সমাজ পৰিৱৰ্তনশীল .. সমাজৰ লগত খাপ খাই আমাৰ মন ধ্যান ধাৰণাৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক যি হেতু পৰিৱৰ্তনৰ নিজস্ব সুকীয়া সৌন্দৰ্য্য আছে ... আগতে প্রেমৰ আৰম্ভণি হৈছিল দুই চকুৰ মিলনত...চিঠিৰ মিঠা মিঠা আবেগতত !!!! সময়ৰ লগে লগে প্ৰেমৰ ৰূপ ও সলনি হ’ল ...এতিয়া দুই চকুৰ মিলনত প্ৰেম নহয় প্ৰেম হয় ইন্টাৰনেটত .... য’ত চকুৰ মিলন দূৰৰ কথা ইজনে সিজনৰ মুখ খনেই ভালকৈ দেখা নাপায় .. আগতে প্ৰেমৰ প্ৰস্তাৱ দিছিল চিঠিৰ যোগেদি ‘ মই তোমাক খুউব ভাল পাওঁ তুমি মোক ভাল পোৱা নে ? ' লাহে লাহে প্ৰেমৰ প্ৰস্তাৱত ও পৰিৱৰ্তনে ভুমুকি মাৰিলে.... বৰ্তমানৰ প্ৰেমৰ প্ৰস্তাৱ এনেকোৱা ' তই মোৰ ল’ৰা ছোৱালীৰ মাক হ’বি নেকি ? ' !!!!!!!!!! এতিয়াৰ দৰেই আৰু আগতে হাতে হাতে ক’তনো মোবাইল আছিলে.. চিঠিৰ পৰা যেতিয়া বাৰ্তালাপ লৈকে প্ৰেম বাগৰিল তেতিয়া pco বোৰত প্ৰেমিক প্ৰেমিকাৰ লানি নিছিগা ভিৰ.. তুমি কালি দিনৰ বাৰত PCO লৈ আহিবা দেই মই ফোন কৰিম ন’হাকৈ নাথাকিবা কিন্তু দেই..... এতিয়াতো pco বোৰ নাইকিয়া হৈ আহিল সকলোৰে হাতে হাতে দামী দামী মোবাইল ... দিন হাজিৰা কৰি এসাঁজ লঘোণে থাকি হ’লেও মোবাইল কিনে এয়াই যে যুগ পৰিৱৰ্তনৰ খেলা ... ঘৰত লেন্ড ফোন হোৱাৰ পাছত মোবাইল নাম্বাৰ বিছাৰি হাহাকাৰ .. তোমাৰ ঘৰৰ ফোন নাম্বাৰ মোক দিয়া না ঘৰত কোনো নাথাকিলে তোমাক মিছকল দিম তুমি আহি যাবা আমাৰ ঘৰলৈ .... ডাইৰেক্ট যদি মোবাইল নাম্বাৰ বিছৰা যায় মা বাপেকক ধৰি গোটেই বংশই গালিও শুনিব লগা হ’ব পাৰে ... বিবাহিত হওঁক নাইবা অবিবাহিত, মোবাইল নাম্বাৰ লৈ ফোন কৰা Chatting কৰা তেনেই সাধাৰণ হে কথা..॥
কিন্তু সাধাৰণৰ মাজত ও অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী বহুত ওলাব যেন কোনোবাই ফোন নাম্বাৰ বিছাৰিলেই যেন মহাসয় মহাসয়াৰ ইজ্জতত লাগি যায় 'মই বেলেগ ফাল্টু ল’ৰা / ছোৱালী বুলি ভাবিছা নেকি যে মই যাকে তাকে মোৰ নাম্বাৰ দি ফুৰিম !!!!!!!!! সমাজ পৰিৱৰ্তনে সেয়েহে সেই সমস্যা ও সমাধান কৰি দিছে 'তোমাৰ whats app'ৰ নাম্বাৰ আছে নেকি কেতিয়াবা chatting কৰিলোঁ হয়'!॥॥॥॥॥॥ বছ আৰু নো কি ...কাম হৈ গ’ল..... এয়াই আমাৰ বৰ্তমানৰ নতুন ৰূপ , যি ৰূপ আমি ভাল পাওঁ ....