প্ৰকৃতি বিষয়ক কবিতা

প্ৰকৃতি বিষয়ক কবিতা

কবিতা :: সন্ধিয়াৰ ছবি --- দিলীপ কুমাৰ শৰ্মা

হাচনাহানাই গোলাপৰ স’তে
মিচিকিয়াঁ হাঁহিৰে
চকুৱে চকুৱে কথা পাতে ।
সেন্দুৰীয়া বেলিৰ হেঙুলী ৰহনবোৰে
চুমা আঁকি দিয়ে সেউজীৰ দুগালত ।

আকাশী পথেৰে উভতনি চৰাইজাকৰ
শৃংখলিত চিক্ চিকনি
সৰিয়হ তলিৰ জাবৰ জ্বলা গোন্ধ
শুকুঁলা ডাৱৰৰ কণিকাবোৰ চুই চাবলৈ
উৰ্ধমুখি ধোৱাবোৰৰ হেতাওপৰা !

বাহনি ডৰাৰ মাজে মাজে
গো-বাটটোৰে ঘৰমুৱা গৰুজাক
মলয়া চাটিৰ স’তে ভাহি আহে
গৰখীয়াৰ বাঁহীৰ মন পৰশা সুৰ ।
মন্দিৰৰ ডবা বৰকাহৰ ধ্বনিৰে
মুখৰিত আকাশ বতাহ
অন্য এক সুপ্ৰভাতৰ প্ৰতিশ্ৰুতিৰে
অৰুণে মেলানি মাগে
মহাসমুদ্ৰৰ সিপাৰলৈ ।।

কবিতা :: ফাগুনৰ বতৰা --- দিলীপ কুমাৰ শৰ্মা

ধূসৰ উদং পথাৰত
সেন্দুৰ সনা ৰঙৰ
পোহাৰ লৈ
তুমি পলাশ ।
লঠঙা গছবোৰৰ ডালে ডালে
পছোৱা বতাহে সিঁচি দিয়ে
তোমাৰেই ৰং ...

শুকান পথাৰৰ
আলিয়ে আলিয়ে
চিনাকী সুৰৰ মাজত
তুমি ফাগুনৰ পলাশ ।
উন্মনা প্ৰেমিকাৰ
ধমনীৰ চালিকা শক্তি
হৃদয়ৰ ৰং...

তুমি উতনুৱা ফাগুনৰ পলাশ
তোমাৰ ৰঙেৰে
ৰাঙলী হয়
সন্ধিয়াৰ বিস্তৃত পৰিধি ।
মৌন আকাশে মিচিকিয়াই হাঁহে
নিলাজ সময়ে সখীৰ সতে
আলিঙ্গন কৰে
সৰা পাতবোৰে প্ৰাণ পায় ।

কবিতা :: শিমলু --- বিক্ৰম কলিতা

শিমলু

গছৰ ডালত ৰক্ত ৰঙৰে

আভূষণ পিন্ধিছে,

বহুদিন হ'ল শিমলু দেখা নাই...

চুই চাওঁ তাৰ সুকোমল পাপৰি ।

সুঘ্ৰাণ লওঁ তাৰ মাতাল গোন্ধ,

যেন মই মদিৰাত আসক্ত ।

এইয়া শিমলু ফুলাৰ বতৰ

শিমলু ফুলা বতৰত হেনো এজাৰে

বেজাৰ মনেৰে নুফুলে ।

শিমলু ফুলা মানে প্ৰেমৰ বতৰা

শিমলু ফুলে দিয়ে ফাগুনৰ জাননী,

লহপহকৈ বাঢ়ি সোঁৱৰাই দিয়ে

বসন্তৰ উপস্থিতি ।

জীৱন বাটত গৈ থাকোঁতে কেতিয়া

শিমলুৰ দৰে ৰক্তাক্ত হৈ গ'ল গমেই নাপালোঁ ।

এনেকুৱা যেন লাগে পথৰ দাঁতিত

শিমলু পৰি থাকিলে হৃদয়খন

ৰক্তাক্ত হৈ ধূলিয়ৰিত

কবিতা :: বৃক্ষ --- সমুজ্জ্বল ডেকা

জন্মিয়েই বাঢ়িছা

মাটিৰ তললৈ বিন্ধিছা

পদূলি মুখখনি তোৰ বাবেই মনোমোহা ৷

ইমান সৰুতে পাইছিলো তোক

মাত্ৰ আছিলে দুটি পাত

এতিয়াতো যৌৱনা গাভৰু হ'লি

ডাল ভৰা পাতবোৰ সৰি সৰি

নেদেখা হয় ৰাতিপুৱা-গধূলিৰ অহা-যোৱা বাট ৷

মোৰ খং নাই

আইজনীও তোক বহুত ভালপায়

চিনাকি পক্ষীৰ গীত শুনি শুনি

তোৰ ফল পাবলৈ আশাৰে বাট চাই;

তোক ল'ৰালিৰ দিনৰে পৰাই বৰ ভালপাওঁ

দুহাত সাবটি কৰো হেঁপাহৰ আলিংগন

মনত আছেনে ?

কেতিয়াৰ পৰা লৈছিলো দায়িত্ব ভৰণ-পোষণৰ

ক'তনো লৈছিলি প্ৰশিক্ষণ তই ?

কবিতা :: ফাগুনৰ অনুভৱ --- বিষ্ণু বড়া

ফাগুন যেন এটি সুমধুৰ গীতৰ গুণগুণনি
ফাগুন মানেই এজাক কুমল বতাহে
চুমি যোৱা হৃদয়ৰ কঁপনি।
যি ফাগুণে শীতৰ লঠঙা হোৱা
গছ বিৰিষৰ ডালে ডালে
সেউজীয়া ৰং বুলাই দিয়েহি.….

ফাগুন যেন এখনি ধূলিয়ৰী ভাৱনাৰ আকাশ
ফাগুন মানেই শিমলু মদাৰ পলাশৰ
তলসৰা বিষাদৰ বিননি
যি ফাগুনে প্ৰতি জন প্ৰেমিক প্ৰেমিকাৰ
নিসংগতাৰ দৰদী হৃদয়লৈ
মাতি আনে এজাক বিষাদৰ বৰষুণ...

কবিতা :: এটুপি পানী --- গোপাল নাথ

হে'ৰা সখী মোৰ বৰ পিয়াহ লাগিছে অ’
মই এটুপি পানী পোৱা হ'লে,

সখী আজি মই ভিক্ষাৰী হৈ গ’লো অ’
মাথো এটুপি পানীৰ বাবে ।
মোক পানী টুপি বৰ প্ৰয়োজন অ’
সখী কিবা এটা কৰা ।

পিয়াহত মোৰ প্ৰাণ যায় যায়
আজি এটুপি পানী দি মোক
অন্ততঃ জীয়াই থাকিবলৈ দিয়া সখী !

মোৰ মনত বহুত আশা আৰু
সপোন এতিয়াওঁ আছে তাক তুমি
ভাঙিবলৈ নিদিবা সখী ।

তোমাক আকৌ কৈছো মই
মোৰ বৰ পিয়াহ লাগিছে অ’
মোক এটুপি পানী দিয়া ।।

কবিতা :: শীতৰ অনুভৱ --- সমুজ্জ্বল ডেকা

পুহমহীয়া ৰাতিপুৱা

কুঁৱলী পৰিছে ইমানকৈ ঘন

শুভ্ৰ চাদৰৰ আঁৰত

নেদেখো ভাল লগা আকাশৰ ৰং

নেদেখো ফুলি ৰোৱা সূৰুযটিৰ বৰণ ৷

অতিপাত শীত নামিছে

ৰক্ত কণিকাবোৰক আক্ৰমণ কৰিবলৈ

বেমাৰৰ বীজাণুবোৰে

টিঘিল-ঘিলাই ফুৰিছে বাটে-পথে

উঠি পৰি লাগিছে

মই ইমানদিনে সাঁচি থোৱা

স্বপ্নাতুৰ হেঁপাহৰ ভঁৰাল নষ্ট কৰিব বিচাৰিছে

আশাবোৰ চেচাঁ পানী হৈ সৰিব ধৰিছে!

এতিয়া জীয়াই থাকিবলৈ মাথো

দেহক ৰ'দৰ উত্তাপ লাগে

ৰ'দৰ উত্তাপতহে দেহটি সুগন্ধিত হৈ পাহ মেলে

মনে বিনন্দীয়া হাঁহি এটি মাৰি

জীৱন নদীত সুখৰ ব'ঠা ব'ব খোজে!

কবিতা :: আঘোণৰ কবিতা --- মেহেনাজ সৰকাৰ

টোপ টোপ কুঁৱলীৰ ফুলনিত

আঘোণৰ কবিতা সৰে

নিকা হোৱাৰ আগমনী বতৰা দিয়ে

শাৰদীয় জোনে

আঘোণ কবিৰ কবিতাত

আঘোণ লখিমী পথাৰত

আঘোণ কৃষকৰ ঘোলা চকুযুৰিত

আঘোণ ভৱিষ্যতৰ সোণালী টামিঘোঁৰাত ।

কবিতা :: পোক --- সমুজ্জ্বল ডেকা

পুহমহীয়া হাড় কপোৱা শীতত
কুৱঁলীময় আৱৰণ ফালি
যেতিয়া মই কেঁচা ৰাস্তাটোৰে আগবাঢ়ো
হঠাৎ মোক
মোৰ বুকুৰ একোণত বাহ লোৱা
পোকটোৱে বাধা দিয়ে
মাজে মাজে ই বখলিয়াই কামোৰে ৷

যেতিয়া মৰুভূমি সদৃশ বালিচৰৰ মাজেৰে খোজকাঢ়ি
মই গন্তব্যস্থান পাবলৈ জেদী হৈ পৰো
মই ধুমুহাত উৰি উৰি
স্বচ্ছ দেহ মলীন কৰা ধূলিলৈ ভ্ৰূক্ষেপ নকৰো
এই পোকটোৰ বাবেহে
মই ভাগৰুৱা পথিক হৈ অশান্তিত ভুগো ৷

কবিতা :: ভালপাওঁ নদী আৰু নাৰী --- ছানকুমাৰ কলিতা

নদী ভালপাওঁ আগৰপৰাই
কাৰণ নদীয়ে হৃদয়ৰ ভাষা বুজে,
নদীয়ে কথা কয়
নদীয়ে কৃষ্ণচূড়াৰ নিচাত মাতাল হ'ব জানে
নদীয়ে চটফটাই বিৰহ সাগৰ সংগমৰ ব্যাকুলতাত ।
নদীয়ে কেতিয়াবা হীৰুদাৰ প্ৰেমত পৰে----
“তুমিটো জানাই এই কবিৰ আৰু একোৱেই নাই,
এটায়েই মাথোঁ কামিজ তাৰো ছিঙো-ছিঙো ছিলাই,
প্ৰেম চাগে এনেকুৱাই আৱৰণ খুলি হিয়া জুৰাই" ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,094
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,554
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,764
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,504
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,284