ৰোমাণ্টিক অসমীয়া প্ৰেমৰ কবিতা

কবিতা :: আৱেগৰ চন্দোদয় --- তপন গগৈ

তুমি তুমি লগা
অনুভৱৰ পদূলিত
তুমি ৰোৱা শেৱালীৰ সুগন্ধী।
.
কুঁৱলীৰ সিপাৰে
জুমি চাওঁ তোমালৈ....
কিজানিবা দেখা পাওঁ তোমাৰ
উভতনি যাত্ৰা ।
.
জোনাক ভৰা আকাশত
তৰাৰহতে গণো ক্ষণ
তোমাৰ অনুভৱ বুকুত সাৱতি
শুই পৰো দুবৰী দেশত ॥
.
দুহাত মেলি আকাশলৈ চাওঁ....
আৰু
আৱেগতে কওঁ
"মুখ তোলা চন্দ্ৰবদনী
চাওঁ মই চন্দোদয়"
.
নিয়ৰৰ কপাহী ভাজত
উৰুৱাই দিওঁ জোনাকী জনী !
অচিন দিশত ভাহে
দৰদী বাঁহীৰ সুৰ ॥

কবিতা :: নীৰৱতাত তোমাৰ শব্দবোৰ --- পৰশমণি ডেকা

নীৰৱতাবোৰ ক্ৰমাৎ গধুৰ হৈ আহিছে
তোমাৰ স্নিগ্ধ জোনাকৰ ছায়াই
বৰকৈ আমনি কৰিছে ।
তুমি নীৰৱতাবোৰ ভাঙি নেপেলাবা অন্ধছায়া হৈ
তোমাৰ কবিতাবোৰেহে মোৰ নীৰৱতাক ভাঙিব খুজিছে....
তোমাৰ আৰু মোৰ সেই আবেলিবোৰ,নৈৰ পাৰৰ সন্ধিয়াবোৰ
প্ৰতিটোৱেই মোৰ নীৰৱতাক পাহৰাইছে...
শীতৰ ৰাতিটোও শেষ হ’বলৈ ধৰিছে
খিৰিকীৰে মলয়া এছাটিয়ে স্বপ্নৰ পৰা বাস্তৱলৈ আনিবলৈ আপ্ৰান চেষ্টা চলাইছে..
কুকুৰাতোৱেও নীৰৱতাবোৰ ভাঙিবলৈ ধৰিছে
মাথোন তোমাৰ আমেলিয়াই বৰকৈ আমনি কৰিছে.......

কবিতা :: ভুলতো তুমি লিমিট ক্ৰছ নকৰিবা --- সমুজ্জ্বল ডেকা

সপোনবোৰ ডাঙৰ হৈ হৈ যি সময়ত পাহি মেলি হাঁহে
সেয়াইতো তোমাৰ ভৰ যৌৱন ৷
মই ভালকৈয়ে বুজো তোমাৰ বিশাল মনৰ সমসাময়িক সমস্ত পৰিভাষা
সেয়েহে কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি
আৰু তোমাৰ কোলাত মূৰ গুজি হ'লেও লিখো অলেখ ভালপোৱাৰ গীত আৰু কবিতা ৷
.
যৌৱনপ্ৰাপ্ত মোৰ চকুযুৰি
যৌৱনপ্ৰাপ্ত মোৰ হাত আৰু ভৰি
যৌৱনপ্ৰাপ্ত মোৰ উশাহ আৰু নিশাহ
পূৰ্ণ যৌৱনপ্ৰাপ্ত মোৰ দেহ আৰু মন
ঠিক তোমাৰ দৰেই!
.
নিঃসংগ হ'ব নিবিচাৰো
মোক সংগ দিবলৈ মাথো তুমিয়েতো আছা
তোমাৰ মনে নৰ'লে এবাৰ হ'লেও আহি দেখা দিবা

কবিতা :: প্ৰত্যাশা --- অনুপ হাজৰিকা

প্ৰতীক্ষাৰ প্ৰতিটো সন্ধিয়াই
মোৰ বাবে কঢ়িয়াই আনে
আমোলমোল শেৱালিৰ সুবাস
মোৰ দুখৰ চকুত উন্মোচিত হয়
সেউজ সোনোৱালী দুখৰীয়া ছবি
স্পৰ্শ কৰিছাহি, সপোনৰ চুবুৰি
তোমাক ভাল পাম বুলি ক’লে
সপোনবোৰ উটি যায় ক’ৰবালে ৷
মুখৰ মোহনাত মেলি দি আহো কথাৰ নৈ
আৰু মই নিৰ্বাক বালিচৰত
তোমাৰ দুভৰিত পিন্ধাই থৈ আহো উৎসাহৰ পায়েল ৷
এজাক টোপনিৰ বৰষুণ সিঁচি থৈ আহো
আৰু নিদ্ৰাহীনতাৰ জুয়ে মোক পুৰি মাৰে
তুমি বিচৰাহলে গঢ়িব পাৰিলোহেঁতেন
জীৱন ইতিহাস
স্পৰ্শ কৰিব পাৰিলোহেঁতেন প্ৰাণময় কবিতাৰ ভাষা
অনূৰ্বৰ পথাৰত পুৰ্নতাৰ সাজ পিন্ধি

কবিতা :: ভালপোৱা --- সমুজ্জ্বল ডেকা

এমুঠি এমুঠিকৈ যাচিলোঁ আমি কত যে হাঁহি
হাঁহিত লাগি উৰি গ'ল আমাৰ সপোনৰ কপৌযুৰি ৷
সৌ চিনাকীজোপা বটবৃক্ষৰ হৃদয়তে সৃষ্টি
ছাঁৰ স'তে বতাহজাঁকে নিতৌ আঁকি যাই জীৱন্ত কলা-কৃষ্টি
ভাগৰুৱা হৈ উভতি ইয়াতেই জিৰাবাহি
কৰি যোৱা হেঁপাহ আৰু সাধনাৰে মাথো প্ৰেমৰ মূষলধাৰ বৃষ্টি ৷

কবিতা :: মনে মাথো তোমাকে বিচাৰে --- সমুজ্জ্বল ডেকা

গছৰ পাত লৰে বতাহৰ বা লাগিলে
মন মোৰ শীতল হয় তোমাৰ কথাকে ভাবিলে
মনে মোৰ নামানে তথাপিও তোমাক নেদেখিলে
সাৰ পোৱা সপোনবোৰো শুই পৰে অজানিতে
তোমাৰ উপস্থিতিৰ উমান হৃদয়ে বিচাৰি ফুৰে ৷
.
মাতিলে আহিবা
তুমিয়েই ক'বা ক'ত কেনেকৈ লগ কৰিবা?
মনত হাবিয়াসৰ ৰহন বুলাই সুখক হাত বাউলি মাতিবা
অভিমান কি লৈ কৰা কৰিবা কিন্তু অহংকাৰী নহ'বা
গজালি মেলা ভালপোৱাৰ সঠিক ৰূপত পূৰ্ণতা আনিবা
তোমাৰ আধাৰতে মোৰো জীৱন হওঁক মাথো সেউজীয়া ৷
.
মনে মাথো তোমাকে বিচাৰে
তোমাৰ অমায়িকতাখিনিত নিভাঁজ প্ৰেমৰ সংকেত আছে
তোমাক কি যে ভাল লাগে !

কবিতা :: জীৱন নদীৰ হেঁপাহ ঘাট --- সুদক্ষিণা ভূঞা

দুৰ্ব্বাসা মুনিৰ নিৰ্ব্বাসন
শকুন্তলাৰ অন্তৰ্দহনৰ শেহান্তৰ
হিঁয়া সাত পেলোৱা এজাক শীতল বৰষুণ
বুকুৰে নিগৰিত হিম শীতল যেন হিমস্খলন
পাহৰণি,দুখ,ক্ষোভ,অপবাদ ,অন্তৰবেদনাৰে
জৰ্জৰিত এটা কাল নিশাৰ অৱসান
...
হিল্লোলিত কালনিশাৰ বুকুত
পুঁৱতি নিশাৰ মিচিকিয়া হাঁহি
নাই ক'তো অলপো কপটতা নাই
নিষ্পাপ সৰল পৱিত্ৰতাৰে পূৰ্ণ
দশোদিশে বিয়পি পৰিছে মাথোঁ
হেঙুলী ঊষাৰ সাতোৰঙী কিৰণ

যেন এই ভূমিষ্ঠ হোৱা কোনো নৱজাতকৰ উজ্বল বৰণ

জীৱন নদীৰ কাব্যৰস নিগৰি নিগৰি বয়
যেন গলিত হিমমণ্ডল
কামছায়াত ৰ'দৰ জিলমিল

কবিতা :: তোমাৰ অনুপস্থিতিত --- দিপাংকৰ ভাগৱতী

তোমাৰ অনুপস্থিতিত আৱেলিৰ আকাশখনলৈ চাই ৰ'লে,
আৱেগ যেন হৈ পৰে সময়বোৰ,
তোমাৰ বাবে ৰচি ৰখা কবিতাবোৰেও আজি ,
সময়ৰ সোতঁত দিশহাৰা হৈ পৰে,
সন্ধিয়াৰ চেঁচা বতাহজাকে যেন,
আজি তোমাৰ অনুপস্থিতিক অনুভৱ কৰালেহি,
মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকা এক অজান প্ৰেমিক।
অলেখ স্বপ্ন ৰচি পাৰ কৰা উজাগৰি নিশাবোৰ,
আৰু তোমাৰ বাবে সাচি ৰখা মৰমবোৰ,
বৰ যন্ত্ৰণা অ',
এতিয়া যেন সময়বোৰো নিষ্ঠুৰতাৰ মাজত আৱদ্ধ,
আকাশৰ উৰণীয়া নেজাল তৰা,
আৰু তোমাৰ সৈতে দেখা হোৱা একেই লগা হৈছে,
তোমাৰ অনুপস্থিতিত
বৰ মনত পৰে অ'।

কবিতা :: অনুশীলন --- সমুজ্জ্বল ডেকা

তোমাৰ হিয়াখন মোৰ হিয়াত থ'লা বন্ধকত
নতুবা মোৰ হিয়াখন তোমাৰ তাত সীমাহীন আশাত
মুক্ত অনুশীলনেৰে সংপৃক্ত আজি জীৱনৰ বাট
কৰিম একেলগে আমি এখনি জীৱন নাট ৷
...
মোৰ দুহাতত তোমাৰ দুহাত থোৱা
চকু মুদি মুক্ত আকাশৰ তলত
অনুভৱ কৰাচোন বিশালতা
ৰামধেনুৰ ৰঙবোৰে সুধিব যেতিয়া কি ৰঙৰে সপোনবোৰ পূৰাবা
মই কিন্তু ক'ম —
য'ত আছে ভালপোৱাৰ গভীৰতা
য'ত আছে মৌনতাৰ অযুত আশা
য'ত আছে উশাহৰ লহৰৰ আধ্যাত্মিক বন্দনা
য'ত আছে দুটি উশাহ আৰু দুটি মন এটি হোৱাৰ চৰমসীমা
যিয়ে দেখুৱাব সুখ আৰু দুখ উভয়তে সমভাগিতা

কবিতা :: আপোন --- সোণমণি গোহাঁই

আঙুলিৰ ফাঁকেৰে সৰকে ঠুনুকা সময়

জন্ম দি কিছু নতুনত্বৰ,

তুমিওতো মোৰ সময়ৰে মহৎ উপহাৰ;

দুচকুত মৰম, দুবাহু ৰক্ষাৰ কৱচ ।

মোৰ জুনুকাৰ তীক্ষ্ণ শব্দ নিগৰে তোমাৰ বাবে,

মোৰ খৰখোজৰ লগে লগে,

হৃদয়ৰ হিমবাহেও অস্তিত্বৰ উমান দিয়ে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,496
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,326
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,272
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,269
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,125