প্ৰবন্ধ :: বিষাদৰ প্ৰতীক হেনো শেৱালি --- মঞ্জুষা দেৱী
Submitted by মন্জুষা দেৱী on Tue, 09/17/2019 - 06:42শাৰদীয় জোনাক নিশা ৰাতি ফুলা ফুল শেৱালি হেনো বিষাদৰ প্ৰতীক । শুভ্ৰ বগা, কমলা ৰঙৰ ঠাৰিৰে শৰতৰ জোনাক নিশা পৰম আৱেগেৰে পাহি মেলি ৰাতিবোৰ মায়াময় কৰি তোলা শেৱালি ফুলৰ আছে হেনো এক জন্ম ৰহস্য । ৰাতিৰ ৰাণী শেৱালি, তুমি কেৱল ৰূপৰেই বিভূষিতা নহয় , গুণতো অনুপম তুমি । তথাপিও কয় তোমাক বিষাদৰ প্ৰতীক ।
আহকচোন আমিও জানি থওঁ---- শেৱালিৰ আৱেগভৰা হাঁহিৰ আঁৰত থকা কি এই জন্ম ৰহস্য । কিয় কয় শেৱালিক বিষাদৰ প্ৰতীক ।