আমি বিশ্বাস কৰো সূৰ্যদয়ক,
যদিওঁবা ই লাহে লাহে উদয় হয় ৷
আমি বিশ্বাস কৰো বৰষুণক,
যদিওঁবা আকাশত ডাৱৰ আৱৰে ৷
আমি বিশ্বাস কৰো সঁচাক ,
যদিওঁবা আমি প্ৰত্যেকে মিছা কওঁ ৷
আমি বিশ্বাস ৰাখো জয়ত,
যদিওঁবা পদে পদে আমাৰ পৰীক্ষা হয় ৷
আমি বিশ্বাস কৰো দিঠকক,
যদিওঁবা সপোন দেখি ভাল পাওঁ ৷
আমি বিশ্বাস কৰো দৃঢ়তাক,
যদিওঁবা উগুল-থুগুল মন আমাৰ ৷
আমি বিশ্বাস ৰাখো প্ৰতিশ্ৰুতিত,
যদিওঁবা সময়ত বাৰিষাৰ ফুটুকাৰ ফেন হৈ বৈ যায় ৷
আমি বিশ্বাস কৰো একতাক,
যদিওঁবা সমাজত বিভাজনৰ শ্ৰেণী দেখা যায় ৷
আমি বিশ্বাস কৰো বিজ্ঞানক,
যদিওঁবা বিজ্ঞানৰ অপব্যৱহাৰ দেখা যায় ৷
আমি বিশ্বাস কৰো আধুনিকীকৰণত,
যদিওঁবা আমি পৰম্পৰা ৰক্ষা কৰো ৷
আমাক লাগে শান্তি,
যদিওঁবা যুদ্ধই পৃথিৱী কঁপাই ৷
মাৰামাৰি, হতাহতি যদিওঁ বা আমি ভাল নেপাওঁ,
কিয়বা আমাৰ খাম খেয়ালিতে সময় যায় ?
ভেকোভাওঁনা আৰু ফাং-ফুং হামি যে ভাল নেপাওঁ ,
তথাপি জালায়তিহে সমাজত
খোপনি পুতিবলৈ পায় ৷
আমাৰ বিশ্বাসত নিদিবা চেচাঁ পানী ঢালি,
থাকক আমাৰ বিশ্বাস জীয়াই ৷