জীৱন নাটৰ বহুৱা হৈ
বহু দৰ্শকৰ মন মই
সংলাপেৰে জিনিছো
শেতা মুখত বিবিধ ৰং বোলাই
দুখৰ অশ্ৰু ঢাকিছো
নিসংগতাৰ হলাহলত মই
ভিতৰি ভিতৰি মৰিছো
তথাপিও ব্যৰ্থতাৰ আন্ধাৰে আৱৰি ৰখা জুপুৰিত
সুৰুজৰ প্ৰথম সোণালী ৰহণৰ বাবে
বাট চাই ৰই আছো..........
মোৰ দুচকুত অশ্ৰু বোলাই
কাৰ কিনো লাভ মই নাজানো
মৃত্যুৰ আগতে
উজ্বলতাক চোৱাৰ হেঁপাহ মোৰ!!
কেতিয়াবা কথা পাতো
বন্ধুৰ সতে
নতুবা নিসংগতাৰ কোলাত বহি
জীৱন নাটৰ সংলাপ আওৰাও
নিৰৱে, নিশব্দে।।