আমাক এখন ৰাজহুৱা শ্মশান লাগে --- ঋতুতপন বড়া

মনত পৰে শৈশৱত দাদা-বাইদেউ হঁতৰ সৈতে ফুৰিবলৈ যাওঁতে দেখা, ৰাস্তাৰ কাষত আৰু কাৰোবাৰ পদূলিত 'স্মৃতি-সৌধ'বুলি লিখা কিছুমান 'কংক্ৰিটস্ট্ৰাক্চাৰ' |
মন্ত্রমুগ্ধৰ দৰে বাচৰ খিড়িকীৰে বাহিৰৰ দৃশ্য চাই যোৱা মোৰ চকুত সেইয়া যথেষ্ঠ দৃষ্টিকটু আছিল | "তাতে কোনোবা দিনা চিতা জলিছিল"; ভাৱটো মনলৈ অহাৰ লগে লগে অলপ হ'লেও মোৰ গাৰ নোমবোৰ থিয় হৈ গৈছিল | দৃষ্টি ঘূৰাই আনিছিলো বাহিৰৰপৰা |

অন্যৰমনত, সোৱঁৰণিত সদায়ে থকাটো চাগৈ অত্যন্ত সাধাৰণ মানৱীয় ইচ্ছা | বন্ধুসুলভ 'মোক পাহৰি নাযাবা দেই'-ৰদৰে সৰু-সুৰা অনুৰোধৰ পৰা আৰম্ভ কৰি 'ইহজন্ম', 'পৰজন্ম'-ৰে জড়িত ধৰ্মীয় বিশ্বাস তথা পৰম্পৰা আদি সকলো এই চিৰন্তন, সাধাৰণ মানৱীয় ইচ্ছাৰ ভেটিঁতেই গজাকি জানি | নিজকে ‘অমৰ’ কৰা, অথবা কোনোবা বিশেষ জনক সোৱৰঁণিৰে অমৰ কৰাৰ ইচ্ছাই আমাৰ সামাজিক ৰীতি-নীতি আৰু জীৱন প্ৰণালীক গভীৰভাৱে প্ৰভাৱিত কৰে যেন বোধ হয় | ঐতিহাসিক তথা প্ৰাক-ঐতিহাসিক যুগত গঢ় লৈ উঠা বিভিন্ন সভ্যতাত আৰু আধুনিক যুগতো তাৰ প্ৰমাণ বিৰাজমান |

নিঃসন্দেহে এই মানৱীয় প্ৰয়াসৰ চূড়ান্ত ৰূপ ইজিপ্তৰ বৃহদাকাৰ পিৰামিডবোৰ | মৃতকৰ শৰীৰক 'মামীকৰণ'-ৰে সংৰক্ষণ কৰি, সুসজ্জিত-সুউচ্চ 'সৌধ' সাজি, কবৰত খোৱাবস্তু সাঁচি থৈ মৃত্যুৰ পিছতোআত্মাক "বচোৱা"ৰ বাবে যি বিশাল প্ৰচেষ্টা ইজিপ্তীয়ান সভ্যতাই যুগুতাইছিল; পিৰামিডবোৰ তাৰেই জ্বলন্ত প্ৰতীক |

ভাৰতীয় জনজীৱনতো পৰজন্মৰ, পুনৰ্জন্মৰ বিশ্বাসৰ প্ৰভাৱ বেচদৃঢ় আৰু গভীৰ| কৰ্মফল, পাপ-পূণ্য, চৌৰাশী নৰক ইত্যাদি ধাৰণাৰে পুষ্ট মানসিকতাৰে বেচিভাগ ভাৰতীয়ই নিজৰ পূৰ্বজৰ কুশল-মংগলৰ কাৰণে সাধ্যানুসাৰে বিভিন্ন ধাৰ্মিক কাৰ্য্য কৰাটো গতানুগতিক পৰম্পৰা | আমাৰ থলুৱা অসমীয়া সমাজ জীৱনতো এনেধৰণৰ ধাৰ্মিক প্ৰথাৰ চলন আছে | 'ন-পুৰুষৰ চাউল খোৱা', "মৃতকৰ বাৰ"-ত নতুন কাম আৰম্ভ নকৰা ইত্যাদি অসমীয়া দৈনন্দিন জীৱনৰ বহুল-প্ৰচলিত প্ৰথাৰ উদাহৰণ |

স্বাভাৱিকতেই আমি আমাৰ পূৰ্বজসকলক, যাক আমি চিৰপূজ্য বুলি গণ্য কাৰোঁ, তেওঁলোকৰ মৃত্যুৰ পিছতো তেওঁলোকৰ স্মৃতিসদায়ে চিৰস্মৰণীয় কৰিবৰ প্ৰয়াস কৰোঁ | আৰু সেয়াইএই বিষয়টো আৰু তাৰে জড়িত মোৰ শৈশৱৰ স্মৃতিমোৰ মনলৈ অকস্মাতে অহাৰ আচল কাৰণ |
যেতিয়াই মই কিছু মাহৰ মূৰে মূৰে ঘৰলৈ যাওঁ, মোৰ দীঘলী গাওঁখন আৰু জন্মস্থান ঘিলামৰাৰওচৰৰঅঞ্চলটোৰ পৰিৱৰ্তনবোৰ মোৰ চকুত স্পষ্টকৈ ধৰা পৰে | কিছুমানে মনত সুখ দিয়ে, আৰু কিছুমানে দিয়েকষ্ট | যোৱাকেইবাৰ ঘৰলৈ যাওঁতে মন কৰিছিলোঁ বাঢ়ি যোৱা 'স্মৃতি-সৌধ' বোৰ, কিছুমানৰ পদুলিমূৰত, কিছুমানৰ অকৌ একেবাৰে ঘৰৰ সমূখতে | বুজি নাপালোঁ মনত সুখ পালোঁ নে দুখ পালোঁ | হয়তো এক মিশ্ৰিত ভাৱবোধ হ'ল | চাবলৈ গ'লে, 'স্মৃতি-সৌধ' বোৰ এফালে প্ৰিয়জনৰ সোৱঁৰণিৰ প্ৰতীক; আৰু অন্যফালে প্ৰিয়জনক হেৰুওৱাৰ দুখৰ গভীৰতাৰো প্ৰতীক |

এনেয়ে মোৰমন গ'ল কথাটো অলপ গভীৰভাৱে ভাৱিবলৈ | আমাৰ সমাজতপৰম্পৰাগত ভাৱে মৰিশালিগাঁৱৰ পৰা আঁতৰত থাকে | কিন্তু ৰাজহুৱা শ্মশান নোহোৱাৰ বাবে, আৰু নিজৰ পূৰ্বজৰ স্মৃতিক অমৰ কৰাৰ প্ৰয়াসে তেওঁলোকক এনে কৰিবলৈ বাধ্য কৰাইছে হয়তো | একোটা সুন্দৰ গোঁসাই-ঘৰ, বা একোটা ধুনীয়া উষ্ণস্বাগতম জনোৱা বাট-চ'ৰাৰ সলনি যদিহে এনেধৰণে পদূলিমুখবোৰ'স্মৃতি-সৌধে'ৰে ভৰি পৰে, তেন্তে আমাৰ গাৱঁবোৰ, আমাৰ পদূলিবোৰ তেনেই আপচুঁ হৈ নপৰিবনে ?

সেয়ে ক'ব খুজিছোঁ, "আমাক একোখনৰাজহুৱা শ্মশান লাগে", য'ত সাধ্যানুসাৰে প্ৰিয়জনৰ সোৱঁৰণিৰ সন্মানত 'স্মৃতি-সৌধ' সজাৰ অনুমতি থাকিব | নহ'লে কিছু দশকৰ পিছত, আমাৰ গাওঁ আৰু অঞ্চলবোৰ, আৰু আমাৰ পদুলিবোৰ মিলি এখন কদৰ্য্য, বৃহৎ শ্মশানৰ ৰূপ নল'বনে ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,144
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,789
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,308
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,240
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,048