আই --- মৃদু জোনাক পয়োভৰ

আই ! সৰুতে যে গাইছিলি
সেই নিচুকনি গীততি
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
আকৌ এবাৰ গা চোন
তোৰ নিচুকনিত
কিজানিবা টুপনি যাম....

বাৰী লোৰোকোতে হুলে বিন্ধাত
উৰে ৰাতি যে উচুপিছিলো
তোৰ দুহাতৰ পৰশতেইটো
আৰোগ্য হৈছিলো মই
যৌৱনৰ বলীয়া বানত আজি
বিষাদ পূৰ্ণ মোৰ হৃদয়
বোলাই দে চোন
তোৰ দুহাতৰ পৰশ....

অংকৰ চাৰৰ বেতৰ কোবত
চেনা চেন হৈছিল যে মোৰ দুভৰি
তোৰ মৰমেই দেখোন শুকুৱাইছিল মোৰ ঘা
সময়ৰ প্ৰহাৰত আজি
শৰীৰত মোৰ অজস্ব্ৰ ঘা
আকৌ দে চোন আই
মৰম নামৰ হেই ঔষধকন.....

পিতাইৰ ৰঙা চকু দেখি
দুষ্টালি পাহৰি যে
তোৰ আঁৰ লৈছিলোগৈ
আজি হেজাৰ অচিন চিনাকী
ৰঙা চকু মোৰ সন্মুখত
দে না আই,
তোৰ চাদৰৰ আঁৰ লওঁ.....

সমনীয়াৰ সতে খেলোতে
ফাটিছিল যে মোৰ প্ৰিয় সেউজীয়া চোলাটো
তই সেইটো সি দিছিলি
আজি যৌৱনৰ প্ৰবল ধুমুহাত
নেচা নেচ মোৰ হৃদয়
আকৌ সি দে না আই........

+++++++++++++++++++++++++++++

কবি :: মৃদু জোনাক পয়োভৰ
ঠিকনা :: বকুলনী , দুলিয়াজান

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334