আত্মশ্লাঘা --- শ্ৰী কিৰণ খনিকৰ

শব্দ ব্ৰহ্ম । শব্দত সৃষ্টিৰ সম্ভাৱনা । শব্দেৰে নিৰ্মাণ কৰিব পাৰি চিন্তাৰ ভাস্কৰ্য । আমি কথাবোৰ জানো । অথচ প্ৰতিদিনে ক্ষয় কৰি নি আছো বহু শব্দৰ ধাৰালউচ্চাৰণ । আমি পঢ়োঁ, পৰীক্ষা দিওঁ, পৰীক্ষা পাছ কৰোঁ বা ফেইল কৰোঁ । পুথিগত শিক্ষাৰে আমি গৰ্বিত, উচ্চাকাংক্ষিত ; কিন্তু নিজৰ মানসিক প্ৰয়োজনবোধৰ প্ৰতি আমি উদাসীন । আমি কি কৰিব পাৰোঁ ? আমি একো কৰিব নুখোজোঁ । পৰিৱেশ পৰিস্থিতিত কিবা এক তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেও কোনোপধ্যেই আমাৰ সংযৌক্তিক চিন্তাৰ নিৰ্মিত কৰিব নোৱাৰোঁ বা নুখোজোঁ । কাক দাবী কৰিব পাৰে আপুনি কিবা এটা কৰক বুলি, যদিহে নিজেই একো কৰিব পৰা নাই !

মইও দাবী নকৰোঁ আপোনাক । মাথোঁ মোৰ চিন্তাৰ প্ৰকাশ কৰিব খুজিছোঁ আপোনাৰ সমুখত । মাধ্যম মূলতঃ কবিতা । মই এইয়াও দাবী নকৰোঁ যে কবিতা নামেৰে মই শব্দক শিল্পৰে সুষমামণ্ডিত কৰিব পাৰিছোঁ । মই কবি নহয় ৷ কবিতা মোৰ তেজৰ শিৰাই শিৰাই প্ৰৱাহিত নহয় ৷ কবিতা নামৰ এক শব্দৰ দৌল সাজিবলৈ মই প্ৰয়াস কৰোঁ ৷ দুহাত আকাশলৈ তুলি চিঞৰি উঠোঁ ' মই তোমাৰ ভালপাওঁ পৃথিৱী' ...