আঘোণী ঐ তই আকৌ আহিলি --- দাদুল ভূঞা

আঘণী ঐ তই আকৌ আহিলি
পথাৰৰ হালধীয়া হাঁহি এজাক হৈ।
কাতিৰ কঙালি পোচাকযোৰ খুলি,
বানে কঙাল কৰা পিতাইৰ বুকুত জোনাক
এমুঠি বিলাই।
আঘোণী ঐ ,
এইবেলি দুখবোৰ আতৰাই
সুখ এমুঠি দি যাবি।
মূল্যবৃদ্ধিয়ে দেউলীয়া কৰা কৃষক
পিতাইক,
এইবাৰ যেন দি যাবিহি
সুখৰ ঠিকনা!
কপালৰ ঘাম মাটিত পেলাই কৰা
খেতিৰ উচিত মূল্য।
নহ'লে কিদৰে জীয়াই থাকিব ক' কৃষক
পিতাই,
তেওঁৰটো সপোন আছে
আকাংক্ষা আছে জীয়াই থকাৰ ।
পিতাই গাঁৱলীয়া হোজা মানুহ
তেওঁক নালাগে চহৰৰ লাহ
বিলাসী জীৱন,
নালাগে কোটীটকীয়া অট্টালিকা
নাইবা দামী দামী গাড়ী,
নালাগে মন্ত্রী এম এল
এৰে দৰে সুখী জীৱন।
তেওঁক মাথো জীয়াই
থাকিবলৈ এমুঠি আহাৰ লাগে,
লাগে খেতিয়ক শ্রেণীৰ বুকুত এখন
শোষণবিহীন পৃথিৱী।
তেওক লাগে সমাজৰ আন শ্রেনীৰ লগত ,
সমানে উঠা বহা কৰাৰ এটা সুযোগ।
তেওঁ কার্ল মাক্সক অনুসৰণ কৰে
কার্ল মাক্সে কোৱাৰ
দৰে পূজিপতি দেশত
তেওঁ আজি শোষিত সৈনিক,
বুঢ়া গৰু থেলি থেলি
হাল বাই থকা এজন সাধাৰণ খেতিয়ক।
তেওঁক এলাগি নকৰিব,
তেওঁৰ হাততে জীয়াই আছে এখন
সেউজীয়া পৃথিৱী
জীয়াই আঁছো আপুনি বা মই!
তেওঁৰ
বাবেইতো আজি হালধীয়া হৈ আঘোণ
জিলিকেছে ভোগদৈ পথাৰত।
আঘোণী ঐ তোক লৈয়ে পিতাইয়ে
সপোনৰ এখন ৰঙীন ছবি আঁকে,
তোৰ হালধীয়া হাঁহি জাক চাইয়েটো,
পূজিপতিৰ দেশত জীয়াই আছে কৃষক
পিতাই।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,477
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,158
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,909
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,370
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,850