Most heart touching Assamese poems

কবিতা :: শ্ৰদ্ধেয় দেউতা --- দিলীপ কুমাৰ শৰ্মা

আজি তোমালৈ বৰকৈ মনত পৰিছে
কৰ্তব্য আৰু দায়িত্বৰ আবেষ্টনিৰ মাজত
তোমাৰ সেই সদাব্যস্ত মুখখন
প্ৰতিশ্ৰুতিৰে ভৰা সুউজ্জ্বল চকুহাল
সোণালী সপোণ কঢ়িয়াই ফুৰা বিশাল অন্তৰখন
আজি বাৰে বাৰে মনলৈ আহিছে ।

শৈশৱত তুমিয়েই আছিলা মোৰ পৰম সুহৃদ
শাওনীয়া পথাৰৰ বোকাপানীৰ মাজত
মুৰত তাল পাতৰ জাপি আৰু হাতত কোৰ লৈ
কিমান যে পুৰণি আলি চিকুণাই নকৈ সঁজাইছিলা ।
আজি বাৰে বাৰে মনত পৰিছে
ধাননি পথাৰখন সঁজাল হৈ উঠিলে
তোমাৰ চকুত ভাঁহি উঠা সুখৰ অনুভূতি !
আৰু বানে ধুই নিয়া পথাৰখন দেখি
তোমাৰ শিল হৈ যোৱা বুকুখন !!

কবিতা :: পথভ্ৰষ্টৰ কবিতা --- অৰ্চনা জি. শইকীয়া

অনুগ্ৰহ কৰি মোক মোৰ ঠিকনা নুসুধিব..
ক্লেদময় পিছলাঘাটত মই
কাহানিবাই হেৰুৱাই পেলাইছো
মোৰ ভাল লগা- ভালপোৱা।

মোৰ তিক্ত ঘামত লাগি
আহত জোনাকীকেইজনীও অপাৰগ,
নোৱাৰে দিব মোৰ ঠিকনা।

মোৰ মন-মগজুত লাগি থকা
ঘাঁ বোৰৰ বিষপানী খাই
মই জীয়াই আছোঁ।

তেজ বুলিবলৈ মোৰ গাত
পুখুৰীৰ ঘোলাপানী।

এটুকুৰা বায়ুত দুটা নিশাহ নিদিয়াকৈ
সেউজীয়াই নীলাই মই বাগৰি ফুৰোঁ।

ক'ত পাব আপুনি মোৰ ঠিকনা!!
গৰমত পুখুৰী,
ঠাণ্ডাত জ্বলাই দিয়া খেৰৰ দ'ম
বৰষুণত কাঠফুলাৰ পৃথিৱী;
প্ৰতিনিয়ত সলনি হয় মোৰ ঠিকনা।

কবিতা :: ৰুমালখন --- সীমান্ত বৰদলৈ

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

দাস্তবিনত পৰি ৰয় ইতিহাস --- প্ৰদীপ দাস

বালিৰ দ'মত লুকাই থাকে অট্টালিকা
বুকুৰ মাজত মজুত আমাৰ
ক'ত কল্পনা...!
স্বপ্নতে...
স্বপ্নতে আতুৰ আমাৰ জীৱন ।
বাস্তৱে ধূসৰ কৰি তুলে
কল্পনাৰ কাৰেং ।

আকাশৰ বিশালতাক
আমি চিনি পাওঁ ,
বিচাৰি পাওঁ
দুখৰ মাজত সুখৰ অনুভূতি !

সিহঁতে চিনি নাপায় দুখৰ ৰং
পিন্ধি পোৱা নাই যন্ত্রণাৰ আৱৰণ !
লোৱা নাই দৰিদ্রৰ উশাহৰ অক্সিজেন ...
অথচ সিহঁতো আমাৰ দৰেই
একেই শৰীৰ, একেই জীৱন
তথাপি পৃথক আমি
কর্ম কিম্বা স্থানক ধিয়াই !

উৰিয়ামঘাটলৈ আহিবাচোন বন্ধু --- সৌৰভ শইকীয়া

উৰিয়ামঘাটলৈ আহিবাচোন বন্ধু

কেতিয়াবা..

বসন্তত এটা প'ল পাৰ কৰিম

একেলগে..

সুখেৰে এসাঁজ খুৱাব

নোৱাৰিলেও,

হিয়া উপচি পাৰ ভাগি যোৱাকৈ দিম

এধানি ভালপোৱাৰ সেউজীয়া..

পাহাৰ ভাল পাঁও বুলিতো

তুমিয়েই কৈছিলা..

ভালেই হ'ব দিয়া, দয়াংৰ চাপৰিত

তুমি চুলি মেলি প'জ দিবা, মই এটা

স্নেপ লম

বসন্তৰ...

তোমাৰ কথা মনত পৰিলেই মোৰ

বসন্তলৈও মনত পৰে, ব'হাগ,

কপৌফুল

আদিলৈ...

তোমাৰ নাচোনতেই আছে সেই ব'হাগ,

সেই

বসন্ত..

সেয়ে মই বসন্ত ভালপাঁও আৰু

ব'হাগ..

বন্ধু এইবাৰ

দৃশ্য --- ৰাজীৱ কায়স্থ

সেই শিশুটো যাৰ
চকুৰ কোটৰত
এন্ধাৰ নামিছিল
লাহে লাহে... যি
এতিয়া গতিৰ
বিপৰীতে স্থবিৰ
চহৰৰ একোণত
ধূলি আৰু
ফটাকানিৰ
আৱৰণত...।

তাৰ কণ কণ
আঙুলিৰ খলা বমাত
সহস্ৰ তৰা স্খলিত
হয় প্ৰতিনিয়ত ।

সেই শিশুটো দিনৰ
এবেলা; যিয়ে
কাৰখানাৰ ঘামত
তিতি বুৰি এটুকুৰা
ৰুটীত দেখে পোহৰ ।

দুহাত প্ৰসাৰিত কৰি
ধীয়াই...!
আকাশত হেনো
ঈশ্বৰৰ উপস্থিতি ।
তাৰ নিমাখিত
চকুহালত জীৱন
ক্ৰুৰ ।

তুমি কান্দিবানে --- নিলোৎপল নেওগ

তুমি কান্দিবানে মোৰ মৃত্যু হ'লে ?

চুই চাবানে মোৰ চেঁচা মৃতদেহ ?

ক'বানে মোৰ জঠৰ হাতত ধৰি ভালপাওঁ বুলি ?

উলিয়াই আনিবানে মোৰ ৰঙা হৃদয়ৰ পৰা মোৰ প্ৰেমৰ দিনৰ দিনলিপি ?

পঢ়িবানে মই তোমালৈ লিখা কবিতাবোৰ ?

অনুগ্ৰহ কৰি মোক জ্বলাই দিবা

বোৱাই দিবা মোৰ অস্থি পবিত্ৰ পানীত

তেতিয়া মই নদী হৈ বৈ থাকিম

তোমাৰ সমগ্র শৰীৰত পবিত্ৰ কৰি তুলিম

তোমাৰ অনুভৱ ,ভালপোৱা আৰু তোমাৰ গুলপীয়া হৃদয় !

তুমি কান্দিবানে মোৰ মৃত্যু হ'লে ?

ৰাজপথ কমা ভিক্ষাৰী --- পল্লৱ কুমাৰ নাথ

ৰাস্তাৰ কাষত জঠৰ হৈ পৰি ৰয়,
প্ৰকাণ্ড ট্ৰাকৰ গৰ্জ্জনত
মোৰ কাণত নপৰেহি...
সিহঁতৰ ভোকৰ আৰ্তনাদ
কিম্বা আতংকত হৃদয় কপোঁৱা চিঞৰ ।

অসময় ৰোডচাইড গাড়ীৰ হেডলাইটৰ পোহৰত
জিলিকি উঠে হাড়ত চাল লগা
শুকান শৰীৰ !
কংকাল মানব !!

হাতৰ পৰা সৰি নপৰে ব্যস্তময়ী সময়
ইণ্ডকাৰ চাইড গ্লাছত জিলিকি উঠে
কুৎচিত মুখ !
লেতেৰা দেহাবোৰ !!

চকু ফুৰাই, এক অভাৱী সমাজ
চিনাকী মুখ ?
নাই ! কয়লা জীৱনৰ উপন্যাস ;
জটা চুলিৰ ওপৰত ধূলিৰ ময়লাময় চামনী ।

পিতাই ------ শিখাজ্যাতি শৰ্মা

শৈশঁৱৰ দিনবোৰ ঘূৰাই পোৱা হ'লে এবাৰ
তোমাৰ বোকোচাত উঠি আকৌ এবাৰ উমলিব পাৰিলো হেঁতেন ৷
তোমাৰ আঙুলিত ধৰি অলং দলং খেলিলো হেঁতেন ৷
তোমাৰ বুকুৰ মাজত সোমাই পৰীদেশৰ সাধু
শুনি শুনি টোপনি গ'লো হেঁতেন ৷
মাৰ গালিবোৰৰ পৰা বাচিবলৈ
তোমাক যে অস্ত্ৰ হিচাপে লৈছিলো মনত আছেনে পিতাই!
কিমান ধুনীয়াকৈ তুমি আমাক শিঁকাইছিলা জীৱন যুদ্ধত
জয়ী হোৱাৰ প্ৰতিটো ৰণকৌশল ৷
তোমাৰ ছত্ৰছায়াত নিৰাপত্তা অনুভূত হৈছিল,হাজাৰ দুখক
নেওঁচা দিয়াৰ মনোবল আয়ত্ত্ব কৰিছিলো ৷
তুমি আমাৰ সুখৰ কাৰণে নিজৰ ইচছা বাসনাক ত্যাগ কৰিছিলা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,484
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,424
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,162
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,574