অভিন্ন হৃদয় সমীক্ষা ----- সত্যজিত কাকতি

“গ‘ম পালোঁ দিয়া।ঐ তোমাৰ নতুন গার্ল ফ্ৰেইন্দ জনীৰ সৈতে মোকো চিনাকী কৰাই দিবাচোন।নহ'লে নাম্বাৰটোকে দিবা।“-সাগৰিকাই গতানুগতিক অভিমানত দিয়া কমন
মেছেজটো।আচলতে মই যে সাংঘাটিক স্বাভিমানী নিজেই অনুভৱ কৰোঁ ঘাইকৈ
সাগৰিকাৰ খালী হৈ থকা প্ৰেমিকৰ চীটটো দখল কৰাৰ পাছতহে।অভিমানী হৈ সাগৰিকাৰ ওপৰত খং কৰিবলৈ একপ্ৰকাৰেই সুযোগেই বিচাৰি ফুৰোঁ।তাই বুজি পাই।তাই হয়তো মোক অভিমানী কৰি তুলিবলৈ প্ৰবল অনুৰাগী। ময়ো সাগৰিকাৰ হৃদয়ত অভিমানৰ জুই একুৰা জ্বলাবলৈ পালে ভালেই পাইছিলোঁ।লগৰ কোনোবা এটা অগত্যা মোবাইলত বেলেঞ্চে কার্ফিউ ঘোষণা কৰিলে ১২১ ডাইল কৰি কৰি সাগৰিকাক ওৱেইটিং পোৱাওঁ।কি যে জ্বলিছিল তাই। “ৱাহ বেলেগ আউ,ঠিকেই কৰিছা মোক কাম কৰো বুলি কৈ বেলেগৰ লগত বিজি,এনেকুৱাহে প্ৰেমিক থাকিব লাগে।“ আদি মেছেজবোৰ আজিও ব্ৰেকাপ ফাইলৰ
কোনোবা এটা কোণত সক্ৰিয় হৈ আছে।

যি নহ‘লেও সাগৰিকাক ভাল পাইছিলোঁ,আজিও পাওঁ।সেই ভালপোৱা গভীৰতকৈ গভীৰ।ৰোমিও জুলিয়েটৰ দহগুন।এই গোটেইসোপা স্কুৱেৰৰ সমান সাগৰিকাৰ ভালপোৱা আছিল।তথাপিও কেতিয়াবা বাটে ঘাটে কোনোবা ৰূপহীক দেখিলে মনটো কিছু সলনি নোহোৱা নহয়।সাগৰিকাক ভণ্টি বুলি মনতে ভাবি লৈ নিজকে কল্পনাৰে সামান্য সময়ৰ বাবে হ'লেও সেই ৰূপহীৰ সতে....ধুৰৰ চাল্লা বদতমিজ দিল।

সাগৰিকাই কথাই কথাই কান্দি ভাল পাইছিল লাগেহ'লে চকুপানী ওলাওক বা নোলাওক মুঠতে তাই কান্দি ভাল পায়।বুজাবলৈ একো নাথাকে।তাই কান্দিলে কওঁ, “তোমাৰ কান্দোন ইমান ভাল লাগে নহয় এক্সপ্লেইন কৰিলে এন্দিঙেই নহ‘ব।আৰু অলপ জোৰকৈ কান্দা না,প্লীজ...।“অলপ কান্দোনৰ ভলিউয়ামটো বাঢ়ি যায় যদিও কান্দোনৰ লগত হাঁহিৰ মিশ্ৰিত শব্দ এটা শুনা পাওঁ।তাৰ পাছত অভিমানী সাগৰিকাৰ মোৰ ওপৰত অধিকাৰ দখল।

কলেজত যদি কোনোবা ল‘ৰাই সাগৰিকাৰ লগত লিলিমাই লগোৱাৰ উমান পাওঁ তেন্তে লগৰ কেইটাৰ সৈতে চতুর্থ বিশ্বযুদ্ধখন আৰম্ভ কৰিব খোজোৱেই।আত্মসন্মানৰ স্বার্থত কিবা এটা কমপ্ৰমাইজ কৰি লওঁ।এদিন এটাই মোক কৈছে বোলে-“ঘৰত থকালৈকে মালটো তোৰ মাইকী নহয়তো,তাইৰ ওপৰত এতিয়া সকলো ডেকাৰে...।“কথাষাৰ ক'বলৈ নাপালেই প্ৰচণ্ড চৰ এটা সুধালো তাক।
“কি অধিকাৰৰ কথা কৈছ বেহ?তোৰ ভনীয়েৰ বায়েৰ আছে নহয় সেইবোৰকো..“ ক‘বলৈ নাপালো ওচৰতে থকা নন্দিতাই হ'ব হ'ব বুলি কৈ মুখখন সোপা মাৰি ধৰিলে।
যিমান যি হওক কলেজৰ সাংস্কৃতিক সম্পাদক।ওখ ডাঙৰ চিক্স পেক নহ'লেও মোৰ কিন্তু সাংঘাটিক দম এটা আছিল।মাৰ খাবলে ভয় লাগে যদিও মৰিবলে ভয় নালাগে। সাগৰিকাৰ হেনো প্ৰথম প্ৰেম মই নহয় মোৰ কবিতাহে।সাগৰিকা মোৰ সংজ্ঞা
হেৰুওৱা কবিতাৰ প্ৰেমিকা।ভাবিবলৈ কিছু আচহুৱা যেন লাগে।এটা সময়ত পিছে মোৰ কবিতাক লৈ তাইৰ আপত্তি বাঢ়ি গৈছিল।“কবিতাটোৰ কথাখিনি সচাঁনেকি?,কবিতাটো মোৰ লগত নিমিলিল?“ইত্যাদি ধৰণৰ গোচৰসমূহৰ আব্দাৰ সুকীয়াকৈ আহিছিল।
“হেৰ তোক লৈয়ে কবিতা লিখি থাকিলে বাপেৰে অকাডেমী বটা দিব নেকি?“-ক‘বলৈ মন
যায়।সাহসহীনতাৰ বাবে কোৱা নহয়গৈ। জীৱনত সুখী হ‘ব পৰাকৈ,যৌৱনক সান্তনা দিব পৰাকৈ সাগৰিকাৰ দৰে প্ৰেমিকা এগৰাকী নিতান্তই প্ৰয়োজন।তাইৰ উচ্চাকাংক্ষী মানসিকতাই মোৰ বাবে প্ৰেৰণা,উৎসাহ সকলো আছিল।

সময়ৰ সতে খোজ মিলাই যাওঁতেই কলেজীয়া জীৱনৰ পৰা এদিন সাগৰিকা আঁতৰি আহিল।জীৱনৰ পৰা আঁতৰাৰ কথা কোৱা নাই।মই স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত নামভর্তি কৰিলোগৈ।সাগৰিকায়ো ঘৰতে থাকি পাইভের্ট কম্পিউটাৰিং কর্চ এটাত ব্যস্ত হৈ পৰিল।

সাগৰিকাৰ বাবে বিবাহৰ প্ৰস্তাৱসমূহ দিনক দিনে বাঢ়ি আহিল ।আৰু মোৰ এনে কথাবোৰৰ পৰা মনটো কিছু সলনি হৈ ভৱিষ্যতৰ বাস্তৱ জীৱনটোৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিলোঁ। আজিকালি সাগৰিকাই উচুপে,মোৰ ভাল নালাগে,সাগৰিকাই কান্দিলে মোৰহে চকুপানী নিগৰিবলৈ লৈছে। মোৰ প্ৰতিশ্ৰুতি আৰু মোৰ প্ৰতি থকা বিশ্বাসৰ বাবেই সাগৰিকা আজিও
অপেক্ষাৰত মোৰ বাবে। সাগৰিকাৰ জীৱনৰ কথা ভাৱি প্ৰায়েই তাইক কওঁ,
“তুমি বিয়া হৈ যোৱা,মোৰ লগত সংসাৰ কৰি তুমি সুখী হ'লেও সুখত থাকিব নোৱাৰা।তাতে মোৰ অলপ সময় লাগিব।“
“বিয়া হ'লেহে সুখত থাকিব পাৰি নেকি?তোমাৰ বাহিৰে কাৰো লগত বিয়াত বহাতো
মোৰ পক্ষে সম্ভৱ নহয়।কেইটা জনম পাৰ হ‘ব ঠিক নাই।“--সাগৰিকাই কয়।

:নহয় তুমি এবাৰ দকৈ ভাবিচোৱা।
:মই নহ'লে তুমি সুখী হ'ব পাৰিবা?
:পাৰিবও পাৰো।
:শপত?
:তোমাৰ শপত!
:হুহঁ মোৰ শপত মিছা কথাতহে খোৱা।মাৰ দেউতাৰ শপত?
:মা দেউতাৰ শপত।
:ঠিক আছে তেন্তে।গুডবাই।

ওৱাও ইমান খং?সচাঁকৈ মই বৰ বেয়াকৈ ক'লো নেকি?তাই বহুত আঘাট পালে কিন্তু।তাইতকৈ তো মইহে কথাষাৰ কওঁতে আঘাট পাইছোঁ।নিজৰ প্ৰয়োজনীয়তাখিনিকে পূৰাবলৈ অসমর্থ তেনেস্থলত সাগৰিকাক??ওঁহো মই সাগৰিকাক ভাল পাওঁ।সাগৰিকা
সুখী হোৱাটো বিচাৰোঁ।আনৰ লগত হ'লেও তাই হাঁহিলে ভাল লাগে।তাইৰ দূখ মোৰ কেতিয়াও সহ্য নহয়।

আজিকালি সাগৰিকা প্ৰেকটিক্যেল হৈ পৰিছে।আৱেগৰ ঠাইত বিৱেকক গুৰুত্ব
দিছে।ঠিকেই সাগৰিকাৰ দৰে বাস্তৱবাদী হ'বলৈ শিকা মানুহবোৰহে সুখী।তাই বেলেগ কাৰোবাৰ প্ৰেমত পৰা নাইতো? অবান্তৰ ধাৰণা। তাই মাথোঁ প্ৰকাশক কৃত্ৰিম কৰিব লৈছে।কিবা সলনি হৈছে যদি মোৰ হৈছে।তথাপি
সাগৰিকাক সিমানেই ভাল পাওঁ যিমান হয়তো সাগৰিকাই মোক ভাল নাপায়।
কিবা হেৰুৱাছোঁ যদি মইহে হেৰুৱাছোঁ।সাগৰিকাক মই প্ৰতাৰণা কৰিছোঁ নেকি?সাগৰিকাৰ সুখৰ কথা ভাবি তাইক যি ক'লো তাৰ পাছত তাই সুখী নে?সুখী হোৱাটো সম্ভৱেই নহয়।

ধুৰ চাল্লা! চাকৰি এটাৰ বাবে সাগৰিকাক এৰিব নোৱাৰোঁ।চাকৰি নহ'লে কি বিয়াহ পাতিব নোৱাৰি নেকি?অকলে ভৱিষ্যত গঢ়িব কিয় লাগে?সাগৰিকা দেখোন মোৰ সতে
সদায় থাকিব। চাৰি বছৰেই হ'ল সাগৰিকাৰ প্ৰেমিক পদবীত নিযুক্ত হৈ থকা।সাগৰিকাৰ বয়স ২৪বছৰ মান হ'লগৈ চাগে।মোৰো ২৫বছৰহে হৈছে।আজি বৌয়ে কোৱা কথা এষাৰ বাৰুকৈয়ে মনত পৰিছে, “সমবয়সৰ ছোৱালীক ভালপালে কোমল বয়সতে বিয়াহ পাতিব লাগিব“সচাঁকৈ বৌৰ কথাষাৰেই সচাঁ হ'বলৈ গৈ আছে।
সাগৰিকালৈ ফোন কৰোঁ।
:কি হ'ল কোৱা।
:আজি মই ঘৰলৈ যাম।
:তাতে কি হ'ল?
:তুমি ওলায় থাকিবা।তোমাকো নিম....
সমাপ্ত।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,306
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,490
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,216
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,084
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,687