অৱক্ষয়ৰ উপত্যকা পাৰ হৈ --- কিশোৰ বড়ো

ইতিহাসৰ স’তে সময়ৰ নিবিড় ভালপোৱা
ইতিহাসৰ বুকুজুৰি বিগত দিনলিপিৰ সাঁচ

নিটোপল হাতত ঘড়ী
কেলেণ্ডাৰৰ চোলা
নিঃশব্দে নিৰলে
কক্ষপথ এটাৰে সময় আগুৱায়
কাৰো প্রতি সহৃদয়তা নাই

ইতিহাসৰ বুকুত অগ্নিপিণ্ড
নিশাহত এৰি দিয়ে কেৱল জুই

সকলোৰে আছে নিজাকৈ ঘৰ
বন্ধ কৰি থয় বুকুৰ দুৱাৰ
অনুৰাগ আৰু সমন্বয়ৰ কবিতাই
টক্ টক্ টক্ কৈ দুৱাৰত টুকুৰিয়ায়

অনাথ আশ্রমৰ মূধচৰ ওপৰত
শগুণৰ খিলখিল হাঁহি
ফুটপাথত ভোকৰ সূলভমুল্যৰ দোকান
বিৰাট শূন্য এটাৰ সোঁ-সোঁৱনি

তাঁৰ ছিগা গিটাৰ
ছেৰজা হৈ ইনাই-বিনায়
পুতলাই সুখবোধৰ আঁচলত বুৰ যায়

অফিচ-কাছাৰীত মেজাজি মহাশয়
টকাৰ চকা নলগালে
ফাইলবোৰ গতি নলয়
জেঠী এটাই ফাইলবোৰত কণীৰে
নতুন বৰণ লগায়
নিগনিয়ে কুটি কুটি ফাইলবোৰৰ ওজন কমায়

খোজ দিওঁ থমকিৰোৱা মেটেকা পুখুৰী
বোকাত ফুলা পদুমৰ হালে-জালে পাহি

অৱক্ষয়ৰ উপত্যকা পাৰ হৈ
জিলমিল সেউজীয়া উপত্যকা
ইয়াত ইমান কোমল উশাহ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,261
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,479
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,076
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:245