Assamese love and life poems

কবিতা :: অনুশীলন --- সমুজ্জ্বল ডেকা

তোমাৰ হিয়াখন মোৰ হিয়াত থ'লা বন্ধকত
নতুবা মোৰ হিয়াখন তোমাৰ তাত সীমাহীন আশাত
মুক্ত অনুশীলনেৰে সংপৃক্ত আজি জীৱনৰ বাট
কৰিম একেলগে আমি এখনি জীৱন নাট ৷
...
মোৰ দুহাতত তোমাৰ দুহাত থোৱা
চকু মুদি মুক্ত আকাশৰ তলত
অনুভৱ কৰাচোন বিশালতা
ৰামধেনুৰ ৰঙবোৰে সুধিব যেতিয়া কি ৰঙৰে সপোনবোৰ পূৰাবা
মই কিন্তু ক'ম —
য'ত আছে ভালপোৱাৰ গভীৰতা
য'ত আছে মৌনতাৰ অযুত আশা
য'ত আছে উশাহৰ লহৰৰ আধ্যাত্মিক বন্দনা
য'ত আছে দুটি উশাহ আৰু দুটি মন এটি হোৱাৰ চৰমসীমা
যিয়ে দেখুৱাব সুখ আৰু দুখ উভয়তে সমভাগিতা

কবিতা :: মনত হেপাহঁ লৈ --- ৰাজিদুল ইছলাম

মনত হেপাহঁ লৈ

অপেক্ষাই আছো তোমাৰ কাৰণে

তুমি কেতিয়া আহিবা ??

মনৰ মাজত উমাল হৈ থকা

কথাবোৰ....

কেতিয়া শুনিবা ?

মই যে তোমাৰ কাৰণে

ভোকাতুৰ প্রেমিক !

তুমি যে মায়াবিনী

"জোনাকী তৰা"

আহিবা বুলি

আছো বাট চাই.......
.

অস্তিত্ব --- প্ৰদীপ দাস

বৈ পৰা চুলিৰ ভাঁজত
দেখিলো এমুঠি চিক্-মিক্ তৰা ;
স্পৰ্শ কৰিব খোজোতেই
অদৃশ্য হ'ল সেই সত্তা !

খোজত দিহিং খহি যোৱা
তেওঁৰ ভৰিত
শুনিলো ৰুণ ঝুণ নুপূৰৰ শব্দ ,
চকুমেলি চাব খোজোতেই
বৰ্ণহীন হৈ পৰিল
তেওঁৰ অস্তিত্ব !

এতিয়া নিজেই নিজক বিচাৰিছোঁ
হেৰায় যোৱাৰ ভয়ত ...
অদৃশ্য হৈ পৰাৰ ভয়ত ...!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,799
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,864
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,641