অসমীয়া সন্ধি , অসমীয়া ভাষাৰ সন্ধি , সন্ধি ভাঙা , অসমীয়া ভাষাত সন্ধি, অসমীয়া ব্যাকৰণ সন্ধি , সন্ধি কাক বোলে , স্বৰ সন্ধি কাক বোলে , ব্যঞ্জন সন্ধি কাক বোলে , বিসৰ্গ সন্ধি কাক বোলে , সন্ধি কেই প্ৰকাৰৰ আৰু কি কি

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ৷

কোনো এটা শব্দৰ শেষ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয় ৷

সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?

সন্ধি তিনি বিধ –
১. স্বৰ সন্ধি ৷
২. ব্যঞ্জন সন্ধি ৷
৩. বিসৰ্গ সন্ধি ৷ বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয় ৷

স্বৰ সন্ধি কাক বোলে ? স্বৰ সন্ধিৰ উদাহৰণ দিয়া ?

স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় ৷

স্বৰ সন্ধিৰ উদাহৰণ –

জল + অধিপতি = জলাধিপতি ৷
হিম + অচল = হিমাচল ৷
আশা + অতীত = আশাতীত ৷
উমা + আনন্দ = উমানন্দ ৷

ব্যঞ্জন সন্ধি কাক বোলে ? ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া ?

ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ অথবা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয় ৷

ব্যঞ্জন সন্ধিৰ উদাহৰণ –

অনু + ছেদ = অনুচ্ছেদ ৷
দিক + অন্ত = দিগন্ত ৷
উৎ + ভিদ = উদ্ভিদ ৷
উৎ + লেখ = উল্লেখ ৷

বিসৰ্গ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?

স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত বিসৰ্গৰ মিলন হ’লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় ৷ বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় ৷

ব্যঞ্জন সন্ধিৰ উদাহৰণ –

নি: + চয় = নিশ্চয় ৷
নি: + ঠুৰ = নিষ্ঠুৰ ৷
পুৰ: + কাৰ = পুৰস্কাৰ ৷
নম: + কাৰ = নমস্কাৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,341
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,823
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,890
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,642
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,403