অনুভৱ :: নীলা খামৰ চিঠি --- মন্জুষা দেৱী

বৰ্তমানৰ এই ব্যস্ততাৰ দিনত নীলা খামৰ চিঠিৰ মূল্যই বা কিমান !!!

প্ৰেম আৰু প্ৰেম পত্ৰৰ মাজত আজীৱন লুকুৱাই থাকিব এক নিবিড় সম্পৰ্ক ৷ যান্ত্ৰিকতাৰে ভৰা দিনত কাৰো আহৰি নাই চিঠি লিখাৰ সময় নাই চিঠি পঢ়ি চোৱাৰ ৷ কিন্তু নীলা খামৰ চিঠিৰ মাদকতা বুজা জনেহে বুজি পাব...॥

যৌৱনৰ বেলিকা প্ৰেম পত্ৰৰ যোগেদি প্ৰিয় জনলৈ দি পঠোৱা প্ৰেমৰ প্ৰথম উস্ম চুম্বন ....হৃদয়ত জাগিছিল তেতিয়া যৌৱনৰ শিহৰণ !

সেই উতনুৱা দিনবোৰলৈ মন কৰিলে মন প্ৰাণ ৰোমাঞ্ছিত হৈ পৰি যায় ...

প্ৰিয়তম মোৰ

কুশলে আছা নিশ্চয়

মৰমৰ বুলি কোৱাৰ অধিকাৰ নাই তথাপিও মৰম লবা..

তুমি মোৰ পৰা আতৰি অহাৰ দিনৰ পৰা মই প্ৰতিটো মূহুৰ্তত মৰি মৰি জীয়াই আছোঁ ! যদি উশাহ লোৱাটোক জীয়াই থকা বুলি কয় তেনেহ'লে প্ৰিয়তম মোৰ, মই জীয়াই আছোঁ মাথোঁ এটি জীৱন্ত লাচৰ দৰেই ...

তুমি মোৰ পৰা আতৰি আহিলা নে মই তোমাক এৰি থৈ আহিছিলো ...॥ আচলতে আমাক পৰিস্থিতিয়ে বাধ্য কৰাইছিল জানা ..

সময়ৰ এই দ্রুত গতিৰ নিষ্ঠুৰ গছকত আমাৰ সপোনৰ যন্ত্ৰণা ময় চিঞৰ তুমি নুশুনিলা কিয় প্ৰিয়তম ??

দুখৰ নিজৰা নাথাকিলে সুখৰ চৰাই জনীয়ে ক'ত আহি জিৰাব হি ...॥

দুখ আছে বাবেই তো সুখৰ উপলব্ধি কৰিব পাৰি ...

মোৰ বুকুৰ ৰক্ত জবা তোমাৰ অপমানৰ যন্ত্ৰণাত জহি সহি গৈছিল কিন্তু মই উস পৰ্যন্ত নকৰিছিলো ...

তুমি মোক পাহৰিলেও মই কেতিয়াও তোমাক পাহৰিব নোৱাৰিম..

মই আজীৱন তোমাৰ সপোনৰ ৰাজকুমাৰী হৈ জীয়াই থাকিব খুজিছোঁ অন্ততঃ তুমি মোৰ বিদায় বেলাৰ এই অন্তিম ইচ্ছাক বাধা নিদিবা ... তুমি মোৰ নোহোৱা মই কিন্তু আজিও তোমাৰেই হৈ আছোঁ !!!

তোমাক আজিও ভালপাওঁ মই... মই তোমাৰ প্ৰেয়সী ....

প্ৰিয়তম মই তোমাক পাহৰিব নোৱাৰিলো ক্ষমা কৰি দিবা ....

(প্ৰেম এনেকোৱাই!!! প্ৰেমে স্বৰ্বস্ব দিও যায় আৰু কাঢ়ি ও লৈ যায়
প্ৰেম আৰু বিৰহ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি ...॥
বিচ্ছেদ বিৰহ আছে বাবেই প্ৰেম মহান...
প্ৰেমৰ অনুভূতি সকলোৰে হৃদয়ত এবাৰলৈ হ'লেও জাগ্ৰত হৈছে ..আৰু যিজনৰ হোৱা নাই সেই জন পৃথিৱীৰ আটাইতকৈ দু্ৰ্ভগীয়া ব্যক্তি)