আঘোণ প্ৰেম তোমাক বিচাৰে --- ধনঞ্জয় কুৰ্মী

সোণগুটি আনিবৰ হ'ল
লখিমী আদৰিবৰ হ'ল
নিয়ৰে জোকাই জগাই মোক
আঘোণে নিচুকাই
এইবাৰ এইবাৰ
বিয়া পাতিম—
এইবাৰ এইবাৰ
তোমাক আনিম—

সোণোৱালী মন মোৰ
ধাননিতে নাচে
সৰু সৰু আলিৰ মাজতে বহি
লওঁ ৰবাবটেঙাৰ গোন্ধ
অ' সোণ
তুমি যদি থকা হয়—

ৰাতিপুৱাৰ কুঁৱলী
ফালি চিঙি যায় অ দাৱনি
দুওঁঠতে লৈ
চঞ্চলা হাঁহি
দুচকুতে বোৱাই
আঘোণী বাই
অ' সোণ
মন মোৰ উৰি যায়
তুমি যদি থকা হয়—

সন্ধিয়াৰ আগে আগে
নামি আহে শীতলী
ওভতে গৃহমুখী
পশ্চিমীয়া ৰ'দালিত
জিলিকি দাৱনি
অ' সোণ
ৰ'দ সনা মুখবোৰত
তুমি যদি থকা হয়—

আঘোণৰ কোঁহে কোঁহে
লেচেৰিৰ পাহে পাহে
পুৱা পৰীৰ জুনুকা বহি ৰয়
অ' সোণ তুমি যদি থাকাহয়
আলফুলে দুভৰিত দিলোঁ হয় পিন্ধাই—

অ' সোণ হিমপ্ৰিয়া
দহিকতৰা বুকুত জপিয়াই
এইবাৰ ভোগালী নিশা
তোমাক পলুৱাই আনিবৰ মন
সজাবৰ মন
দুয়োৰে অনাগত
শাওন সেউজীয়া সপোন ।
... ... ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,693
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,729
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,797
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,864
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723