ঈশ্বৰৰ ভুল --- দাদুল ভূঞা

মোক জন্ম দি ঈশ্বৰে ভুল কৰিছে

ভুল কৰিছে মোৰ জন্মদাতৃ আইয়ে,

ভুল কৰিছে মোৰ কৃষক পিতায়ে ।

তেওঁলোকেতো নাজানে জন্ম হোৱাৰ দুখ,

নিছিনে একবিংশ শতিকাৰ অসুখ ।

তেওঁলোকে নাজানে ছিঙিব ফুল গোলাপ

নাজানে পিন্ধিব অমানৱতাৰ পোচাক ।

পিতায়ে দেখা নাছিল অভাৱ

আয়ে পিন্ধা নাছিল দুখৰ পোচাক ।

গাৱঁৰ সেউজীয়া মাটিত

বিচাৰি পাইছিল

জীয়াই থকাৰ উশাহ ।

তেওঁলোকে ভোগা নাছিল ৰোগত

খোৱা নাছিল খাদ্যৰ নামত অখাদ্য ।

তেওঁলোকে দেখা নাছিল, জন্মনিৰোধকৰ

নামত অশ্চীল বিজ্ঞাপন,

দেখা নাছিল মুদ্রাৰ বিনিময়ত

বিক্রী হোৱা হৃদয় ।

বুজা নাছিল আধুনিক পৃথিৱীৰ ৰহস্যময়

বতৰা,

ভবা নাছিল একবিংশ শতিকাৰ ভবিষ্যত ।

সেয়ে আয়ে মোক জন্ম দিছিল,

লোকচক্ষুৰ আগত লজ্জিতা ন'হবলৈ ।

মই বিহীন আয়ে হয়তো কান্দিব

পিতায়ে উচুপিব নির্জণ ৰাতি

সমাজে হাঁহিব খিলখিল কৰি ।

তথাপি মই হয়তো দেখা নাপালো হেঁতেন

গেলা আর্বজনা, পংকিলতাৰে ভৰা

এই দুর্দশাগ্রস্ত,অভাৱগ্ৰস্ত পৃথিৱী ।

এবাৰলৈ হ'লেও নকলোহেঁ'তেন

মোক জন্ম দি ঈশ্বৰে ভুল কৰিলে ।

খাবলৈ নাপায় এবাৰলৈয়ো চিত্কাৰ

কৰি নকলোহেঁতেন!

মোক জন্ম দি

ভুল কৰিছে মোৰ জন্মদাতৃ আইয়ে

ভুল কৰিছে মোৰ কৃষক পিতায়ে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,160
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140