Assamese poems on love

কবিতা :: তুমিহীন ৰাতি --- সমুজ্জ্বল ডেকা

আকাশত তৰাফুল ফুলা দেখি তোমালৈ বৰকৈ মনত পৰিছে
জোনাকী লহৰত গা তিয়াঁই ভালপোৱা তোমাৰ যৌৱনে কিমানটি বসন্ত অতিক্ৰম কৰিলে
মই সঁচাকৈ পাহৰিছোঁ !
মনত পেলাবলৈ আৰু সশৰীৰে লগ কৰিবলৈ তুমি কেতিয়ালৈ আহিবা ?
ৰাতিৰ বতাহজাক লগত লৈ যেতিয়া উশাহত সেৱন কৰো ধূলিকনা
তুমি সৌ দূৰ-দূৰণিৰপৰা চাই ৰং পোৱা হ'বলা ৷
অকলে চোতালত বহি মৌন সময়ৰ কোলাত যেতিয়া শুনো কাণপাতি
তুমি যেন গীত জুৰিছা নিলগত হৈ জুৰিটি
তুমি যেন সুৰীয়া নিশাচৰ চিনাকি পক্ষী
মই হ'ব বিচাৰোঁ তোমাৰ সুৰক কবিতা কৰা এগৰাকী কবি ৷

তোমাৰ উমান শেৱালিজোপাৰ সুবাসে দিয়ে
সজল নিয়ৰৰ কণাই পাতত উমলিছে

কবিতা :: উচুপনি --- সোণমণি গোহাঁই

নিজানত সাৰ পোৱা উচুপনিবোৰক
ফুচুলাই শান্ত কৰাৰ
আখৰাত মোহ গৈছোঁ ;
..
আঁৰি লৈছোঁ মনত
সাহৰ ভাগ পঁজাটো,
কোনোবাই বিচাৰি পোৱা
অবান্তৰ অভিমানবোৰো
খামোচি ধৰিছোঁ,
..
সমল নহ’লেওঁ জীৱন
আঁজুৰি আনিছোঁ ৷

কৃত্ৰিম হাঁহিৰ উম দি
উচুপনিবোৰ আকৌ শুৱাই ৰাখিছোঁ ৷

কবিতা :: এটি সপোন --- ৰাজিদুল ইছলাম

তোমাক অনুভৱ কৰিছিলো !
ৰাতিপুৱা বোকাত ফুলি থকা ;
পদুমৰ মাজত........
অনুভূতিয়ে,
জগাই তুলিছিল ;
এটি সপোন ৷
হৃদয়ৰ বহু গভীৰত !
শৰীৰৰ প্রতিটো অংগত,
শিয়ৰি উঠিছিল শিৰাই উপশিৰাই ;
তোমাৰ মাদকতা ৷
প্রতিটো ক্ষনে ক্ষনে
তোমাৰ স'তে ,
বাটে-ঘাটে সুমধুৰ মাতেৰে
মনটো আলোড়িত কৰা,
কেতিয়াবা হাঁহি ধেমালিৰে
উৎফুল্লিত কৰা ৷
প্রতিটো মূহর্তই যেন..........
তুমি আৰু তুমি
এটি বাস্তৱ পৃথিবী ;
মোৰ চৌপাশত ৷

কবিতা :: প্ৰত্যাশা --- অনুপ হাজৰিকা

প্ৰতীক্ষাৰ প্ৰতিটো সন্ধিয়াই
মোৰ বাবে কঢ়িয়াই আনে
আমোলমোল শেৱালিৰ সুবাস
মোৰ দুখৰ চকুত উন্মোচিত হয়
সেউজ সোনোৱালী দুখৰীয়া ছবি
স্পৰ্শ কৰিছাহি, সপোনৰ চুবুৰি
তোমাক ভাল পাম বুলি ক’লে
সপোনবোৰ উটি যায় ক’ৰবালে ৷
মুখৰ মোহনাত মেলি দি আহো কথাৰ নৈ
আৰু মই নিৰ্বাক বালিচৰত
তোমাৰ দুভৰিত পিন্ধাই থৈ আহো উৎসাহৰ পায়েল ৷
এজাক টোপনিৰ বৰষুণ সিঁচি থৈ আহো
আৰু নিদ্ৰাহীনতাৰ জুয়ে মোক পুৰি মাৰে
তুমি বিচৰাহলে গঢ়িব পাৰিলোহেঁতেন
জীৱন ইতিহাস
স্পৰ্শ কৰিব পাৰিলোহেঁতেন প্ৰাণময় কবিতাৰ ভাষা
অনূৰ্বৰ পথাৰত পুৰ্নতাৰ সাজ পিন্ধি

কবিতা :: মনত হেপাহঁ লৈ --- ৰাজিদুল ইছলাম

মনত হেপাহঁ লৈ

অপেক্ষাই আছো তোমাৰ কাৰণে

তুমি কেতিয়া আহিবা ??

মনৰ মাজত উমাল হৈ থকা

কথাবোৰ....

কেতিয়া শুনিবা ?

মই যে তোমাৰ কাৰণে

ভোকাতুৰ প্রেমিক !

তুমি যে মায়াবিনী

"জোনাকী তৰা"

আহিবা বুলি

আছো বাট চাই.......
.

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: স্মৃতি --- সোনমনি ৰাজ বৰুৱা

আপোনজনৰ পৰা আঁতৰি থাকি

কোনে কয় সুখী হ’ব পাৰি

প্ৰতিটো দিনেই যেন নাযায় নোপোৱায় ৷

দুচকুত … ??

অহৰনিশে ভাঁহি ফুৰে

অতীতৰ জালিকটা

স্মৃতিবোৰে ৷

দুহাত মেলিলেই শূণ্যতাবোৰ উলমি

পৰেহি মোৰ আঙলিৰ ফাঁকত

হৃদয়ৰ চাৰিকৰিয়াই

উচুপি থাকে … ???

তেওঁৰ স’তে কটোৱা সেই

ৰঙীন আবেলিবোৰ বিচাৰি ৷

কবিতা :: মৰমৰ পাহিবোৰ যে মৰহি গ'ল --- সোণমণি গোহাঁই

তেওঁৰ স'তে মোৰ দূৰত্ব...

বহুত নাছিল, একেটা কোঠাৰ দুটা চুক ।

তথাপিও...

অতিক্ৰম কৰাৰ সাহস যে কাৰো নহ'ল।

মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে ???

মই...

আগত মই আছিলোঁ

ইপাহ সিপাহ ফুলত উৰি ফুৰা

এজনী চঞ্চল পখিলা,

আৰু এতিয়া ?

কাৰাবন্দী নিৰৱতাৰ আৱৰ্তত,

তেওঁ যে নিৰৱ!

আচলতে তেওঁ নিৰৱ নাছিল,

আছিল নিবোকা ।

তেওঁ নিবোকা হোৱাৰ বাবেই

মৰহি গৈছিল মোৰ-তেওঁৰ আৰু

আমাৰ ঘৰদুখনৰ জীৱন ।

অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল

অথচ সমাজৰ সাক্ষীত আছিলোঁ

মই তেওঁৰ বৰ্তমান ।

কবিতা :: তোমাৰ পৰশ পোৱা নাই --- ধীৰাজ কুমাৰ বৰা

তোমাৰ পৰশ পোৱা নাই

ওঁঠৰ,

তোমাৰ গুন্ধ পোৱা নাই

দেহৰ,

তোমাৰ দৃষ্টি পোৱা নাই

দুচকুৰ,

কিন্তু.....

অনুভৱ পাইছো মনৰ ।

কবিতা :: ফাগুন --- সাগৰ সঞ্জীৱ

ফাগুন........
পাৰ' যদি উভতাই দে মোৰ শৈশৱ
পাৰ' যদি শুকুৱাই দে মোৰ চকুপানী
শুকান পাতবোৰৰ দৰে
উৰুৱাই লৈ যা মোৰ দুখবোৰ
নীলিম আকাশৰ বুকুলৈ ।।

ফাগুন.....
পাৰ' যদি উভতাই দে মোক ভালপোৱা
পাৰ' যদি উৰুৱাই লৈ যা মোৰ বিলাসী সপোন
ধূলিকণা বীজানুৰ দৰে
ইহতঁবোৰো মোৰ দেহৰ বাৱে
এতিয়া হেজাৰ বেমাৰৰ বীজানু।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,633
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,700
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,752
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,743
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,433