অপ্ৰত্যাশীত --- দাদুল ভূঞা

ভাগৰুৱা মন ভাগৰুৱা দুচকু তোমাৰ

অপেক্ষাত এটা নিৰ্জন ৰাতি ।

ৰাতিবোৰ জয়াল

নিসংগতাৰ দলিচাত হেৰাই সময়

যাযাবৰী জীৱন

অপ্ৰত্যাশীত সপোন;

ফুলো কি নুফুলুকৈ; ফুল ফুলে বুকুত অজস্র

ভালপোৱাৰ সপোনে

ডিঙা মেলি পালতৰে ।

হঠাত্ ধুমুহা আহে

ফুলবোৰ সৰি পৰে

এপাহি, দুপাহিকৈ!

থুপাই থোৱা

অশাবোৰ মৰহে

বেদনাই চানি দৰে বুকুৰ কোনোবা কোণত ।

বিষাদত উচুপে জীৱনৰ দীঘলীয়া বাট

অপ্ৰত্যাশীত ভাৱে সপোন ভাঙে জীৱনৰ

বাটত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089