আড্ডাঃ এক সামাজিক ব্যাধি --- কিশোৰ বড়ো

যৌৱনত ভৰি দিয়াৰ লগে লগে আড্ডা মৰাটো যুৱচামৰ অবিছেদ্য অংগ । সম্প্রতি প্রায়ভাগ কিশোৰ বা যুৱচামৰ আড্ডা মৰাটো চৰিত্ৰত পৰিণত হৈছে । মনকৰিবলগীয়া যে যুৱক সকলে প্রায়ভাগ সময়তে নিজৰ কাম কাজ,স্কুল-কলেজ বাদ দি হোটেল,ৰেষ্টোঁৰা,পাৰ্ক,দোকান নতুবা দোকানৰ আগত,আলিয়ে-পদূলিয়ে,তিনি আলি বা চাৰি আলিত জুম বান্ধি আড্ডা মৰা সম্প্রতি পৰিলক্ষিত হয় । ই পৰম্পৰাগত ভাবে অবিৰত চলিয়েই আছে । আমাৰ সমাজৰ ভবিষ্যত প্রজন্মৰ লগতে উঠি অহা কিশোৰ বা শিশুমনে যেতিয়া এনে আড্ডা মৰা প্রত্যক্ষ কৰে তেতিয়া সিহঁতেও অনুসৰণ কৰে । ই কুমলীয়া মনত বেয়াকৈ পোখা মেলিব । আমি এতিয়াই সজাগ নহলে ই আমাৰ সমাজখনক বাৰুকৈয়ে স্খলিত কৰিব । মাথোঁ আনন্দৰ খোৰাক লোৱাৰ বাবে যদি আড্ডাত ভাগ লয় তেতিয়া আড্ডা এক সামাজিক ব্যাধি ৰূপে পৰিগণিত হয় ।

গুস্তভ ইয়াঙে কৈছিল সকলো বস্তুৰে দুটা দিশ থাকে ।ভালকৈ ফহিয়াই চালে গম পোৱা যায় যে আড্ডৰো দুটা দিশ আছে । ই ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল । ইয়াক সৎ ব্যৱহাৰ নকৰাৰ বাবেই সমাজত এক ব্যাধি ৰুপে চিহ্নিত হৈছে ।উল্লেখযোগ্য যে আড্ডাই কবনোৱাৰাকৈ সমাজৰ ক্ষতি সাধন কৰিছে কিন্তু ভাবিব নোৱাৰাকৈ উপকাৰো কৰিব পাৰে ।

যদি আড্ডাৰ বিষয় বস্তু সৎ,তত্বগধুৰ,ঞ্জানৰ প্রয়োভৰ জন্ম দিব পৰা হয় তেনেহলে আড্ডা হৈ পৰিব সমাজৰ অমৃত । কিন্তু এনে আড্ডা যুবচামৰ সূদুৰ পৰাহত ।আজি-কালি যুবচামৰ আলোচ্য বিষয় বস্তু হ’ল প্রেম,অশ্লিলতা আৰু উচ্ছৃংখলতা । ক’ত,কাক,কেতিয়া ইভটিজিং কৰিব,যোৱাকালি কোনে ক’ত কি কৰিলে, কি ব্রেণ্ডৰ বিদেশী পানীয় সেৱন কৰিলে,কোনে কি গাড়ী-মোবাইল ললে,এইবোৰ বিষয় বস্তু লৈয়ে ঠায়ে ঠায়ে জুম বান্ধি আড্ডা মাৰে । পান-চিগাৰেট,দেশী-বিদেশী মদ,ড্রাগছ,নানা মাদক দ্রব্য সেৱন কৰি ক’ত কি কৰা যাব সেই বিষয় লৈয়ে আড্ডা মৰা পৰিলক্ষিত হয় ।যৌৱনৰ মূল্যবান সময় খিনি অনায়াসে অপচয় কৰে আজিৰ যুৱচাম । আনহাতে বৃদ্ধ-বনিতা সকলেওঁ ঠায়ে ঠায়ে আড্ডা মাৰে ।গধূলি সময়ত যি আড্ডাত মাৰে এনে আড্ডাৰ বিষয়বস্তু আনৰ সমালোচনা,পৰচৰ্চা আৰু পৰনিন্দা । কম সংখ্যক লোকেহে আড্ডাৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে । সেয়েহে আড্ডা এক সামাজিক ব্যাধি ৰূপে দেখা দিছে ।

আড্ডা জিৰণীও হব পাৰে ।কাম কৰা লোক সকলোৰ বাবে জিৰণীৰ বৰ প্রয়োজন ।আড্ডা মানসিক প্রফুল্লতা আৰু দেহৰ বাবে জিৰণীওঁ হব পাৰে ।নতুন উদ্যমেৰে কাম কৰিবলৈ হলে আড্ডা হৈ পৰে অতি দৰ্কাৰী ।ইয়াৰ বিষয় বস্তু সৎ হলে ই কেতিয়াওঁ আমাক ক্ষতিসাধন কৰিব নোৱাৰে । বংগদেশৰ দৰে আড্ডাৰ আলোচ্য বিষয় যদি নতুন চিন্তা-ভাৱনা,ঞ্জান বৰ্ধিত হোৱা বিভিন্ন সৎ কল্পনা হয় তেনেহলে আড্ডা আমাৰ সমাজৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিব ।ই সমজৰ এৰাব নোৱাৰা অংগ হৈ পৰিব ।

উল্লেখযোগ্য যে প্লেটোই ছক্ৰেটিছৰ স’তে আড্ডাত বহিয়েই মহান দাৰ্শনিক ৰূপে পৰিগণিত হৈছিল । ছক্ৰেটিছৰ পৰা তত্বগধুৰ কথাবোৰ ওলাই পৰিছিল তেওঁলোকৰ আড্ডাত ।তেওঁলোকৰ আড্ডাৰ আলোচ্য বিষয়বোৰ ক্ৰমে গণিত বিষয়ক,ইতিহাস বিষয়ক,দৰ্শন বিষয়ক,অৰ্থনীতি বিষয়ক আৰু ৰাজনীতি বিষয়ক আছিল । মুঠতে তেওঁলোকে আলোচনা কৰিছিল মানৱ জাতিৰ উৎকৰ্ষৰ বাবে,মানৱ জাতিক পোহৰৰ বাট দেখুৱাবৰ বাবে ।ইংৰাজী ভাষাৰ প্রথম অভিধান সৃষ্টি হৈছিল আড্ডাৰ পৰাই ।এই অভিধান খন লিখি উলিয়াইছিল ডক্তৰ ছেমুৱেল জনছনে ।ইংৰাজী সাহিত্যৰ শ্রেষ্ঠ জীৱনীখন জেইমছ বছবেলক লিখি উলিওৱাত সম্ভৱত পৰিণত কৰিছিল আড্ডাই ।ফ্রান্সৰ ৰাজধানী পেৰিছ মহানগৰীতআড্ডাৰ দ্বাৰাই লেনিনে ৰাছিয়াক স্বেচ্ছাছাৰী জাৰৰ শাসনৰ পৰা মুক্ত কৰিছিল ।পেৰিছৰ ৰেষ্টোঁৰা বিলাকত বিভিন্ন দেশৰ ৰাজনীতিবিদ,দাৰ্শনিক,সাহিত্যিক,সংগীতঞ্জ,অৰ্থনীতিবিদ,চিত্ৰকৰ আদিয়ে একলগহৈ বিভিন্ন উচ্চমান সম্পন্ন বিষয়ৰ ওপৰত আড্ডাত পৰ্য্যালোচনা কৰিছিল ।এই আড্ডাৰ পৰাই লেনিনে মানিক বোটলা দি বুটলিছিল সেই পণ্ডিত সকলোৰ মুখৰ সাৰগৰ্ভ কথাবোৰ ।লেনিনে সেই আড্ডাৰ কথাবোৰ কাৰ্যৰূপ দি ৰাছিয়াক জাৰৰ স্বেচ্ছাছাৰী শাসনৰ পৰা মুক্ত কৰিছিল ।

আমাৰ সমাজৰ আড্ডাবোৰ যদি সৎ,গঠনমূলক আৰু প্রয়োগাত্মক হয় তেনেহলে আড্ডা সমাজৰ ধ্রুৱতৰা স্বৰুপ হব ।আড্ডাৰ প্রয়োজন আমাৰ সমাজৰ বাবে ।আড্ডাই মানৱ জাতিৰ সৎ পথ প্রদৰ্শক হওঁক,বিপ্লৱৰো সূচনা কৰক ।এনে আড্ডা আমাক বৰ প্রয়োজন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,896
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,716
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,080
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,945