অনুভুতিৰে তুমি --- কৰবী ফুকন নাথ

উজাগৰি নিশা সাৰে থাকোঁ

অনুভুতিবোৰ তুমি তুমি তুমি ,

হঠাতে চুমি যোৱা গালে ওঠেঁ

চুই দিয়া বুকুৰ উপত্যকা ৷৷

শিহৰণ প্ৰাণে প্ৰাণে

তোমাৰ নামেৰে

শিৰাই শিৰাই তেজৰ সুত

বৈ যায় মাথো বৈ যায়

ৰুদ্ধ বুকুৰ কলিজা স্তব্ধ ৷৷

তুমি মোৰ আজন্ম প্ৰেমিক

কোনো কালে মহাৰিব নোৱাৰো

মোৰ কলিজাত

আকিঁ থোৱা তোমাৰ প্ৰতিচ্ছবি ৷

যদিওবা দিবও নোৱাৰো

মোৰ যৌবন

উত্তপ্ত দেহৰ

উমাল স্পৰ্ষ

তথাপিও

অনুভৱেৰে সদায় বাট চাওঁ তোমালৈ ৷৷

তোমাৰ উশাহত উশাহ

আৰু

নিশাহত মোৰ নিশাহ

বুকুৰ প্ৰতিটো স্পন্দনত

বিচাৰে মনে গোপনে তোমাক ৷

চোৱা এতিয়াও সাৰে আছো মই

তোমাৰ সতে উজাগৰে পাৰ

কৰিছো সময় ৷

তোমাৰ বহল দুবাহুৰ মাজত

মই মোক সপি দিছোঁ

আলফুলে মৰমেৰে

তোমাৰ বুকুৰ পদূলীত

ৰুই দিছোঁ মোৰ প্ৰেমৰ গজালি ৷৷৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,325
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,011
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,975
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,233