আত্মাৰ ত্ৰাস --- মুনমী ভট্টাচায্য

মোৰ দেহত শুভ্ৰতাৰ পয়োভৰ,

অথবা ৰঙা ফাকুৰে আৱৃত

মোৰ প্ৰত্যেক অংগ ।

গৰ্জন আৰু চিত্কাৰত

এটি এটিকৈ খহি পৰে

মোৰ সঁজাল বসন ।

সৰু সৰু ফুলবোৰে

চুপতি খেলি শিকিছিল

জীৱনৰ আদিপাঠ ।

হয় তেতিয়াই মৃত্যুয়ে

মাতিছিল ৰিঙিয়াই !

কান্দিছিল আত্মাই ।

শব্দৰ গৰ্জনত তালফাল

লাগিল ফুলবোৰৰ মাজত,

কোনোৰ দুচকুত ভাহি আহিল

বিচ্ছিন্ন মূৰে কৰা আৰ্তনাদ,

আজিও সেই ক্ৰন্দনৰ ধ্বনিত

উচুপে লেৰেলি যোৱা
কলিবোৰৰ হিয়াই ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,308
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,274
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,403
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,830
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,240