স্বদেশপ্ৰেমমূলক কবিতা

স্বদেশপ্ৰেমমূলক কবিতা

কবিতা :: অভিশপ্ত ১৪ ফেব্ৰুৱাৰী --- বিক্ৰম কলিতা

ক্ষণিকতে অভিশপ্ত হ’লো ইতিহাসত

মানৱৰূপী দানৱৰ চলনাৰ বলি হ’লো,

দেশ ৰক্ষাৰ স্বাৰ্থত আহুতি দিলোঁ নিজৰ জীৱনক

ফাগুনৰ প্ৰথমটো সূৰ্য্যৰ

কিৰণ দেখিবলৈয়ে নাপালোঁ।

শুনিছোঁ কেৱল চাৰিওফালে আর্তনাদ

দুচকুৱে দেখিছে তপ্ত ৰক্তৰ ডোঙা

আই-পিতাই;

তহঁতে দুখ নকৰিবি।

ভণ্টিক ভাল ল’ৰা চাই বিয়াখন দিবি

ভাইটিক মই বুজাই দিছো.....

মোৰ আনুপস্থিত যেন তহঁতক দুখত নাৰাখে

ভাবিছিলোঁ বহাগৰ বিহুত ঘৰলৈ যোৱাৰ

পণ মেলিছিলোঁ ।

সকলোৱে বহি আনন্দেৰে এসাজ খাম

কিন্তু দেউলগা সময়ে যেন মোক মাতি আছিল

নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস

কবিতা :: তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা --- বিষ্ণু বড়া

আকৌ এবাৰ আহা আমাৰ মাজলৈ
তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,
তোমাৰ কলমে শক্তি নিগৰাই
জাগ্ৰত কৰাহি
চহা কৃষক-বনুৱাক

‘নাঙল যাৰ, মাটি তাৰ’ এই শ্লোগানেৰে
আকৌ এবাৰ প্ৰতিবাদ কৰিবৰ হ'ল
দৰিদ্ৰ কৃষকৰ ওপৰত হোৱা
জমিদাৰী শোষণৰ

গোলামি কৃষকৰ পথাৰত
ভূমিৰ অধিকাৰৰ বীজ এমুঠি
আকৌ এবাৰ সিঁচি দিয়া।
তোমাৰ কেঁচা মাটি গোন্ধৰ কবিতা,
অসমীয়া জাতিৰ জয়গানৰ সংগীতেৰে
আকৌ এবাৰ জোকাৰি দিবৰ হ'ল,
প্ৰগতিবাদী ভাৱনাৰ অনুধাৱনৰ জৰী ডাল

জয় আই অসম ---- দলিল আহমেদ

জয় আই অসম, জয় আই অসম
দায়বদ্ধতা আৰু সচেতনতা,
জগত জিনিম শিক্ষা, বিবেক, শুভ বুদ্ধিৰে
লগতে প্ৰদূষন মুক্ত নৰকংকালৰ ভাৰসাম্যতাৰে I
নীলা আকাশত জিকমিকাই থকা তৰা বোৰ
সভ্যতাৰ পোহৰ বিলোৱা
কলং খনৰ কুলু কুলু শব্দত
জয় গান গোৱা চৰাই চিৰিকিতিৰ আনন্দ ৰ বন্যাৰ
একাকাৰ কৰি সুৰ বিলাই থকা ভূপেন দাৰ সৃষ্টিত
জুবিনক লৈ আমি হ'ম বিশ্ববিজয়ী অসমীয়া I

লাচিতৰ দৰে বীৰৰ প্ৰতিভা আছে অসমীয়াৰ
কুশল কুৱৰৰ দৰে জীৱন বিসৰ্জন দিয়া ব্যক্তিত্বৰ
দেশভক্ত তৰুনৰামৰ আৰ্হিৰ
অসম হ'ব চিৰ যুগমীয়া I

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,496
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:946
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,326
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,272
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,087
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:787