প্ৰেমৰ Assamese কবিতা

কবিতা :: আৱেগৰ চন্দোদয় --- তপন গগৈ

তুমি তুমি লগা
অনুভৱৰ পদূলিত
তুমি ৰোৱা শেৱালীৰ সুগন্ধী।
.
কুঁৱলীৰ সিপাৰে
জুমি চাওঁ তোমালৈ....
কিজানিবা দেখা পাওঁ তোমাৰ
উভতনি যাত্ৰা ।
.
জোনাক ভৰা আকাশত
তৰাৰহতে গণো ক্ষণ
তোমাৰ অনুভৱ বুকুত সাৱতি
শুই পৰো দুবৰী দেশত ॥
.
দুহাত মেলি আকাশলৈ চাওঁ....
আৰু
আৱেগতে কওঁ
"মুখ তোলা চন্দ্ৰবদনী
চাওঁ মই চন্দোদয়"
.
নিয়ৰৰ কপাহী ভাজত
উৰুৱাই দিওঁ জোনাকী জনী !
অচিন দিশত ভাহে
দৰদী বাঁহীৰ সুৰ ॥

কবিতা :: জালুকবাৰী --- জিতুল কলিতা

মাতাল নগৰৰ উৰ্ধত যেতিয়া হওঁ নিশাচৰ,
সময়ৰ ব্যাকুলতাত জীৱন হয় বৰ ব্যস্ত,
অৰ্ধনগ্ন সমাজৰ ঢৌত বিচ্যুতি ঘতে লক্ষ্যৰ।
পথৰ দাঁতিৰে যেতিয়া খোজকাঢ়ি ফুৰোঁ
দেখো মানুহৰ হেজাৰ নতুন অৱতাৰ।
.
.
.
সময় তেনেকৈ ৰৈ যায়..
হয়তো সেইবোৰ কবিতা লিখিব নোৱাৰি।
জালুকবাৰীৰ নিমাসিকতাত যেতিয়া সময় উৰি ফুৰে
অযুহাত হয় সময়, নিসংগ হয় কলম
ষ্ট্ৰীট লাইটৰ পোহৰত হেৰাই কেতিয়াবা
কাৰোবাৰ সপোন, কাৰোবাৰ যৌৱন
হয়তো সেইবোৰ কবিতা লিখা নহয় কাহানিও
এই বিষাদ জালুকবাৰীৰ কথা।
.
.
.
ঘনে ঘনে হোৱা সময়ৰ মিছিল পৰিবেশত

কবিতা :: তোমাৰ অনুপস্থিতিত --- দিপাংকৰ ভাগৱতী

তোমাৰ অনুপস্থিতিত আৱেলিৰ আকাশখনলৈ চাই ৰ'লে,
আৱেগ যেন হৈ পৰে সময়বোৰ,
তোমাৰ বাবে ৰচি ৰখা কবিতাবোৰেও আজি ,
সময়ৰ সোতঁত দিশহাৰা হৈ পৰে,
সন্ধিয়াৰ চেঁচা বতাহজাকে যেন,
আজি তোমাৰ অনুপস্থিতিক অনুভৱ কৰালেহি,
মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকা এক অজান প্ৰেমিক।
অলেখ স্বপ্ন ৰচি পাৰ কৰা উজাগৰি নিশাবোৰ,
আৰু তোমাৰ বাবে সাচি ৰখা মৰমবোৰ,
বৰ যন্ত্ৰণা অ',
এতিয়া যেন সময়বোৰো নিষ্ঠুৰতাৰ মাজত আৱদ্ধ,
আকাশৰ উৰণীয়া নেজাল তৰা,
আৰু তোমাৰ সৈতে দেখা হোৱা একেই লগা হৈছে,
তোমাৰ অনুপস্থিতিত
বৰ মনত পৰে অ'।

কবিতা :: আপোন --- সোণমণি গোহাঁই

আঙুলিৰ ফাঁকেৰে সৰকে ঠুনুকা সময়

জন্ম দি কিছু নতুনত্বৰ,

তুমিওতো মোৰ সময়ৰে মহৎ উপহাৰ;

দুচকুত মৰম, দুবাহু ৰক্ষাৰ কৱচ ।

মোৰ জুনুকাৰ তীক্ষ্ণ শব্দ নিগৰে তোমাৰ বাবে,

মোৰ খৰখোজৰ লগে লগে,

হৃদয়ৰ হিমবাহেও অস্তিত্বৰ উমান দিয়ে ।

কবিতা :: ফুল - তোমাৰ মৰম --- সোণমণি গোহাঁই

সিদিনা যে তুমি দিছিলা
তেনে এপাহি গোলাপ তেজৰঙা,
আজিও সাঁচি থৈছোঁ জানা !
তাৰেই গোন্ধেৰে আমোলমোল
মোৰ হৃদয়ৰ সৰু খোটালি,
য'ত তোমাৰ বসতি ।
অভিমানবোৰো যে আৰু...
বাৰে বাৰে আহে;
অৱশ্যে নাহিবনো কিয়,
ফাগুন যদি প্ৰেম, পছোৱা তাৰ স্নেহ ।
ফাগুনে হৃদয় বান্ধে,
পছোৱাই কাষ চপাই আনে ।
বহাগে ৰহন সানে, শাওনে জীপাল কৰে,
আৰু আহিনে...
আহিনে কান্দোন জোৰে,
যি কান্দোনে চকুহাল মেলে
কণমানি এপাহি ফুল হৈ ।

অনুভৱ ৷৷ জিণ্টু্ হালৈ ৷৷ প্ৰেমৰ অনুভৱৰ অসমীয়া কবিতা

জীৱনৰ প্ৰতিটো পল-অনুপল

তোমাৰ নামতেই উচৰ্গিত

বুকুত নিৰৱে কিৰিলিয়াই উঠে

সপোন জাকে

যদিও নাজানো তোমাৰ অনুভৱ কি ?????

তথাপিও......

হৃদয়ৰ দলিচাত আলফুলে

সাঁচি ৰখা মৰমবোৰ

নিগৰি ৰয় কেৱল তোমাৰ বাবে

কি ভুল আছিল মোৰ

কিয় কঢ়িয়াব লগা হ'ল যন্ত্ৰনা

মৰম, ভালপোৱা, সময়

একোৰেতো আভাৱ নাছিল

তথাপিও

আচলতে মই বুজি নাপালো তোমাক

কি বিচাৰিছিলা মোৰপৰা...

++++++++++++++++++++++++++++++

জিণ্টু্ হালৈ

বৰষা --- কিশোৰ কলিতা

বৰষা তুমি অাহা না

তোমাৰ পৰস পাবলৈ মই যে বিয়াকুল...

তুমি আহিবা বুলি মই বহু দিনেই বাট চাঁলো ৷

কিন্তু তুমি অহাৰ কোনো বাতৰিয়েই নাই ৷

তোমাৰ মৰমেৰে মোৰ শুকান হৃদয় খন উপচাই দিয়া ...

তোমাৰ মৰমত মোৰ মনতো হৈ পৰক সেউজীয়া ৷

*************************************************
কিশোৰ কলিতা
মংগলদৈ
ফোন নং : ৯৭০৭৪৯৯৩৩১

ভালপোৱা - কবি বিকাশ কলিতা

ভালপোৱা

ভালপোৱা কি কোনোবাই জানো বুজাব পাৰে,

আৰু কোনোবাই বুজিও জানো বুজি পায় ।

কি হয় এই ভালপোৱা

আছে ইয়াত কি ?

হয়, ইয়াক বুজিব পাৰি

যিয়ে ইয়াক পাইছে

যিয়ে ইয়াক হেৰুৱাইছে,

এই ভালপোৱাই মনত সুখ দিব পাৰে,

পাৰে দুখ দিবও ,

তযাপিও ভালপোৱাৰ আছে বহু শক্তি

যাক সহজে বুজিব নোৱাৰি........

*******************************************
বিকাশ কলিতা
Email : bikashkalita91@gmail.com

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,274
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,427
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:944
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,025