বিশ্বৰ প্ৰাচীনতম গ্ৰন্থ ঋগবেদক পণ্ডিত সকলে প্ৰাচীন ভাৰতীয় সংস্কৃতি অধ্যয়নৰ সমল পুথি ৰূপে ব্যৱহাৰ কৰে । ভাৰততেই মানৱ সভ্যতাৰ আৰম্ভণি বুলি ক'লেও ভুল কোৱা নহ’ব ।
মানুহে প্ৰথম বাৰ জন্ম লাভ কৰে মাকৰ গৰ্ভৰ পৰা আৰু দ্বিতীয় বাৰ জন্ম লাভ কৰে সংস্কাৰৰ জৰিয়তে । "জন্মনা জয়তে শুদ্ৰং সংস্কাৰাৎ দ্বিজ উচ্যতে।"
পৰিৱৰ্তন শীল যুগৰ সৈতে খাপ খাই চলিবৰ বাবে আমাৰ ধ্যান ধাৰণা মানসীকতাক পৰিৱৰ্তন কৰিব লগা হয় তাক মুঠেই অগ্ৰাহ্য কৰিব নোৱাৰি । যিহেতু আমি হ’লো ইলেক্ট্ৰনিক যুগৰ মানুহ । ইলেক্ট্ৰনিক যুগৰ চমৎ কাৰিক আৱিষ্কাৰে আমাক দিনক দিনে আপ্লুত কৰি ৰাখিছে । ইন্টাৰনেটৰ নানান দিশে পৃথিৱীখনক আমাৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হৈছে ।
বিজ্ঞানৰ এনে চমৎকাৰিত অভিনৱ আৱিষ্কাৰৰ যোগেদিয়েই দিনক দিনে অপৰাধ মূলক কাৰ্য্য সংঘটিত হৈছে আমি যাক অগ্ৰাহ্য কৰিব নোৱাৰিম ।
আমি অত্যাধুনিক সমাজৰ বাসিন্দা । আধুনিকতা আমাৰ শিৰা উপশিৰাই ধাৱমান ।
কিন্তু শিক্ষিত সমাজতেই প্ৰৱল হাৰত বৃদ্ধি পাইছে অন্ধবিশ্বাস ।
গ্ৰাম্য অথবা নিৰক্ষৰ লোককে ধৰি শিক্ষিত সমাজ খনেও ধৰ্ম আৰু অন্ধবিশ্বাসৰ প্ৰৱণতাৰ পৰা মুক্ত হ’ব পৰা নাই । সেয়েহে ছাগে আমি অতীজৰ পৰা পুৰ্বপুৰুষ সকলে চলাই অহা অন্ধবিশ্বাসৰ প্ৰথা বৰ্তমানৰ এই একবিংশ শতিকাত ও পাৰ্যমানে চলাই আহি আছোঁ ।
লোকবিশ্বাসৰ আধাৰতেই অন্ধবিশ্বাসৰ সৃষ্টি হয় । লোকবিশ্বাসৰ বহল পৰিসৰে অন্ধবিশ্বাসকো সামৰি লয় ।
লোক বিশ্বাস সাধাৰণতে যুক্তি নিৰ্ভৰ শীল কিন্তু অন্ধবিশ্বাস হ’ল যুক্তি বিহীন । য’ত বিজ্ঞান বিফল হৈছে তাতেই অন্ধবিশ্বাস সফল হৈছে ।
২০১০ চনত লণ্ডনত খ্ৰীষ্টমাছৰ সময়ত ১৫ বছৰীয়া কিশোৰ কৃষ্টি বাসুক বায়েকৰ ঘৰলৈ ফুৰিবলৈ অহাত নিজৰ ভগ্নী আৰু খুৰাই ডাইনী সজাই নিৰ্মম হত্যা কৰোৱা হৈছিল ।
আফ্ৰিকাতো কোনোবা এটি শিশুক ডাইনী বুলি অভিহিত কৰিবলৈ সাধাৰণ কথা এটায়েই যথেষ্ট । শিশুটিয়ে যদি টোপনিত কান্দে বা হাহেঁ , বিচনাত পেচাব কৰে , তেতিয়া সেই মূৰ্খ সমাজে শিশুটোক লগে লগে ডাইনী (witch) বুলি অভিহিত কৰি তাৰ মৃত্যু নোহোৱা পৰ্যন্ত হৃদয় বিদাৰক অত্যাচাৰ চলায় । সন্দেহ যুক্ত নিচা যুক্ত পানী জোৰ কৰি খোৱোৱা , গৰম পানী গুপ্তাংগত ঢালি দিয়া,গৰম ৰডেৰে মাৰপিট কৰা , চুলি খুৰুৱা আদি নানান অমানৱীয় কাৰ্য -কলাপ কৰা দেখা যায় ।
মৃত্যু নিষ্ঠুৰ , বেদনা দায়ক কিন্তু ডাইনী সজাই যেতিয়া তাৰ ওপৰত নিৰ্মম ভাৱে হত্যা কৰা হয় তেতিয়া সেই সমাজৰ মানুহৰ বুকুখন তিলমানো কিয় বেদনা সিক্ত নহয় ??
আমি সমাজৰ পৰা এই প্ৰথা বোৰক আতৰাবলৈ আন্দোলন মুখী পদক্ষেপ গ্ৰহণ কৰি লোক সমাজৰ মাজত সজাগতা বঢ়াব পাৰিলে ডাইনী হত্যাৰ অন্ত হ’ব বুলি আশা কৰিব পাৰি ।