মই বন্ধুত্ব গঢ়িছো,
পোহৰ বিছাৰি ফুৰা এজাক মানুহৰ সতে ।
উদয়াচলৰ পিনে আঙুলি টোৱাই
প্ৰাপ্য বিছাৰি চিঞৰিছে সিহঁতে ।
আঠলুৱা পথাৰত হাল বাই বাই
ভোকত, হতাশাত দেহবোৰ কঠিন হৈ পৰা
মোৰ দেশৰ দুখিয়া কৃষকবোৰ দেখিছো খঙত কপিছে ।
মোৰ দেশৰ শ্ৰ্মিক বনুৱাবোৰ
দিন হাজিৰা যি বোৰৰ জীৱিকাৰ উপাই,
বন্ধ সংস্কৃতিয়ে যি বোৰক জুৰুলা কৰিছে,
যি বোৰক মাধমাৰ শোধাইছে মূল্যবৃদ্ধিয়ে,
দেখিছো সিহতবোৰো জাঙুৰ খাই উঠিছে ।
বাতে ঘাতে সকলোতে এপাল নমতা আলহি
বাৰে বাৰে প্ৰতাৰিত কিয় হয় চহাবোৰ ?
মোৰ দেশ যদি স্বাধীনেই হয়
তেন্তে পুনৰ কিয় দাবি উঠে স্বায়ত্ত শাষণৰ ?
মহাশয়,
শিক্ষিত বেকাৰ বোৰে যেতিয়া
মদৰ গিলাছত জীৱনৰ মাদকতা বিছাৰে,
নিশাৰ এন্ধাৰত মুখ লুকুৱাই
যেতিয়া ধৰ্ষিতা জীয়ৰীয়ে কান্দে,
গাড়ীৰ খুন্দাত যেতিয়া চতফতাই
ফুতপাথত শুই থকা মানুহবোৰে,
সমাজৰ উন্নতিৰ বৰ বৰ লেকচাৰ
তেতিয়া আপুনি কি দৰে দিয়ে ?
আঢ়ৈ টকীয়া ভাতৰ কথা কৈ আপুনি যেতিয়া
মোৰ দেশৰ দৰিদ্ৰ জনতাক উপহাস কৰে,
জাৱৰৰ দমত খাদ্য বিছাৰি ফুৰা
ৰাজনীতি নজনা মানুহ বোৰলৈ তেতিয়া চাৱ
আপোনাৰ প্ৰশংসাত মুখৰ হৈ উঠে সিহঁত ।
আপুনি যেতিয়া জাৱৰৰ দম চাই
আপোনাৰ ৰাজত্বত মোৰ দেশৰ উন্নতিৰ খতিয়ান দিয়ে,
তেতিয়া অনুগ্ৰ্হ কৰি চাৱ
ডাষ্টবিনত শুই থকা জাৰজ শিশু বোৰলৈ
কিদৰে আপোনাক তাচ্চিল্য কৰে সিহঁতে ।
এটুপি মাতৃদুগ্ধ নোপোৱা সেই শিশুবোৰে
সভ্যতাৰ মুখত থুৱাই দি
কি দৰে তিল তিল কৈ মৃত্যু বৰন কৰে ।
আপুনিতো কেতিয়াও পোৱা নাই চাগে
ৰিস্কা চলাই অথবা ঠেলা তানি ?
অৱশ্যে আপোনাৰ বুলেটপ্ৰুফ গাড়ীৰ
ভিতৰৰ পৰা আনে চলোৱা নিশ্চয় দেখিছে ।
বাজেতত থকা আলু পিয়াজৰ দামৰ লগত
এবাৰ ৰিজাই চাৱ চোন তেওলোকক
অথৱা আধামোন ধানেৰে সপ্তাহ তোৰ বজাৰ কৰা
খেতিয়ক বোৰলৈ এবাৰ চাৱ চকু মেলি ।
সৰু সৰু মানুহ বোৰৰ ৰান্ধনি শালতো
আলু পিয়াজৰ প্ৰয়োজন আছে মহাশয় ।
চতুৰ্থ শ্ৰেণীৰ কৰ্মছাৰি এজনক সুধিৱ আপুনি,
ল’ৰা তিৰোতাৰ মুখৰ পৰা কাঢ়ি নি
সন্ত্ৰাসবাদিক মাহেকিয়া ভাট্টা দিয়াৰ সময়ত
তেও কিমান কষ্টেৰে চেলুত দিয়ে
স্বাধীন ভাৰতৰ পতাকা খনক ।
মই বন্ধুত্ব গঢ়িছো সেই চাম মানুহৰ সতে
সিহঁত বোৰ পোহৰ বিছাৰি উন্মাদ হৈ পৰিছে ।