সুখ আৰু দুখ কবিতা

দুখ --- শিৱ প্ৰসাদ হাজৰিকা

ধুলিৰ দৰে উৰি যায় সময়বোৰ,
সময়ৰ লগতে হেৰাই যায়
জীৱনৰ সুখ ।

হেৰুৱাই হেৰুৱাই শূণ্য হৈ যোৱাৰ
দুখ এটাই পলুৰ দৰেই
কলিজাটো কুটি কুটি খাই ।

আকাশৰো দুখ আছে বিশালতাৰ..
সেইদৰে মানুহৰো দুখ আছে
উভতি যাব নোৱাৰাৰ দুখ ।

সুখ আৰু দুখ --- কবিৰঞ্জন দাস

সুখ আৰু দুখ

লগৰীয়া তুমি

একেলগে থাকা

উমলি – জিমলি

জোন আৰু তৰা

আতঁৰত থাকা

মিচিকিয়া হাঁহি

মাৰি সদায়

মাতা …

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,496
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,162
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,090
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,633
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,032