এক জানুৱাৰীৰ বৰষুণ --- কিশোৰ বড়ো

ঘড়ীৰ কাটাৰে

কেলেণ্ডাৰৰ পাতেৰে

পাৰ হ’ল বাৰটা মাহ

প্রতিনিতে পলে-অনুপলে নৰ তেজেৰে

সময়ে জুৰুলি জুপুৰি হ’ল

চৌদিশৰ চুকে কোনে

নাৰী নিৰ্যাতন হত্যা ধৰ্ষণ চলিল

পদবীৰ বাবে নেতা পালিনেতাৰ খোৱা কামোৰা

বোম বাৰুদৰ তেজৰ অবৰ্ণনীয় খেল

এডোখৰ মাটিৰ বাবে

ভাইয়ে ভাতৃৰ তেজেৰে গা ধুলে

প্রকৃতিৰ বৰ্বৰ ধংসলীলা চলিল

ভেৰোণীয়া জাকৰ অত্যাচাৰত

ক’ত নৰ-নাৰী আবাল-বৃদ্ধ ঘূণীয়া হ’ল

বহু মাতৃৰ কোলা উদং হ’ল

কিমান শুনিবি আৰ্তজনৰ চিৎকাৰ

কিমান শুনিবি বুকু ভঙা ক্ৰন্দন

আহাঁ এক জানুৱাৰীৰ বৰষুণ

তোমাৰ স্পৰ্শত উটি যাওঁক

সকলো কৰুণ স্মৃতি

তোমাৰ আগমণত গঢ়ি উঠক

শান্তিৰ অমিয়া সৌধ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,545
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,770
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,827
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,895