#জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে মন উতলা কৰে...............
এই গীতটি ৰ মাজত যি আবেগ, অনুভূতি জড়িত হৈ আছে,সেই আবেগৰ সুখানুভুতিয়ে নিশ্চয় মোৰ দৰেই আপোনালোকৰ ও মন প্ৰাণ উত্ৰাৱল কৰি থৈ যায় ।
.
আকাশৰ কলা ডাৱৰ বোৰো লাহে লাহে আঁতৰি গৈছে । সকলোতে এতিয়া শৰৎ শৰৎ লগা শাৰদীয় বতৰ । মোৰ হেঁপাহৰ শৰৎ ,তোমাক আন্তৰিকতাৰে স্বাগতম জনালোঁ ।
.
শৰৎ বুলিলেই মনলৈ আহে উৎসৱ মুখৰ পৰিৱেশ । শৰৎ হ’ল হেঁপাহৰ উৎসৱ । শৰতৰ আগমনীয়ে চৌদিশে আনন্দ ৰ লহৰ সিঁচৰতি কৰে দি যায় । শৰৎ ঋতুত প্ৰাণ পাই উঠে কবিৰ অনুভৱ। শাৰদী ৰাণীক লৈ কবি, গীতিকাৰ, সাহিত্যক সকলৰ বৰ্ণনাৰ অন্ত নাই , তেওঁলোকৰ কল্পনাই সৰগ ৰচে ।
.
শৰৎ সৌন্দৰ্য্য ৰ প্ৰতীক । শৰতৰ স’তে যেন শেৱালি ৰ এক আজন্ম সম্পৰ্ক । শেৱালিৰ সুবাসে শৰতৰ মাদকতা দুগুনে বঢ়ায় ।
.
পুৱতি নিশা শুভ্ৰ শেৱালিয়ে উকা চোতাল খন অধিক মোহনীয় কৰি তোলে । সেউজীয়া পথাৰ খনি ও যৌৱন প্ৰাপ্ত হয় শৰতৰ বুকুত ।
.
শৰৎ কেৱল এটা শব্দ বা ঋতু নহয় । শৰৎ হৈছে আনন্দৰ এখন নৈ, আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ প্ৰতীক ।
.
শৰৎ বুলি ক’লেই আপোনালোকৰ মনলৈ আহে নে এক অবুজ শিহৰণ ?
.
স্নিগ্ধ শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰে নে?
.
শেৱালি ফুলাৰ বতৰতে কঁহুৱা শুভ্ৰতাত আপোনালোক হৈ পৰে নে মোৰ দৰেই দিশহাৰা ?
.
দুৱৰিত বিচাৰি পাওঁ মই নিয়ৰৰ মুকুতা । দুবৰি বনৰ নিয়ৰৰ দলিছা গছকি শৰতৰ আগমন হয় । বিলীন হৈ যায় মন মোৰ সেই অপূৰ্ব সৌন্দৰ্য ত । শাৰদীয় জোনাকৰ স্নিগ্ধ পোহৰত হৃদয়ৰ অনুৰাগ প্ৰকাশিত হয় । দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিৰাই উপশিৰাই বৈ যায় শেৱালিৰ সুবাস ।
.
শেৱালি ক বিষাদৰ প্ৰতিক(true of sorrow ) বুলি কোৱা হয় । বিষাদৰ প্ৰতীক শেৱালিয়ে আমাক দি যায় সৃষ্টিশীলতা, শেৱালিৰ সুগন্ধিত প্ৰাণ পাই উঠে সকলো সম্ভাৱনাৰ অনুভৱ । শৰৎ যেন প্ৰতিশ্ৰুতি ৰ ঋতু । সেয়েহে শেৱালিক বাদ দি শৰতৰ কথা ভাবিব নোৱাৰি ।
.
নিৰ্মল আকাশৰ তলত শুকুলা মেঘৰ মাজত, উশাহ ত শেৱালিৰ সুবাস, কঁহুৱা ফুলৰ মন প্ৰাণ হৰি নিয়া নৈসৰ্গিক দৃশ্য । শৰৎ আহিলেই ফুলি উঠা কঁহুৱা বহুতৰেই মনৰ ভাষা । কিন্তু এই কঁহুৱাৰ নাই কোনো ব্যৱহাৰিক প্ৰয়োজন অথচ কঁহুৱা বিহীন গীত , কবিতা, প্ৰকৃতিৰ ৰূপ মাদকতা কোনোটোৱেই সম্পূৰ্ণ নহয় । বতাহত লহপহকৈ ফুলি নাচিবাগি থকা এই কঁহুৱা বোৰৰ মন বোৰ যেন অশান্ত।
.
কঁহুৱা এতিয়া মাথোঁ এটি আৱেগৰ নাম । নৈ পাৰত কঁহুৱাই কথা কয় । প্ৰেমিক প্ৰেমিকাৰ মনবোৰ কঁহুৱা ফুলৰ দৰেই উৰি ফুৰে কল্পনাৰ ৰাজ্যত । কঁহুৱা ফুলৰ এই গতিৰ নাই কোনো নিৰ্দিষ্ট ঠিকনা । মাথোঁ তাৰ মাজত বিচাৰি পোৱা যায় অনুভৱ ৰ বৰষুণ ।
.
শেৱালিৰ ফুলৰ দৰেই কঁহুৱা হৈ পৰে এলাগী । শেৱালিৰ দৰেই কঁহুৱা ৰ বুকুতো দুখ আছে । কঁহুৱা ৰ সৌন্দৰ্য বিচাৰিবলৈ পুনৰাই অপেক্ষা কৰিব লাগে আন এক শৰতৰ আগমনীলৈ ।
.
শৰতৰ কঁহুৱা ফুলে সকলোকে আলফুলে আদৰি লওঁক । শৰতৰ নিশাবোৰো আমেজ ভৰা আৰু অতি বিতোপন হৈ উঠক ।সকলোৰে মুখত বিৰিঙি উঠক এমুখ শেৱালি কোমল হাঁহি। আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ।