অনুভৱৰ ৩টা স্তৱক --- ডিম্পল গগৈ

(১)
যেতিয়া এই উদং বুকুখনত
বিষাদৰ বেদনাই খোন্দা মাৰি ধৰে,
তেতিয়াই মন যায়
মুকলি আকাশৰ তলত
মৃত্যু হ'বলৈ ।

(২)

যেতিয়া ফাগুনৰ পছোৱা বতাহ জাকত
গছৰ শুকান পাতবোৰ সৰে
তেতিয়াই মনত পৰে
শৈশৱৰ দিনবোৰলৈ
য'ত দৌৰি দৌৰি গৈছিলোঁ
এখিলা এখিলা কৈ উৰি অহা
শুকান পাতবোৰ দুহাতেৰে বুতলিবলৈ ।

(৩)

হৃদয়ৰ নিভৃত কোণত
যেতিয়া তোমাৰ প্ৰতিচ্ছবি আঁকিলো
তেতিয়াই মোৰ আশাবোৰ
সজীব হৈ
দুখবোৰ হেৰাই
এটা সুখেৰে ভৰা জীৱন আৰ্ৱিভাৱ ঘটিল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,916
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,366
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,956
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,186
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,905