সাম্প্ৰতিক সময়ৰ কবিতা

কবিতা :: জালুকবাৰী --- জিতুল কলিতা

মাতাল নগৰৰ উৰ্ধত যেতিয়া হওঁ নিশাচৰ,
সময়ৰ ব্যাকুলতাত জীৱন হয় বৰ ব্যস্ত,
অৰ্ধনগ্ন সমাজৰ ঢৌত বিচ্যুতি ঘতে লক্ষ্যৰ।
পথৰ দাঁতিৰে যেতিয়া খোজকাঢ়ি ফুৰোঁ
দেখো মানুহৰ হেজাৰ নতুন অৱতাৰ।
.
.
.
সময় তেনেকৈ ৰৈ যায়..
হয়তো সেইবোৰ কবিতা লিখিব নোৱাৰি।
জালুকবাৰীৰ নিমাসিকতাত যেতিয়া সময় উৰি ফুৰে
অযুহাত হয় সময়, নিসংগ হয় কলম
ষ্ট্ৰীট লাইটৰ পোহৰত হেৰাই কেতিয়াবা
কাৰোবাৰ সপোন, কাৰোবাৰ যৌৱন
হয়তো সেইবোৰ কবিতা লিখা নহয় কাহানিও
এই বিষাদ জালুকবাৰীৰ কথা।
.
.
.
ঘনে ঘনে হোৱা সময়ৰ মিছিল পৰিবেশত

কবিতা :: আমি ইমান নিষ্ঠুৰ কেনেকৈ হওঁ --- জাহাঙ্গীৰ আলম

সেইদিনা আছিল ভেলেণ্টাইনডে
ইফালে সমগ্ৰ দেশৰ নবীন তৰুণতৰুণীৰ
ব্যাকুল মনৰ ভাৱবোৰ ব্যক্ত কৰাৰ ক্ষণ
এজনে আনজনৰ নয়নৰ সতে নয়ন মিলাই
ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ মন ৷

কিন্তু এইবাৰৰ ভেলেণ্টাইনডে যেন
আপোন ভাতৃ হেৰুৱাৰ দুখ আৰু শোকত
কান্দি কান্দিহে পাৰ কৰিব লাগাত পৰিল ৷

এই দিনটোতে কাশ্মীৰৰ পলৱামাত
এক বৃহৎ বোমা বিস্ফোৰণ হয়
আৰু দুইকুৰিমান জোৱান শ্বহীদ হয়
শ্বহীদৰ ছিন্ন বিছিন্ন দেহৰ টুকুৰাবোৰ
মেৰিয়াই বান্ধি অনা হৈছিল ৷

কবিতা :: সাম্প্ৰতিক --- দীপংকৰ শৰ্মা

কাৰ বুকুৰ এন্ধাৰ নাশিবলে
কোন জ্বলিল
কাৰ জীৱনৰ স’তে কাক সাঙুৰি
গাভৰু হ'ল পৃথিৱী
মাতৃ হ'ল নদী

আকাশ কঁপাই
উৰি অহা চিলনী জাকৰ কোলাহলত
নিঃস্বৰ চিৎকাৰ
ঈশ্বৰে নকটা বাটত সময়ৰ হুংকাৰ
মুখা পিন্ধা সমাজত
মানৱতাৰ সাঁথৰ

তুমি মই আমি কেন্দ্ৰীভূত
বিকেন্দ্ৰীকৰণৰ তৰাং চিন্তাৰে -----

কবিতা :: আত্মবিশ্লেষণৰ দুটি স্তৱক --- পল্লৱ কুমাৰ নাথ

চৈ দিয়া গৰু গাড়ী কিম্বা পালতৰা নাওঁত
আমি নিজকে লেহেমিয়া বুলি ভাৱো ৷
ভাৱনাবোৰ ভুল নে শুদ্ধ
সেইয়া সময়ৰ কথা
নিজস্ব গতি থকা সময়ক ধুমুহা বুলিব নোৱাৰি
ধুমুহাইহে বিধ্বস্ত কৰে মন ৷
আমি দিশ হেৰুৱাই দিশহাৰা হোৱা
অস্তগামী সুৰুজৰ ৰশ্মি নহয় ৷

সেউজীয়াবোৰ বহুসময় একেথৰে চাই থাকি
আমাৰ চকুৰ পৰ্দাত তাৰ প্ৰতিচ্ছৱিটো
আঁকি ল'লো
এতিয়া চাৰিওপিনে মাথোন সেউজীয়া চাদৰৰ আচল
অশান্ত প্ৰহৰত ফাঁলি চিৰাচিৰ নহওঁক
সেউজীয়া কোষ
পৰিবৰ্তনো আমাৰ প্ৰত্যাহবানৰ সমবেত সংগীত ৷

বিধৱা --- প্ৰাণজিৎ বৰুৱা

"শিৰৰ সেন্দুৰ কন বৰ বিলাসী বস্তু অ ..."

কোনে জানো কৈছিল ,
হয়তো কোনোবা নাৰীয়েই কৈছিল ,

কিয় কৈছিল ?
নাজানে ??

আপুনি শুভ কাম এটা কৰিব খুজিছে ,
নাচায় উকা বাচন ,
নাচায় উকা কপাল ,
আপোনাৰ কামত এইবোৰে দিব জঞ্জাল ...

আপুনি ভকতৰ বাবে প্ৰসাদ সাজু কৰিছে,
সকলোৱে ধুই দিছে ,
কোনো বিধৱাই নজনাকৈ চুই দিছে ,
আপুনি জ্ঞানী বাবে
তেওঁক জ্ঞান অলপমানো দিছে
বিধৱা তিৰোতাই ভগৱানৰ নৈৱদ্য চুব নাপাই ...
জাত যায় ,

কেনেবাকৈ দেখিলেই
বগা সাজ
আপোনাৰ অথন্তৰ ঘটে
ৰাতিপুৱাই ,

ৰাজপথ কমা ভিক্ষাৰী --- পল্লৱ কুমাৰ নাথ

ৰাস্তাৰ কাষত জঠৰ হৈ পৰি ৰয়,
প্ৰকাণ্ড ট্ৰাকৰ গৰ্জ্জনত
মোৰ কাণত নপৰেহি...
সিহঁতৰ ভোকৰ আৰ্তনাদ
কিম্বা আতংকত হৃদয় কপোঁৱা চিঞৰ ।

অসময় ৰোডচাইড গাড়ীৰ হেডলাইটৰ পোহৰত
জিলিকি উঠে হাড়ত চাল লগা
শুকান শৰীৰ !
কংকাল মানব !!

হাতৰ পৰা সৰি নপৰে ব্যস্তময়ী সময়
ইণ্ডকাৰ চাইড গ্লাছত জিলিকি উঠে
কুৎচিত মুখ !
লেতেৰা দেহাবোৰ !!

চকু ফুৰাই, এক অভাৱী সমাজ
চিনাকী মুখ ?
নাই ! কয়লা জীৱনৰ উপন্যাস ;
জটা চুলিৰ ওপৰত ধূলিৰ ময়লাময় চামনী ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,090
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,272
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,031
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,326
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,700