স্পেছিয়েল আলু পৰঠা আৰু বিৰিয়ানীৰ সুৱাদেৰে উৎফূল্লিত হৈ এটা মৃদু
সন্তুষ্টিপূৰ্ণ হাঁহিৰে 'পাঞ্জাব হোটেল'ৰ পৰা ওলাই আহিলো যোৱাকালি
ৰাতিপুৱা ন মান বাজিত । ৰাস্তাৰ সমীপত পাওতেই ৰৈ থকা এখন নতুন বগা এল্ট
কাৰৰ কাষেৰে দেখা পালো দুখন অসাধাৰণ ভৰি । কিছুদুৰ আগবাঢ়ি গৈ দেখিলো দুখন
হস্তীসদৃশ ভৰি লৈ অৱস হৈ বোকাতে বহি হাত পাতি থকা ব্যক্তি এজন । সকলোৰে
বাবে অত্যাৱশ্যকীয় বুলি বিবেচিত হোৱা ভৰি দুখন যেন তেওঁৰ বাবে হৈ পৰিছে
দূৰবোধ্য বোঁজা । গৈ তেওঁৰ ওচৰ পালোগৈ।
"কালি গোটেই ৰাতি বৰষুণত তিতিলো... তাতে আকৌ পুৱাৰ পৰা যিহে ৰদ দিছে !...
গাৰ শক্তিকণ একেবাৰে নাইকিয়াই হৈ গল...!"
এনেদৰে কৈ মোৰ প্ৰতি তেওঁৰ দুয়োখন হাত আগৱঢ়াই দি উঠাৰ চেষ্টা কৰিলে । মই
মোৰ আগ পকেটতে থকা কেচা পাচঁ টকাটো তেওঁৰ হাতৰ তলুৱা এখনত লাগো লাগোকৈ
থলো ।
"ওলাই আহিছো ইন্টাৰভিও আছে...!"
তেওঁ দূৰ্ভীক্ষ জ্বৰ্জৰিত এটা হাঁহিৰে সন্তুষ্টি প্ৰাপ্তি দেখুৱাই মোলৈ
বিদায়ৰ সাংকেতিক মূৰ জোকাৰিলে । তেওঁৰ মুখমণ্ডলত ভাঁহি উঠিল নিসংগতাৰ
পূৰ্ণ ছবি ।
...দৈৰি গৈ নগাওঁলৈ যোৱা বাচ এখনত উঠিলোগৈ...!!!
কিছুদূৰ গৈ হে অনুভৱ কৰিলো...'আমি প্ৰত্যেকেই যে একো একোজন অকলশৰীয়া ব্যক্তি ' ।
++++++++++++++++++++
কবি :: পল্লৱ কুমাৰ নাথ
কাকী, নগাওঁ