উজাগৰি নিশাৰ কবিতা --- পল্লৱ কুমাৰ নাথ

বৰফৰ দৰে চেঁচা হৈ থাকে তাৰ মনটো

সি শুব নোৱাৰে ...

চকুদুটা মুদি ওপৰলৈ চাই শুই পৰে,

টোপনি নাহে, সি শুব নুৱাৰে !

তাৰ দুচকুৰ তন্দ্ৰাত ভাহি আহি সমস্ত সেউজীয়া !

সি খিৰিকীখন খুলি আকাশলৈ চাই

বোবা হৈ যায় তাই চাৱনি

হৃদয়খন কঁপি উঠে !

আকাশত জোনটোৱে জিলিকি থকে তৰাৰ মাজত

তাৰ এবাৰ চুই চাবলৈ মন যায় বুকুৰ আমঠু !

সি দুৱাৰখনলৈ চাই সপোনে টোকৰ দিয়াৰ আশাত !

সি আকৌ শুই পৰে

টোপনি নাহে, সি শুব নোৱাৰে !

সি মাথো ৰৈ থাকে

উজাগৰি কবিতাৰ ছন্দ মিলাই

এটা নতুন পুৱা লৈ বাট চাই !

চকু মেলিয়ে যেন দেখা পাব ৰামধেনুৰ সাতোৰঙ !

এজাক শুৱনি চৰাইৰ কাকলিৰে

কেতিয়া মুখৰিত কৰিব...

নিমাওমাও পুৱা ??

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,892