কিছুদিন আগৰ কথা অফিচৰ কামত মোৰ বেংকত যাব লগা হৈছিল । অফিচৰ পৰা মাত্ৰ পাঁচ মিনিটৰ ৰাস্তা সেয়ে এইখিনি ৰাস্তা মই খোজকাঢ়িয়ে যাব ওলালো । অৱশ্যে মই আগে পিছেও নোজোৱা নহয় । ৰাস্তা কাষৰ ফুটপাথেৰে মই খোজ দিলো বেংক পোৱাৰ অলপ আগতে ফুটপাথটোৰ গাতে লগাকে এটা ডাঙৰ ডাষ্টবিন আৰু চাৰিওফালে খুব লেতেৰা আৰু দূৰগন্ধ সিচৰিত হৈ থাকে বাবে সেইখিনি ৰাস্তা নাকত খোপা দিয়ে পাৰ হ’ব লগা হয় । প্ৰায়ে সেই ডাষ্টবিনটোত ল'ৰা ছোৱালী, মতা মাইকী পিঠিত একোখন বস্তা ওলোমাই কিবাকিবি বিচাৰি থকা দেখা পোৱা যায় । মই যেতিয়া সেই ডাষ্টবিনটোৰ ওচৰ পাইছিলো তাত এজনি মাইকী মানুহে পিঠিত এটা বস্তা ওলোমাই কিবা কিবি বুটলি বস্তাটোত ভৰাই আছে আৰু তাৰ কাষতে ঠেলা এখন ধৰি সৰু ল'ৰা এটাই ঠিয় দি আছে । মই ল’ৰালৰিকে বেংকৰ কামখিনি শেষ কৰি আকৌ সেই ৰাস্তাটোৰেই উভতিব ল’লো , ডাষ্টবিনটো পাৰ হৈ অলপ দূৰত দেখিলো সৰু ল'ৰাটোৱে ৰাস্তাত বহি ফুটপাথৰ ওপৰত কাগজ এখন থৈ কিবা কৰি আছে । মই ঠিক ল'ৰাটো বহি থকাৰ পৰা দূখোজ আগত আহি ঠিয় হৈ ল'ৰাটোৰ ফালে চালো এখন হাতেৰে সি কাগজখন ধৰি কাগজখনত থকা আখৰকেইটা ভালকৈ চাইছে আৰু আনখন হাতত কলম এটা লৈ মনোযোগেৰে লিখিবলৈ যত্ন কৰিছে । হঠাতে মোক দেখি সি ৰৈ দিলে আৰু অলপ ভয় খোৱাৰ দৰে হ'ল । মই তাৰ পিনে চাই মিচিকিয়াই দিলো আৰু সি ও অলপ হঁহাৰ দৰে কৰিলে, তাৰ পিছত মই ইংগিতেৰে তাক লিখিবলৈ ক’লো কিন্ত সি মোৰ ফালে চাই বহিয়ে থাকিল । তাৰ মনোযোগ ভাগিব বুলি মই গুচি আহিলো । গোটেই দিনটো মই সেইদিনা ল'ৰাটোৰ কথায়ে ভাবি থাকিলো । পঢ়া শুনাৰ প্ৰতি প্ৰবল ইচছা থাকিও তাৰ জীৱন ডাষ্টবিনতে অতিবাহিত হৈছে ।
( আমাৰ সমাজত শিক্ষিত মানুহৰ অভাৱ নাই কিন্তূ আমাৰ শিক্ষা কেৱল টকা পইচা অৰ্জন কৰালৈকেহে সীমাবদ্ব । আনকি বিনা টকাত আমি কোনো ল'ৰা- ছোৱালীক এঘন্টা সময়ো দিব নোৱাৰো । আমাৰ সমাজত এনে বহুত ল'ৰা ছোৱালী আছে যিয়ে সাধাৰণ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত।। )