কৌতুক :: অনিল নগৰ,অনিল নগৰ,অনিল নগৰ
Submitted by Anonymous (not verified) on Sat, 11/04/2017 - 13:17ৰাতিপুৱা টিভিটো অন কৰিয়েই কলিতানীয়ে চিঞৰিলে , " হেৰা, মই আৰু এই ঠাইত নাথাকো, অনিল নগৰৰ ফালে মাটি কিনা।"
বাথৰূমৰ পৰাই কলিতা ,"কিয় ? ইয়াত কি অসুবিধা পাইছা?"
কলিতানী : একো অসুবিধা পোৱা নাই কিন্তু মোক অনিল নগৰত ঘৰ লাগে ।
কলিতা: কিন্তু তাত চোন অলপ বৰষুণ দিলেই বানপানী হয়।
কলিতানী : হওঁক।
কলিতা: নতুনকৈ মাটি কিনিবলৈ পইচা ক'ত?
কলিতানী : মই নাজানোঁ পইচা ক'ত? লাগিলে এই ঘৰ মাটি বিক্ৰী কৰা ।
কলিতা: কিন্তু কিনিব কোনে ? নতুন পইচা পুৰণি পইচাক লৈ সকলো ব্যস্ত । বিক্ৰী কৰি পোৱা টকা সলাবলৈ কিমান অসুবিধা হ'ব ভাবি চাইছানে?