জীৱনৰ গধূলি পৰত
হাতৰ বেকা বেতৰ
লাখুটি দালৰ খট্ খট্ শব্দ ,
মই এতিয়া
চাৰি কুৰি বসন্তই গৰকা বৃদ্ধ ,
ধিমিক ধামাককৈ জ্বলিছে
জীৱনৰ চাকি ।
স্মৃতিৰ মলঙা পাত লুটিয়াই
জীৱনৰ তুলা চালনীত
পোৱা নোপোৱাৰ হিচাপ কৰি
কেতিয়াবা হাঁহো , কেতিয়াবা হুমুনিয়াহ কাঢ়ো
আহাঁ ! প্ৰিয়জন
আৰু অলপ আগুৱাই যাওঁ
হয়তো আৰু দুটি মান দৃশ্যৰ পাছতেই
হাঁহি আৰু কান্দোনেৰে
পঞ্জীভূত হৈ ৰোৱা
এই জীৱন নামৰ নাটক খনিৰ
যৱনিকা পৰিব !
জীৱনৰ কেকুৰিত
এৰি অহা মোৰ কবিতা
পাহৰনিৰ আন্ধাৰত
এটি জোনাকী পৰুৱা হৈ
ধিমিক ধামাক কৰি জ্বলি ৰৱ ।
এদিন সময়ৰ এৰা সূতিত
জঠৰ হৈ ৰব মোৰ সমগ্ৰ সত্তা,
আৰু জুইৰ লেলিহান শিখাৰ মাজত
মই হ'ম অতীত..