উজাগৰী নিশা --- বিশ্বজিত নাথ

তোমাৰ অপেক্ষাত কটাইছো

বহু উজাগৰী নিশা

কেৱল তোমাৰ অপেক্ষাত

আজিও উজাগৰে আছো

তোমাৰ স্মৃতি বুকুত সাবটি

জানোছা তুমি আহাই

মোৰ উদংবুকু মৰমেৰে জীপাল কৰিবলৈ

টোপনিৰ আক্রমনত জর্জৰিত চকুৰ পতাযোৰ ক্রমে গধূৰ হ’বলৈ ধৰিছে কিন্ত তুমি অহা নাই এতিয়াও

নে এতিয়াও পৰি আছা অংগক্ষত হৈ নিসংগতাৰ সংগত

উৰিয়ামঘাটৰ কোনোবা নির্জন পথাৰত

মানসপটত ভাহি উঠিছে উৰিয়ামঘাতৰ সেই বর্বৰ দৃশ্য

কেনেদৰে অত্যাচাৰ কৰা হৈছিল মানবতাক

আজিও কপি উঠে কলিজা

চকুত ভাহি উঠিলে সেই দৃশ্য

খঙত,ক্ষোভত,দৃখত....

মন যায় ধৃতৰাষ্ট্রবোৰৰ শাসনৰ বাঘ জৰী উফৰাই পেলাম

পাতিম এক শান্তিৰ অসম

গঢ়িম এখন সোনৰ অসম ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,338
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,348
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,618
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,266
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,956