গ্ৰন্থৰ নাম :: বৈকল্পিক ৰাজনীতিৰ সন্ধানত , লেখক - জিতেন বেজবৰুৱা

গ্ৰন্থখনৰ বিষয়ে :

‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ গ্ৰন্থখন জিতেন বেজবৰুৱাৰ মুঠ ঊনৈছটা ভিন্নধৰ্মী প্ৰবন্ধ (আৰু এলানি বিতৰ্ক)ৰ সংকলন। গ্ৰন্থখনৰ প্ৰায়বিলাক প্ৰবন্ধতে ব্যাপ্ত হৈ থকা কেন্দ্ৰীয় বিষয়বস্তু হ'ল জাতীয়তাবাদ। জাতীয়তাবাদৰ স্বৰূপ উদঘাটন তথা তাৰ সাংস্কৃতিক ৰাজনীতিৰ বিভিন্ন দিশৰ বিশ্লেষণ ইয়াত লেখকৰ মূল উদ্দেশ্য । তদুপৰি সাম্প্ৰদায়িকতাবাদ, বৰ্ণবাদ, পুৰুষতন্ত্ৰ, যৌনতাকে আদি কৰি অন্যান্য সামাজিক প্ৰশ্নসমূহো ভালেমান প্ৰবন্ধত বিশদভাৱে বিশ্লেষণ কৰা হৈছে। লেখকৰ সামগ্ৰিক উদ্দেশ্য হ'ল সাম্প্ৰতিক অসম তথা ভাৰতৰ সমাজ আৰু ৰাষ্ট্ৰৰ চৰিত্ৰ তথা গতিধাৰা উন্মোচনৰ চেষ্টা কৰা। জাতীয়তাবাদকে আদি কৰি বিভিন্ন সামাজিক প্ৰশ্নসমূহৰ বিশ্লেষণো সেই সামগ্ৰিক উদ্দেশ্যৰদ্বাৰাই পৰিচালিত হৈছে। একাধাৰে তাত্ত্বিক আৰু ৰাজনৈতিক এই বিশ্লেষণসমূহৰ জৰিয়তে প্ৰচলিত ৰাজনীতিৰ অন্তৰ্দ্বন্দ্ব আৰু সমস্যাসমূহ বুজিবলৈ চেষ্টা কৰাৰ লগতে এক বৈকল্পিক ৰাজনীতিৰ ধাৰণা বিকশিত কৰিবলৈও চেষ্টা কৰা হৈছে। বৈকল্পিক ৰাজনীতিৰ কোনো ইস্তাহাৰ-সুলভ নক্সা ইয়াত নাই, কিন্তু এক বহুস্তৰীয় অথচ সংহত বৈকল্পিক ৰাজনীতিৰ ধাৰণা গ্ৰন্থখনত বিৰাজমান – যি ৰাজনীতিয়ে সৰ্বাত্মক সামাজিক ন্যায়ৰ সম্ভাৱনা বহন কৰে।

ব্ল'গৰ লিংক:: https://jitenbezboruah.wordpress.com/
ফেচ'বুক লিংক :: https://www.facebook.com/profile.php?id=100003672554166

Upload Book Image: 
বৈকল্পিক ৰাজনীতিৰ সন্ধানত লেখক : জিতেন বেজবৰুৱা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,393
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,843
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,680
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:440