মতামত :: বিমুদ্ৰাকৰণঃ ক’লা ধনৰ বিৰুদ্ধে মোদী চৰকাৰৰ সবল পদক্ষেপ --- অভিনন্দন গোস্বামী
Submitted by অভিনন্দন গোস্বামী on Wed, 11/30/2016 - 17:37যোৱা ৮ নৱেম্বৰৰ সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হঠাৎ কৰা বিমুদ্ৰাকৰণৰ ঘোষণাই যোৱা ১০-১২ দিন ধৰি যে দেশত অর্থনৈতিক জৰুৰী অৱস্হাৰ সৃষ্টি কৰিছে তাক সকলো লোকেই প্ৰত্যক্ষ কৰিছে৷ সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক চুই যোৱা এনে আকষ্মিক ঘোষণা প্ৰকৃতার্থত কিমান সমীচিন বা যুক্তিসংগত তাক লৈ বহুতেই প্ৰশ্ন নকৰাকৈ থকা নাই৷ তৎসত্বেও গৰিষ্ঠসংখ্যক জনসাধাৰণে এনে ঐতিহাসিক পদক্ষেপৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়াই ঘন্টাৰ পাছৰ ঘন্টা ধৰিও বেংক-এটিএমৰ শাৰীত থিয় হৈ থাকিবলৈ কুন্ঠাবোধ কৰা নাই৷ দেশৰ উজ্জ্বল ভৱিষ্যতৰ স্বার্থত তথা সমাজৰ পৰা দুর্নীতি আৰু ক’লা ধনৰ পয়োভৰ ৰোধ কৰিবলৈ সকলোৱে সাময়িক কষ্ট সহিও চৰকাৰৰ এই পদক্ষে