গল্প

অনুসূচনা --- হেমেন নাথ নিয়ৰ

- কথাটো সি বিশ্বাস কৰিব পৰা নাই ৷ ব্ৰজ পৰা মানুহৰ দৰে বিচনাতে সি কুচি-মুচি বহু সময় বহি থাকিল ৷ অৰ্ণৱে কিবা-কিবি কৈ আছে ৷ সি একো শুনা নাই ৷ তাৰ দুচকুত ৰাতি হৈ যোৱা ঘটনাটোৰ দৃশ্যবোৰ এফালৰ পৰা ভাঁহি উঠিল ৷ তেজেৰে লুতুৰি – পুতুৰি হৈ পৰি থকা কুষ্ঠৰোগীটো ৷ মৃত্যু যান্তণাত চতফটাই সহায়ৰ বাবে কাতৰ ভাৱে সিঁহত দুটিলৈ চাই থকা তাৰ সৰু চকু দুটি , কি দৰে ৰাতিৰ এন্ধাৰৰ সুযোগলৈ অৰ্ণব আৰু সি পলাই গুচি গৈছিল স্বাৰ্থপৰৰ দৰে ৷ তাৰ সকলোবোৰ এফালৰ পৰা মনত পৰি গ’ল ৷
- “ অৰ্ণব ব’লছোন এবাৰ মেডিকেলৰ পৰা আহো ৷”
- অৰ্ণৱৰ ফালে নোচোৱাকৈয়ে সি ক’লে ৷

বৰষুণৰ স্মৃতি, জিত আৰু জ্যোতি

-> বাহ আজি কিন্তু তোমাক
কচম চে তামাম লাগিছে দেই
জ্যোতি
-> হব হব দেৰি হৈছে সোনকালে ছাতিৰ তললৈ আহা আৰে আৰে তিতিছা কিয়?
-> নাই দেৰি হোৱা নাই দেখোন ।
১১ বজাতহে ৰিজাল্ট নোটিচ মাৰিব।
জিত আৰু জ্যোতি 'ক' শ্রেণীৰে

দুৰ্ভগীয়া দুখ ----- ডিম্পল গগৈ

সেইদিনা আছিল বৰ পখৰ ৰদ । মোৰ উদেশ্য আছিল ডিব্ৰুগড় বনলতা পৰা মামনি
বাইদেউ যিকোনো এখন কিতাপ কিনা । মই ঘৰৰ পৰা ১২ মান বজাত ২০০ টকা লৈ
ডিব্ৰুগড় বনলতালৈ বুলি উলালো । ৩০ মিনিট মানৰ পাছত মই ডিব্ৰুগড় বনলতা
পালোগৈ । বাছৰ পৰা নামি অলপ দূৰ গৈ কিতাপৰ দোকান পালো আৰু দোকানী জনৰ পৰা
মামনি বাইদেউ যিকোনো এখন কিতাপ ১৭০ টকা দি কিনিলো । কিতাপ দোকানৰ পৰা
হোটেল লৈ বুলি আহিলো হঠাৎ চকু পৰিল হোটেলৰ কাষতে বহি থকা এজন ভিষাৰীৰ
ওপৰত , হোটেলৰ মালিকজনে ভিষাৰীজনক গালি - শপনি পাৰি, মাৰি পিটি কোনো মতে
ভিষাৰীজনক তাৰপৰা আতঁৰাব বিচাৰিছে কাৰণ ভিষাৰীজন হোটেলৰ সন্মুখত থকাৰ

এটি শীতত সেমেকা গধুলী ---- বিভাৰাণী দাস

প্ৰতিটো দিনৰ প্ৰতিটো সন্ধ্যা অতি মৰমৰ ৷ যদি সেই সন্ধ্যাত প্ৰিয়জন কাষত থাকে , সেই সন্ধ্যা হৈ পৰে আৰু ৰঙীন মৰমৰ আৰু হেঁপাহৰ ৷ যৌৱনৰ একৈশটা বছৰ ধেমালীৰ মাজেৰে কটাই মাহ - হালধিৰ গোন্ধ গাত সানি কাশ্মিৰী হৈ পৰিছিল আনৰ ঘৰৰ বোৱাৰী ৷ এটা বুজাব নোৱাৰা অনুভুতি ৷ কিন্তু তাই এই ৰং ধৰি ৰাখিব নোৱাৰিলে ৷ এটা কালিমা সনা গধুলীয়ে তাইৰ জীৱনলৈ এন্ধাৰ নমাই আনিলে ৷ তাই সৰু এটা দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱালে ৷

সমাজ দাপোণ - গল্পকাৰ : শান্তনা মজুমদাৰ

কলেজত শিক্ষক গোতৰ মিটিং থকা বাবে কেইটামান ক্লাছ হোৱাৰ পাছত বাকীবোৰ নহ'ল ৷ আমি আটাই কেইজনী বান্ধৱী আহি বাছষ্টেন্দ পালোহি ৷ সকলোবোৰ ক্লাছৰ ল'ৰা- ছোৱালী একে সময়তে অহা বাবে বাছষ্টেন্দত ভিৰ হৈছে ৷ তাতে আকৌ বিভিন্ন কামত অহা মানুহ, আলহী খাবলৈ অহা মানুহ আৰু দোকানৰ সন্মুখত বহি আড্ডা দি থকা ল'ৰাবোৰতো আছেই ৷ গতিকে বাছষ্টেন্দ খন লোকে লোকাৰণ্য হৈ পৰিছে ৷ কোনোমতে ভিৰ ঠেলি ঠাই অকণমান উলিয়াই বাছ অহাৰ বাবে ৰৈ থাকিলোঁ ৷ এনেতে ক'ৰ পৰা জানো দুটি সাত- আঠ বছৰীয়া ল'ৰা-ছোৱালী আহি আমাৰ সন্মুখতে থিয় হ'ল ৷ ছোৱালীজনীয়ে মানুহৰ দৃষ্টি আকষৰ্ণৰ বাবে তাইৰ দিঙিত ওলোমাই ৰখা ঢোলটোঅকণমানি হাত দোখনেৰে বজাই দিলে ৷ ইয়াৰ পিছতে