আহা নৱবৰ্ষ তোমাক স্বাগতম --- প্রীতিৰেখা দাস

আহা নৱবৰ্ষ,

তোমাক স্বাগতম ।

তোমাৰ হাতত হাত থৈ

অনুশীলন কৰিম নতুন দিনৰ ৷

মোহাৰি পেলাম সৰাপাতৰ ডায়েৰীত লিখা

কজলা-কলিজাঁৰ দুঃখ ৷

আশাৰ তুলিকাৰে পুনৰ আঁকি লম

সুখৰ জীৱনৰ কেনভাছ ৷

আহা নৱবৰ্ষ ,

তুমি সজল কৰি তোলাহি

মোৰ শইচ সোণালী পথাৰ ৷

সিচি দিয়াহি এমুঠি সৃষ্টিৰ বীজ ৷

কালিলৈ যি আছিল

মোৰ অসফল জীৱনৰ বিষাদ আৰু শূন্যতা…

আজি তাত ভৰাই দিয়া

নতুন হেঁপাহ নতুন সপোন ৷

তোমাৰ অ’ তোমাৰ বুকুৰ সেউজ চিয়াহীৰে

মই আকৌ লিখিম জীৱনৰ আধালিখা কবিতাটো ৷

ভুলৰ সমাহাৰেৰে নহয়

হিয়াৰ সমষ্ট বিশ্বাসেৰে পুনৰ যাত্ৰা কৰিম

তুমি পোনাই দিয়া জীৱনৰ এই নতুন পথৰে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,266
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,905
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,366
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:801
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,916