Assamese poem about time is gold

হৃত সময় --- প্ৰভাকৰ শৰ্মা নেওগ

মোৰ মনৰ মাজত লুকাই আছে এখন নগৰ
য'ত ক্ষণে ক্ষণে বিধ্বস্ত হয় শান্তি
তথাপিও চলি থাকে জীৱনৰ বাটৰ নাট-
ব্যস্ততাৰ কোলাতে জিৰাই ।

ক্ষন্তেক থমকি ৰৈ এবাৰ চৌদিশে চাওঁ-
পাওঁ যদি নিজকে বিচাৰি
অট্টালিকাৰ ছাঁয়াই গিলি থয় মোৰ বিহ্বল দৃষ্টি
আকৌ এবাৰ হেৰাই যাওঁ মই ।

মই জানো, তোমাৰ সময় কম
দিনটোৰ পিছে পিছে বেগাই খোজ কাঢ়ি ঘুৰি ফুৰা তুমি
তথাপিও তোমাক মই ক'ম - এবাৰ থমকি ৰ'বলৈ-
আঙুলি মুৰত গণি চাবলৈ অন্ততঃ এটা মাত্ৰ পল:
ভাবিবলৈ,
কিদৰে হেৰায় যায় সময়বোৰ ।

দুখ --- শিৱ প্ৰসাদ হাজৰিকা

ধুলিৰ দৰে উৰি যায় সময়বোৰ,
সময়ৰ লগতে হেৰাই যায়
জীৱনৰ সুখ ।

হেৰুৱাই হেৰুৱাই শূণ্য হৈ যোৱাৰ
দুখ এটাই পলুৰ দৰেই
কলিজাটো কুটি কুটি খাই ।

আকাশৰো দুখ আছে বিশালতাৰ..
সেইদৰে মানুহৰো দুখ আছে
উভতি যাব নোৱাৰাৰ দুখ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,496
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:946
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,326
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,272
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,087
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:787