লিখিবলৈ বহি ভাৱিলো আজি কি লিখো কৰ পৰা আৰম্ভ কৰোঁ । কিনো লিখো । মানৱ জীৱনৰ চৰম সত্য হ’ল মৃত্যু । এই মৃত্যুৰ যন্ত্ৰণা কেনে হ’ব পাৰে কোনোবা প্ৰেমিক তথা প্ৰেমিকাক ।
মৰমৰ পাহি
কুশলে আছাতো ?
তুমি হীনতাৰ জীৱন মই সহিব নোৱাৰা হৈছো । কান্দি কান্দি চকুৰ পানী ও নোহোৱা হ’ল । চকুলো বিহীন কান্দোন আৰু বেছি কষ্টকৰ পাহি ।
পাহি তোমাক কোনোদিনে নাপাহৰিম মই । চকুৰে দেখা এই সুন্দৰ পৃথিৱীৰ সিপিনে কি আছে নাজানোঁ যদি আছে অইন এখন পৃথিৱী তেতিয়া হ’লে তুমি তাত শান্তিৰে থাকিবা । শশৰীৰ তুমি কাষত নাই যদিও মনৰ চকুৰে সদায় তোমাক দেখা পাওঁ , সদায় কথা পাতো তোমাৰ লগত ।
লহপহকৈ বাঢ়ি থকা ফুলপাহ প্ৰকৃতিয়ে কোন সতে চিঙি লৈ যায় ভাবিলে আচৰিত লাগে সেয়ে মই প্ৰকৃতিৰ ফুলপাহ জোপাক চিঙি মোহাৰি নেপেলাওঁ । জানোচা তুমি দুখ পোৱা । মেঘৰ বৰষুণ টোপালৰ মাজত তোমাৰ উপস্থিতি অনুভৱ কৰোঁ সেয়ে বৰষুণ ভাল পাওঁ মই । তুমি উভতি নাহা মই জানো কিন্তু মই আজীৱন ৰৈ থাকিম তোমাৰ বাবে এজোপা গছ হৈ নাইবা কলীয়া ডাৱৰ হৈ ।
তোমাৰ প্ৰেমিক