুইত ৰাতিবোৰ পুৱায়
আন্ধাৰ বোৰে তুলি লৈ যায় মোৰ
ঢৌবোৰৰ সোঁতে সোঁতে
অনন্তকাল বিশ্বনাথ শুই থাকে
সাৰ নাপায়
সাৰ নাপায়
জীৱনে পাৰ নাপায়
.
ব্যাকুল অসীমতাবোৰ সাবটি
গুচি যায়
উৰি যায়
উটি যায়
সমস্ত অলিখিত অশ্ৰুজল
.
(গংগাৰ দীঘল শৰীৰত মই বিয়পি পৰিছো
নগ্নস্তন গলি বৈ পৰিছে
পানীৰঙৰ আঙুলিবোৰে চুমিছে অশ্ৰুজল)
.
কঁপা কঁপা ওঁঠ যুৰি
সাৰ পাই উঠে
.
অলিখিত মায়া
বিধাতা
.
নিজৰ মাজতে গংগাৰ নিজকে হেৰুৱাই ...!

কবিতা :: বিভ্ৰান্তি --- চিন্ময়ী দাস

আজীৱন প্ৰেমৰ সংজ্ঞা...
তুমি জাগিছানে !!
কিদৰে বহন কৰিছাঁ এই প্ৰাপ্তি
.
নিদাৰুণ...কৰুণ লিপ্সা
.
ৰৈ ৰৈ কাক হেৰুৱালো মোৰ সকৰুণতাত...
এতিয়া কি ভাল পাওঁ বসন্ত উৎসৱ নে বাউলগীতি
সপোন বিভ্ৰান্তিৰ প্ৰতিৰূপ...
অনাকাংক্ষিত বিচ্ছেদ
.
সকলোবোৰ অপ্ৰাসংগিক‌ !!

কবিতা :: শব্দ --- অবিনাশ কলিতা

শব্দই
বীজ হৈ গজে
ফুল হৈ ফুলে
অনুভূতিৰ
অগনি হৈ জ্বলে।

পোহৰৰ দূত হৈ
শব্দই নিতে
অন্তৰীক্ষ ধিয়ায়
অনন্ত সুৰৰ তৃষাত
শব্দৰ যেন
কণ্ঠ শুকায়
তথাপি
গীতৰ সুৱদি বাকি
পৰাণ জুৰায় ।

কথা মালিকাৰ
গন্ধ হৈ শব্দই
জগত–জীৱন
আমোলমোলায় ।

শব্দই দেখোঁ
প্ৰেম বিগলিত বুকু
ইখনিৰ পৰা সিখনিলৈ
সেতু বান্ধে

কেতিয়াবা
শব্দই কাঁইট হৈ
আৰু সেই বুকুতেই
দেখোঁ বিন্ধে।

শব্দৰ
বিকাৰ–বিচ্যুতি
কিম্বা
অনুচিত নিক্ষেপণে

কবিতা :: কবিতা কবিৰ জীৱন গছৰ ছাঁ --- অবিনাশ কলিতা

আখৰ বা শব্দৰ
নাই যে ভৌতিক শৰীৰ
নাই শিপা–ছাল,
ডাল–পাত–ফুলৰ অপৰূপ বাহাৰ।

জানো,
কবিতাও তেনেই অশৰীৰী
অভিন্ন আত্মাস্বৰূপ কবিৰ
সুখে–দুখে আজন্ম সহচৰী ।

প্ৰমাদবশতঃ
প্ৰেমিক কবিয়েতো
সাদৰ আঙুলি বুলাই
চাব খোজে লিৰিকি বিদাৰি
কবিতাৰ ছাইৰঙী চুলিটাৰি।

শব্দৰ জোনাকত তিতি বুৰি
প্ৰেমাকুল কবিয়ে চাই ৰয়
কবিতাৰ সেই নীলিম চকুযুৰি
আছে য’ত উজলি
আলফুলীয়া সপোনৰ শাৰী !

অমল প্ৰেমৰ সঁফুৰা বিলাই
জীৱনৰ ভিতৰে বাহিৰে মোৰ
কবিতাই যে বিচৰণ কৰে
উটি ভাহি ফুৰে হিয়া আকাশত

কবিতা :: আত্মিক --- অবিনাশ কলিতা

ঘনেপতি মনত পৰা
উজাৰি দিওঁ বুলিও কাকো
দিব নোৱৰা
ৰাখোঁ বুলিও যে গুপুতে
ৰাখিব নোৱৰা
তেনে আশৈশৱ পালিত
এৰি অহা দিনৰ যত কথা
সিয়েই বুকুত দিয়েহি ব্যথা !
.
হৃদয় উপচি পৰা
সমস্ত দুখ মোৰ
সঁচাকৈ উৱলি যোৱা হ’লে
বৰ ভাল আছিল
পুৰণি চাদৰখনিৰ দৰে !
.
জীৱনৰ ভূগৰ্ভৰ পৰা নিৰ্গত
হুমুনিয়াহবোৰ ভাপ হৈ
উৰি যোৱা হ’লেতো
কথাই নাছিল —
ঠিক কৰ্পূৰৰ
ফুৰফুৰীয়া গোন্ধটিৰ দৰে !
.
জাপ খাই থকা দুখৰ
পুৰণি কাগজবোৰকে
কাটি–কুটি যদি
আনে সুখৰ চিলা সাজি উৰুৱায়
কোনেনো বুজিব

কবিতা :: পিক্-নিক্ --- সমুজ্জ্বল ডেকা

তোমালোকৰ দৰে মোৰো পিক্-নিক্ যাবৰ মন
পিক্-নিক্ মানে বিচাৰো এনে স্থল য'ত বালিচাপৰিত বতাহৰ স'তে হালি-জালি নাচে কঁহোৱা বন
আৰু কিছু দূৰৰ পৰা ভাহি আহে নৈখনিৰ স্ৰোতধ্বনিৰ গুঞ্জন ৷

পিক্-নিক্ মানে বিচাৰো এনে স্থল য'ত সেউজীয়া প্ৰকৃতিৰ প্ৰেমত পক্ষীৰ জাঁকে জুৰে অমীয়া সুৰৰ গান
আৰু স্বচ্ছতাৰ নিদৰ্শন সেই ঠাই যি ভূমিৰ পৰশনত মন জীপাল নিয়ায় ৷

পিক্-নিক্ মানে বিচাৰো এনে স্থল য'ত থাকে জলপ্ৰপাত কিম্বা ঝৰ্ণা-নিজৰা আদিৰ দৰে সৌন্দৰ্যৰ সমল
সৰু-বৰ শিলবোৰে য'ত আজীৱন স্নান কৰি সুখী হয়
দিনত ৰ'দালিৰ মুখলৈ চাই আনন্দত ৰই

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,392
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,610
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,192
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,214